A A A A A

২ বংশাবলি 30:1-27
1. পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।
2. কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।
3. প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
4. এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।
5. এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
6. পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
7. তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।
8. তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
9. কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”
10. পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।
11. তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।
12. তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
13. পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।
14. আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।
15. পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
16. তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।
17. কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
18. কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
19. যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
20. সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
21. এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
22. আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
23. পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।
24. কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
25. আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
26. এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
27. পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।

২ বংশাবলি 31:1-21
1. এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
2. আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
3. আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।
4. আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।
5. এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
6. আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
7. তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।
8. যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
9. তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।
10. তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”
11. তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।
12. তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।
13. আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।
14. আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।
15. তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।
16. যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।
17. আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
18. আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।
19. আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।
20. হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
21. আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।

সামসঙ্গীত 85:1-7
1. হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।
2. তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
3. তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
4. হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
5. তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
6. তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
7. হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।

প্রবচন 21:9-11
9. দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।
10. দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
11. যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।

পাঁচনি 20:1-16
1. পাছত সেই হাই-উৰুমি শান্ত হোৱাত, পৌলে শিষ্য সকলক পঠিয়াই লোক সকলক উৎসাহিত কৰিলে আৰু বিদায় লৈ মাকিদনিয়ালৈ যাবৰ বাবে ওলাল।
2. পাছত সেই অঞ্চলেদি ফুৰি, বিভিন্ন কথাৰে শিষ্য সকলক উদগণি দি, তেওঁ গ্ৰীচ দেশ পালেগৈ।
3. তাত তিনি মাহ থাকি, সমুদ্ৰ-পথেদি চিৰিয়া দেশত যাবলৈ উদ্যত হোৱাত, ইহুদী সকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ তেতিয়া তেওঁ মাকিদনিয়াইদি উলটি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।
4. তাতে কিছুমান ব্যক্তিও তেওঁৰ লগত যাবলৈ ওলাল। বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ গায় আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই কেইজন লোক এচিয়ালৈকে তেওঁৰ লগত গ’ল।
5. কিন্তু এওঁলোকে আগবাঢ়ি যোৱাত, ত্রোৱাত আমালৈ ৰৈ আছিল।
6. পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
7. আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
8. তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
9. তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
10. তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”
11. ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
12. পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।
13. পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
14. আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
15. ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।
16. কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।