A A A A A
एक साल में बाइबल
जुलाई 18

২ বংশাবলি 32:1-33
1. এই সকলো কাৰ্যৰ আৰু বিশ্ৱস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
2. হিষ্কিয়াই যেতিয়া চনহেৰীব অহা আৰু যিৰূচালেমৰ বিৰুদ্ধে তেওঁৰ যুদ্ধ কৰিবৰ মন থকা দেখিলে,
3. তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে; তাতে তেওঁলোকে তেওঁক সহায় কৰিলে।
4. তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক’লে,অচূৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব?”
5. এনেতে হিষ্কিয়াই সাহেৰে ভগা চিগা গড়বোৰ মেৰামত কৰি, ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে; আৰু বাহিৰত আন গড় সাজি দায়ুদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে।
6. তেওঁ লোকসকলৰ ওপৰত সেনাপতিসকল নিযুক্ত কৰিলে৷ নগৰৰ দুৱাৰৰ ওচৰৰ মুকলি ঠাইত নিজৰ ওচৰত তেওঁলোকক গোটাই উৎসাহ দি তেওঁ এই কথা ক’লে,
7. “তোমালোকে বলৱন্ত আৰু সাহসিয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্য সমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
8. তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
9. তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷
10. “অচুৰৰ ৰজা চনহেৰীবে এই কথা কৈছে, ‘তোমালোকে কাৰ ওপৰত নির্ভৰ কৰি যিৰূচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা?
11. আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰজা অচুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব, এই কথা কৈ হিষ্কিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে?”
12. সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?”
13. মই আৰু মোৰ ওপৰ-পিতৃসকলে দেশবোৰৰ আটাই জাতিক কি কৰিলোঁ, সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল?
14. মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
15. এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।
16. চনহেৰীবৰ দাসবোৰে আনকি ঈশ্বৰ যিহোৱাৰ আৰু তেওঁৰ দাস হিষ্কিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক’লে।
17. আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতি সমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”
18. তাৰ পাছত তেওঁলোকে নগৰ অধিকাৰ কৰি লোৱাৰ ছলেৰে, যিৰূচালেমৰ গড়ৰ ওপৰত থকা লোকসকলক ভয় দেখুৱাবলৈ আৰু বিহ্বল কৰিবলৈ ইব্ৰী ভাষাৰে তেওঁলোকলৈ বুলি বৰকৈ চিঞঁৰিবলৈ ধৰিলে।
19. আৰু পৃথিবীত থকা আন জাতি সমূহৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা, সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে যিৰূচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক’লে।
20. পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
21. তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
22. সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।
23. তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতি সমূহৰ দৃষ্টিত মহান হ’ব।
24. সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
25. কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
26. অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।
27. হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷
28. আনকি তেওঁৰ শস্যৰ, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ-ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে।
29. লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।
30. এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
31. কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।
32. হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
33. পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।

