A A A A A

২ বংশাবলি 34:1-33
1. যোচিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল আঠ বছৰ; তেওঁ যিৰূচালেমত একত্ৰিশ বছৰ কাল ৰাজত্ত্ব কৰিছিল।
2. যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
3. কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে।
4. আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।
5. আৰু তেওঁ পুৰোহিতসকলৰ হাড়বোৰ তেওঁলোকৰ যজ্ঞবেদিৰ ওপৰত দগ্ধ কৰিলে আৰু যিহূদা আৰু যিৰূচালেম শুচি কৰিলে।
6. আৰু তেওঁ মনচিৰ, ইফ্ৰয়িমৰ আৰু চিমিয়োনৰ নগৰে নগৰে নপ্তালীলৈকে সকলো ফালে তেওঁলোকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে।
7. তেওঁ যজ্ঞবেদিবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা-প্ৰতিমাবোৰ গুড়ি কৰিলে আৰু ইস্ৰায়েল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য্য-প্ৰতিমাবোৰ কাটি পেলালে৷ তাৰ পাছত যিৰূচালেমলৈ উলটি আহিল।
8. তেওঁৰ ৰাজত্বৰ অষ্টাদশ বছৰত, দেশ আৰু গৃহ শুচি কৰাৰ পাছত, তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাচেয়াক আৰু যোৱাহজৰ পুত্ৰ যোৱাহ ইতিহাস লিখকক পঠিয়ালে।
9. এই হেতুকে তেওঁলোকে প্ৰধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ গ’ল আৰু ঈশ্বৰৰ গৃহলৈ অনা ৰূপ অৰ্থাৎ লেবীয়া দুৱৰীসকলে মনচি ইফ্ৰয়িম আদি ইস্ৰায়েলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহূদা আৰু বিন্যামীনৰ পৰা আৰু যিৰূচালেম নিবাসীসকলৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকে তেওঁলোকক শোধাই দিলে।
10. তেওঁলোকে যিহোৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে; পাছত কাৰ্য চলাওঁতা সকলে অৰ্থাৎ যিহোৱাৰ গৃহত কাম কৰাওঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে,
11. অৰ্থাৎ মিস্ত্ৰি আদি ঘৰ সাজোঁতাসকলক কটা-শিল আৰু বৰগাৰ কাঠ কিনিবলৈ আৰু যিহূদাৰ ৰজাসকলে নষ্ট কৰা ঘৰ বোৰৰ বাবে চতি বনাবলৈ সেই ধন দিলে।
12. আৰু সেই লোকসকলে বিশ্বাসীৰূপে কাৰ্য কৰিলে৷ আৰু মৰাৰীৰ সন্তান সকলৰ মাজৰ যহৎ আৰু ওবদিয়া এই দুজন লেবীয়া মানুহ তেওঁলোকৰ অধ্যক্ষ আছিল; আৰু কহাতৰ সন্তান সকলৰ মাজৰ জখৰিয়া, মচুল্লম আৰু বাদ্য বজোৱাত নিপুণ আন আন লেবীয়াসকল কাম চলাবৰ বাবে নিযুক্ত হৈছিল।
13. তেওঁলোক ভাৰ বওঁতাসকলৰ অধ্যক্ষ আছিল আৰু সকলো বিধৰ কাম কৰোঁতা সকলক চলাইছিল; আৰু লেবীয়া সকলৰ মাজত কোনো কোনো লিখক, কোনো কোনো শাসনকৰ্ত্তা আৰু কোনো কোনো দুৱৰী আছিল।
14. যিহোৱাৰ গৃহলৈ অনা ৰূপ তেওঁলোকে উলিওৱা সময়ত, হিল্কিয়া পুৰোহিতে মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা পুস্তকখন পালে।
15. আৰু হিল্কিয়াই লিখক চাফনক উত্তৰ দি ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” পাছত হিল্কিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে।
16. চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ’ল আৰু ৰজাৰ আগত বাতৰি দি ক’লে, “আপোনাৰ এই দাসবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে৷
17. আৰু আপোনাৰ এই দাসবোৰে যিহোৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি, কাৰ্য্যাধ্যক্ষ আৰু কাম কৰোঁতা সকলৰ হাতত দিলে।”
18. পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
19. তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে।
20. আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে,
21. “তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
22. পাছত হিল্কিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হস্ৰাৰ নাতি তকহঁতৰ পুত্ৰ বস্ত্ৰ-ভঁৰালী চল্লুমৰ ভাববাদীনী হুল্দাৰ ওচৰলৈ গ’ল; সেই সময়ত তেওঁ যিৰূচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল; আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক’লে।
23. তাতে তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ,
24. “যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
25. কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’”
26. কিন্তু যিহোৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহূদাৰ ৰজাৰ আগত এই কথা ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই,
27. এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
28. ‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।
29. তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহূদা আৰু যিৰূচালেমৰ বৃদ্ধ লোকসকলক গোট খোৱালে।
30. তাতে ৰজাই যিহূদাৰ আটাইলোক, যিৰূচালেম নিবাসীসকলক, পুৰোহিতসকল, লেবীয়াসকল আৰু সৰু-বৰ সমুদায় প্ৰজাক লগত লৈ যিহোৱাৰ গৃহলৈ উঠি গ’ল; আৰু যিহোৱাৰ পৰা পোৱা নিয়ম-পুস্তকখনৰ সকলো বাক্য ৰজাই লোকসকলক পঢ়াই শুনুৱালে।
31. পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।
32. আৰু যিৰূচালেম আৰু বিন্যামীনৰ যিমান লোক উপস্থিত আছিল, তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে; তাতে যিৰূচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে।
33. যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।