২ বংশাবলি 33:1-25
1. মনচিয়ে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল বাৰ বছৰ; তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিলে।
2. আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতি সমূহক দূৰ কৰিছিল, তেওঁলোকৰ সকলো ঘিণলগা কাৰ্যৰ দৰে তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।
3. কিয়নো তেওঁৰ পিতৃ হিষ্কিয়াই ভাঙি পেলোৱা ওখ ঠাইবোৰ তেওঁ পুনৰাই সাজিলে; আৰু তেওঁ বাল দেৱতাৰ উদ্দেশ্যে যজ্ঞবেদীবোৰ স্থাপন কৰিলে, আচেৰা মুৰ্ত্তিবোৰ সাজিলে আৰু আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱা পুজা কৰিলে।
4. আৰু যিহোৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে, “মোৰ নাম যিৰূচালেমত চিৰকাললৈকে থাকিব,” যিহোৱাৰ সেই গৃহত তেওঁ কেইটামান বিদেশী দেৱতাৰ যজ্ঞ বেদী নিৰ্ম্মাণ কৰিলে।
5. এইদৰে তেওঁ যিহোৱাৰ গৃহৰ দুয়োখন চোতালত আকাশ-মণ্ডলৰ সকলো বাহিনীসকলৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
6. আৰু তেওঁ নিজৰ সন্তান সকলক হিন্নোমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি যাত্ৰা কৰালে; গণকৰ কাৰ্য কৰিলে, লক্ষণ চালে, মায়া কৰ্ম কৰিলে আৰু ভূত পোহা আৰু গুণমন্ত্ৰ জনাসকলক লগালে৷ যিহোৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কু-আচৰণ কৰিলে।
7. আৰু তেওঁ নিজে কৰা এটা প্ৰতিমা ঈশ্বৰৰ গৃহত স্থাপন কৰিলে৷ সেই গৃহৰ বিষয়ে ঈশ্বৰে দায়ুদক আৰু তেওঁৰ পুত্ৰ চলোমনক কৈছিল, বোলে, “ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা এই যি গৃহ আৰু যিৰূচালেম মই মনোনীত কৰিলোঁ, ইয়াত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম;
8. আৰু মই তেওঁলোকক দিয়া সকলো আজ্ঞা, অৰ্থাৎ মোচিৰ হতুৱাই দিয়া গোটেই ব্যৱস্থা আৰু বিধি ও শাসন-প্ৰণালীবোৰ যদি তেওঁলোকে পালন কৰে আৰু সেই অনুসাৰে কাৰ্য কৰে, তেনেহলে মই তোমালোকৰ ওপৰ-পিতৃসকলৰ বাবে নিৰূপণ কৰা দেশৰ পৰা ইস্ৰায়েলৰ ভৰি আৰু নুগুচাম।”
9. তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
10. আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
11. এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাঁকোটা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
12. তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
13. তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে আৰু বিনয় কৰিবলৈ ধৰিলে; ঈশ্বৰে তেওঁৰ বিনয় শুনি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে আৰু তেওঁক পুনৰাই যিৰূচালেমত তেওঁৰ ৰাজ শাসনলৈ ঘূৰাই আনিলে৷ তেতিয়া যিহোৱাইহে যে ঈশ্বৰ তাক মনচিয়ে জানিলে।
14. তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।
15. আৰু তেওঁ যিহোৱাৰ গৃহৰ পৰা বিজাতীয় দেৱতাবোৰ, প্ৰতিমাটো আৰু যিহোৱাৰ গৃহৰ পৰ্বতত আৰু যিৰূচালেমত নিজে নিৰ্ম্মাণ কৰা যজ্ঞবেদিবোৰ গুচাই নগৰৰ বাহিৰলৈ আনি দুৰৈত পেলাই দিলে।
16. তেওঁ যিহোৱাৰ বেদী মেৰামত কৰি তাৰ ওপৰত মঙ্গলাৰ্থক বলি আৰু ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ যিহূদাক আজ্ঞা দিলে।
17. তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।
18. চোৱা, মনচিৰ অৱশিষ্ট বৃত্তান্ত, নিজ ঈশ্বৰৰ আগত তেওঁ কৰা প্ৰাৰ্থনা আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁৰ আগত কোৱা দৰ্শকসকলৰ বাক্য, ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
19. আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
20. পাছত মনচি তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁৰ ঘৰৰ ভিতৰতে তেওঁক মৈদাম দিলে৷ তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
21. আমোনে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স বাইশ বছৰ আছিল৷ তেওঁ যিৰূচালেমত দুবছৰ কাল ৰাজত্ব কৰিলে।
22. তেওঁৰ বাপেক মনচিয়ে কৰাৰ নিচিনাকৈ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁৰ পিতৃ মনচিয়ে কৰা আটাই কটা-প্ৰতিমাৰ উদ্দেশ্যে তেওঁ বলিদান কৰিলে আৰু সেইবোৰক সেৱা-পুজা কৰিলে।
23. আৰু তেওঁৰ পিতৃ মনচিয়ে যেনেকৈ নিজকে নম্ৰ কৰিছিল, তেনেকৈ তেওঁ যিহোৱাৰ সাক্ষাতে নিজকে নম্ৰ নকৰিলে৷ কিন্তু এই আমোনে দোষৰ ওপৰি দোষ কৰিলে।
24. পাছত তেওঁৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰি তেওঁৰ গৃহতে তেওঁক বধ কৰিলে।
25. কিন্তু দেশৰ লোকসকলে আমোন ৰজাৰ বিৰুদ্ধে চক্ৰান্ত কৰা সকলোকে বধ কৰিলে; আৰু দেশৰ লোকসকলে তেওঁৰ পুত্ৰ যোচিয়াক তেওঁৰ পদত ৰজা পাতিলে।

সামসঙ্গীত 85:8-13
8. ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
9. তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
10. গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
11. দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।
12. যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
13. ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।

প্রবচন 21:12-12
12. যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।

পাঁচনি 20:17-38
17. পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
18. তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
19. আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ
20. আৰু কেনেকৈ আপোনালোকৰ আগত, কোনো হিত কথা কবলৈ আৰু সৰ্ব্বসাধাৰণৰ আগত আৰু ঘৰে ঘৰে আপোনালোকক উপদেশ দিবলৈ পাছ নুহুহকিলো,
21. আৰু ঈশ্বৰলৈ মন-পালটন আৰু প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বিষয়ে ইহুদী আৰু গ্ৰীক সকলক সাৱধান কৰি তেওঁলোকৰ আগত সাক্ষ্য দিলোঁ; সেই সকলো বিষয় আপোনালোকে নিজে জানিছে।
22. আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
23. কেৱল ইয়াকে জানিছোঁ যে, বন্ধন আৰু ক্লেশে মোলৈ বাট চাই আছে বুলি পবিত্ৰ আত্মাই নগৰে নগৰে মোক সাক্ষ্য দিছে।
24. কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাৰ বিষয়ে সাক্ষ্য দিয়া আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীচুৰ পৰা পোৱা মোৰ যি পৰিচৰ্যাৰ কাৰ্য, সেই কার্য সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গলে, মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোতে গণ্য নকৰোঁ।
25. এতিয়া চাওক, যি সকলৰ মাজত মই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রচাৰ কৰি ফুৰিলোঁ, সেই সকলৰ মাজত, আপোনালোকে মোৰ মুখ ইয়াৰ পাছত যে দেখিবলৈ নাপাবা, ইয়াকো মই জানিছোঁ।
26. এই হেতুকে মই যে আটাইৰে তেজৰ পৰা নিৰ্দোষী, ইয়াৰ সাক্ষ্য আজি দিছোঁ;
27. কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ পাছ নুহুহকিলো।
28. আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
29. মই যোৱাৰ পাছত, দূৰ্জন ৰাংকুকুৰবোৰে আপোনালোকৰ মাজত সোমাই, জাকলৈ নিৰ্দয় আচৰণ কৰিব;
30. আৰু আপোনালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই, সিহঁতৰ পাছে পাছে শিষ্য সকলক আকৰ্ষণ কৰি বিপথে নিবলৈ বিচাৰিব, ইয়াক মই জানিছোঁ।
31. এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
32. এতিয়া, যি ঈশ্বৰে আপোনালোকক বিশ্বাসত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰীকৃত হোৱা সকলৰ মাজত উত্তৰাধীকাৰ দিব পাৰে, তেওঁলৈ আৰু তেওঁৰ অনুগ্ৰহৰ বাক্যলৈ আপোনালোকক সমৰ্পন কৰি দিলোঁ।
33. মই কাৰো ৰূপ বা সোণ বা কাপোৰত লোভ কৰা নাই।
34. মই আৰু মোৰ সঙ্গী সকলৰ প্ৰয়োজনলৈ মোৰ এই হাতেৰে উপার্জন কৰি সেৱা কৰিলোঁ, এই বিষয়ে আপোনালোকে নিজে জানে।
35. সকলো বিষয়তে মই আপোনালোকক আৰ্হি দেখুৱালোঁ; আপোনালোকে সেইদৰে পৰিশ্ৰম কৰি, দূৰ্বল সকলক উপকাৰ কৰা উচিত আৰু প্ৰভু যীচুৰ বাক্য সোঁৱৰা উচিত৷ তেওঁ নিজে কৈছিল- “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”
36. এইবোৰ কথা কোৱাৰ পাছত, তেওঁ আঁঠু লৈ সকলোৰে সৈতে প্ৰাৰ্থনা কৰিলে৷
37. পাছত সকলোৱে বৰ ক্ৰন্দন কৰিলে আৰু পৌলৰ ডিঙিত ধৰি চুমা খালে৷
38. “মোৰ মুখ আৰু দেখিবলৈ নাপাব” বিশেষকৈ এই কথাৰ কাৰণে তেওঁলোকে গভীৰভাৱে শোক কৰিলে; পাছত তেওঁক জাহাজলৈকে আগবঢ়াই থৈ আহিল।