২ বংশাবলি 35:1-27
1. পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
2. তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
3. আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
4. আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
5. আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
6. তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
7. যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
8. আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
9. আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
10. এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
11. পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
12. মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
13. পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
14. পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
15. আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
16. এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
17. এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
18. চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
19. যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
20. এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
21. কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
22. তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
23. তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
24. তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
25. আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
26. যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
27. আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।

২ বংশাবলি 36:1-23
1. পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
2. যোৱাহজে তেইশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ ৰাজত্ব কৰিলে।
3. মিচৰৰ ৰজাই যিৰূচালেমত তেওঁক ৰজাৰ পদৰ পৰা আতৰাই, দেশৰ ওপৰত এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ দণ্ড কৰিলে।
4. তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।
5. যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
6. তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।
7. আৰু নবূখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
8. চোৱা, যিহোয়াকীমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা ঘিণলগা কাৰ্যবোৰ আৰু তেওঁত পোৱা দোষৰ কথা ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ যিহোয়াখীন তেওঁৰ পদত ৰজা হ’ল।
9. যিহোয়াখীনে ওঠৰ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত তিনি মাহ দহ দিন ৰাজত্ব কৰিলে৷ তেওঁ যিহোৱাৰ সাক্ষাতে কু-অচৰণ কৰিলে।
10. পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
11. চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।
12. তেওঁ তেওঁৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁ যিহোৱাৰ বাক্য প্ৰকাশ কৰোঁতা ভাববাদী যিৰিমিয়াৰ আগত নিজকে নম্ৰ নকৰিলে।
13. আৰু যি ৰজা নবূখদনেচৰে তেওঁক ঈশ্বৰৰ নামেৰে শপত কৰাইছিল, তেওঁ সেই ৰজাৰ অহিতে বিদ্ৰোহীও হ’ল৷ তেওঁৰ ডিঙি থৰ আৰু মন কঠিন কৰি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰিবলৈ মান্তি নহ’ল।
14. বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।
15. তথাপি তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাই নিজ প্ৰজাসকললৈ আৰু নিজৰ নিবাসৰ ঠাইলৈ মৰম লাগি, অতি যত্নেৰে নিজৰ দূতবোৰক তেওঁলোকৰ গুৰিলৈ পঠিয়াই আছিল;
16. কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
17. এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।
18. আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
19. আৰু তেওঁৰ লোকসকলে ঈশ্বৰৰ গৃহ পুৰি ভষ্ম কৰিলে, যিৰূচালেমৰ গড় ভাঙিলে, তাৰ আটাই অট্টালিকাবোৰ জুইৰে পুৰি পেলালে আৰু তাত থকা সকলো মনোহৰ পাত্ৰবোৰ নষ্ট কৰিলে।
20. আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকসকলক তেওঁ বাবিলললৈ লৈ গ’ল৷ তাতে পাৰস্য ৰাজ্য স্থাপন নোহোৱালৈকে, সেই লোকসকলক ৰজাৰ আৰু তেওঁৰ পুত্ৰৰ দাস হৈ থাকিল৷
21. যিৰিমিয়াৰ মুখে কোৱা যিহোৱাৰ বাক্য সাম্ফল কৰিবৰ অৰ্থে, দেশে নিজৰ ভোগ কৰিব লগীয়া বিশ্ৰাম-কাল ভোগ নকৰিলে অৰ্থাৎ লোকসকল তেওঁৰ আৰু তেওঁৰ সন্তান সকলৰ দাস হৈ থাকিল৷ সত্তৰ বছৰ পূৰ কৰিবলৈ দেশ নিজৰ উচ্ছন্ন হোৱা সকলো কালত বিশ্ৰাম ভোগ কৰিলে।
22. পাছত পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰত, যিৰিমিয়াৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যৰ সিদ্ধিৰ বাবে, যিহোৱাই পাৰস্যৰ কোৰচ ৰজাৰ মন উদগালে৷ তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননী লিখি, এই আজ্ঞা প্ৰচাৰ কৰিলে৷ তেওঁ ক’লে,
23. “পাৰস্যৰ ৰজা কোৰচে এই কথা কৈছে: স্বৰ্গৰ ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে৷ তেৱেঁই যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোক ভাৰ দিলে। তেওঁৰ সকলো প্ৰজাসকলৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক৷ আৰু সেই দেশলৈ তেওঁ উঠি যাওঁক।”

সামসঙ্গীত 86:1-5
1. হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
2. মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
3. হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
4. তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
5. হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।

প্রবচন 21:13-14
13. যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
14. গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।

পাঁচনি 21:13-14
13. তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
14. তাতে পৌলে আমাৰ কথা গ্রহণ কৰিবলৈ নিবিচৰাত, আমি ক্ষান্ত হলোঁ আৰু কলোঁ, “প্ৰভুৰ যি ইচ্ছা সেয়ে হওক।”