A A A A A
एक साल में बाइबल
जुलाई 15

২ বংশাবলি 25:1-28
1. অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
2. যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।
3. তেওঁ ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰায় ভালদৰে স্থাপিত কৰাৰ পাছত, তেওঁৰ পিতৃ ৰজাক বধ কৰা নিজৰ দাসবোৰক তেওঁ বধ কৰিছিল।
4. কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
5. তদুপৰি অমচিয়াই যিহূদাক এক গোট কৰিছিল আৰু গোটেই যিহূদা আৰু বিন্যামীনৰ পিতৃবংশ অনুসাৰে সহস্ৰপতি আৰু শতপতিসকলৰ অধীনত লোকসকলক শৃংখলাকৈ ৰাখিছিল। বিশ বছৰতকৈ অধিক বয়সীয়া লোকসকলক হিচাব কৰিলে, আৰু যাঠী-ঢাল ধৰি যুদ্ধলৈ যাব পৰা তিনি লাখ মনোনীত লোকক বিচাৰি পাইছিল।
6. তেওঁ এশ কিক্কৰ ৰূপ বেচ হিচাবে দি ইস্ৰায়েলৰ পৰা এক লাখ পৰাক্ৰমী বীৰ পুৰুষ আনিছিল।
7. কিন্তু ঈশ্বৰৰ এজন লোক তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহাৰাজ, ইস্ৰায়েলৰ সৈন্য আপোনাৰ লগত যাবলৈ নিদিব, কাৰণ ইস্ৰায়েলৰ লগত নাইবা ইফ্ৰয়িমৰ কোনো সন্তানৰ লগত যিহোৱা নাথাকে।
8. কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ’লে আপোনাক শত্রুবোৰৰ হাতত পেলাই দিব; কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে।”
9. তেতিয়া অমচিয়াই ঈশ্বৰৰ সেই লোকজনক ক’লে, “কিন্তু সেই ইস্ৰায়েলীয়া সৈন্যদলক মই যি এশ কিক্কৰ ৰূপ দিলোঁ তাৰ বাবে আমি কি কৰিম?” ঈশ্বৰৰ লোকজনে ক’লে, “যিহোৱাই আপোনাক তাতকৈয়ো অধিক দিব পাৰে।”
10. তেতিয়া অমচিয়াই ইফ্ৰয়িমৰ পৰা তেওঁৰ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল৷ তেতিয়া যিহূদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰুদ্ধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল।
11. তাৰ পাছত অমচিয়া সাহসিয়াল হ’ল, আৰু তেওঁৰ নেতৃত্বত তেওঁৰ লোকসকলক লৱণ উপত্যকালৈ উলিয়াই লৈ গ’ল; তাতে তেওঁ চেয়ীৰৰ সন্তান সকলৰ দহ হাজাৰ লোকক পৰাস্ত কৰিছিল।
12. যিহূদাৰ সৈন্যদলটোৱে তেওঁলোকৰ আন দহ হাজাৰ লোকক জীয়াই জীয়াই ধৰি বন্দী কৰি আনিছিল৷ তেওঁলোকে বন্দীসকলক পৰ্বতৰ টিঙলৈ তুলি নি সেই ঠাইৰ পৰা তললৈ পেলাই দিছিল, যাতে তেওঁলোকৰ আটাইবোৰক গুড়ি হৈ যায়।
13. কিন্তু অমচিয়াই তেওঁৰ লগত যুদ্ধ-যাত্ৰা কৰিবলৈ নিদি ওভোটাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰিয়াৰ পৰা বৈৎ-হোৰোণলৈকে যিহূদাৰ নগৰবোৰ আক্ৰমণ কৰিলে৷ তেওঁলোকে তিনি হাজাৰ লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে।
14. ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তান সকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।
15. তেতিয়া অমচিয়ালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ যিহোৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে, তেওঁ ৰজাক ক’লে, “যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা?”
16. ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”
17. তেতিয়া সেই সময়ত যিহূদাৰ অমচিয়া ৰজাই পৰামৰ্শ-দিওঁতাবোৰৰ পৰা পৰামর্শ লৈ, যেহূৰ নাতি যিহোৱাহজৰ পুত্ৰ যোৱাচ নামেৰে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ দূত পঠিয়াই ক’লে, “আহাঁ, আমি ইজনে সিজনে মুখা-মুখি হৈ যুদ্ধ কৰোঁহক।”
18. তেতিয়া ইস্ৰায়েলৰ ৰজা যোৱাচে যিহূদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ক’লে, “লিবানোনত থকা কাঁইটৰ গছ এজোপাই লিবানোনত থকা এৰচ গছজোপালৈ কৈ পঠিয়াইছে, বোলে, ‘তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া,’ কিন্তু লিবানোনত থকা এটা বনৰীয়া জন্তুৱে সেই ফালে ফুৰি, সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে।
19. তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
20. কিন্তু অমচিয়াই এই কথা নুশুনিলে কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ’ল। কিয়নো লোকসকলে ইদোমীয়া দেৱতাবোৰক বিচাৰ কৰিছিল, সেই বাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁ শোধাই দিলে৷
21. পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যুদ্ধ যাত্ৰা কৰিলে; তাতে তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ অধীনত থকা বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল৷
22. তেতিয়া ইস্ৰায়েলৰ আগত যিহূদা বেয়াকৈ পৰাজিত হ’ল আৰু প্ৰতিজন লোকে নিজ নিজ তম্বুলৈ পলাই যাবলগীয়া হ’ল।
23. পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যিহোৱাহজৰ নাতি যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়াক বৈৎচেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক যিৰূচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফ্ৰয়িমৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে যিৰূচালেমৰ গড়ৰ চাৰিশ হাত ভাঙি পেলালে।
24. তেওঁ ঈশ্বৰৰ গৃহত ওবেদ-ইদোমৰ অধীনত ৰাখি থোৱা আটাই সোণ, ৰূপ আৰু সকলো পাত্ৰ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা বস্তুবোৰ আৰু বন্ধকস্বৰূপে দাসবোৰকো লৈ তেওঁ চমৰিয়ালৈ ঘূৰি গ’ল।
25. যিহোৱাহজৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যোৱাচৰ মৃত্যুৰ পাছত, যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়া পোন্ধৰ বছৰ জীয়াই আছিল।
26. অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?
27. অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
28. তেওঁলোকে তেওঁক ঘোঁৰাত তুলি আনিলে, আৰু যিহূদাৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিলে।

২ বংশাবলি 26:1-23
1. পাছত যিহূদাৰ সকলো লোকে ষোল্ল বছৰ বয়সীয়া উজ্জিয়াক, তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিছিল।
2. তেৱেঁই এলত নগৰ পুনৰ সাজিছিল আৰু পুনৰায় তাক যিহূদাৰ অধীনত ৰাখিছিল। তাৰ পাছত ৰজাই তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল।
3. উজ্জিয়াই ষোল্ল বছৰ বয়সত তেওঁৰ ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত বাৱন্ন বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাতৃ যিখলিয়া, যিৰূচালেম নিবাসিনী আছিল।
4. তেওঁ নিজ পিতৃ অমচিয়াৰ সকলো কাৰ্য অনুসৰণ কৰিছিল আৰু যিহোৱাৰ দৃষ্টিত যি ন্যায় সেয়ে কৰিছিল।
5. তেওঁ জখৰিয়াৰ জীৱন কালত ঈশ্বৰক বিচাৰিবলৈ স্থিৰ কৰিছিল; তেওঁ ঈশ্ৱৰক মানি চলাৰ কাৰণে জখৰিয়াই তেওঁক উপদেশ দিছিল৷ তেওঁ যিমান কাল ঈশ্বৰক বিচাৰিলে, সিমান কাল ঈশ্বৰে তেওঁক সফল হ’বলৈ দিছিল।
6. পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্‌দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
7. ঈশ্বৰে পলেষ্টীয়াসকল, গূৰ-বালত থকা আৰবীয়াসকল আৰু মায়োনীয়াসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছিল।
8. তেতিয়া অম্মোনীয়াসকলে উজ্জিয়াক উপহাৰ দিছিল; আৰু তেওঁৰ যশস্যা মিচৰৰ প্ৰৱেশ কৰা ঠাইলৈকে বিয়পি পৰিছিল, কিয়নো তেওঁ নিজকে অতিশয় বলৱান কৰি তুলিছিল।
9. উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।
10. তেওঁ মৰুপ্ৰান্তত পহৰা দিয়াৰ কাৰণে স্তম্ভবোৰ সাজিছিল আৰু অনেক নাদ খান্দিছিল; কাৰণ তেওঁৰ নিম্ন ভূমিত ও সমথলতো অনেক পশুৰ জাক আছিল৷ পৰ্বতত আৰু পথাৰবোৰত তেওঁৰ খেতিয়কসকল আৰু দ্ৰাক্ষাখেতি কৰোঁতাসকল আছিল, কাৰণ তেওঁ কৃষি কৰ্ম ভাল পাইছিল।
11. উজ্জিয়াৰ যুদ্ধ কৰোঁতা সৈন্যসামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। যিয়ীয়েল লিখক আৰু মাচেয়া শাসনকৰ্ত্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল।
12. পিতৃ-বংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ দুই হাজাৰ ছশ লোক আছিল।
13. তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে, পৰাক্ৰমেৰে যুদ্ধ কৰোঁতা তিনি লাখ সাত হাজাৰ পাঁচশ লোক আছিল।
14. উজ্জিয়াই সেই আটাই সৈন্যসামন্তৰ কাৰণে ঢাল, যাঠী, শিৰোৰক্ষক টুপি, কৱচ, ধনু আৰু ফিঙ্গাৰ শিল যুগুত কৰি ৰাখিছিল।
15. তেওঁ নিপুণ লোকসকলৰ বুদ্ধিৰে সজা যন্ত্ৰ যিৰূচালেমত যুগুত কৰাই, সেইবোৰেৰে কাঁড় আৰু ডাঙৰ শিলবোৰ মাৰি পঠিয়াবৰ বাবে দূর্গবোৰৰ ওপৰত আৰু চিদ্ৰ থকা স্তম্ভবোৰত সেই যন্ত্ৰবোৰ ৰাখিছিল। পাছত তেওঁ বৰকৈ সহায় পাই অতি শক্তিমান হৈ উঠিছিল। এইদৰে তেওঁৰ যশস্যা দূৰ দেশলৈকে বিয়পি গৈছিল।
16. কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ গর্বিত হ’ল যে, তেওঁ দুষ্কৰ্ম কৰিবলৈ ধৰিলে; তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে। তেওঁ ধূপবেদীৰ ওপৰত ধূপ জ্বলাবলৈ যিহোৱাৰ মন্দিৰত সোমাল।
17. তাতে অজৰিয়া পুৰোহিত আৰু তেওঁৰ লগত যিহোৱাৰ আশীজন সাহসিয়াল পুৰুষ পুৰোহিত তেওঁৰ পাছত সোমাল।
18. তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”
19. তাতে উজ্জিয়াৰ বৰ খং উঠিল৷ সেই সময়ত ধূপ জ্বলাবৰ বাবে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল৷ পুৰোহিতসকললৈ তেওঁৰ খং উঠাৰ সময়ত, মন্দিৰত পুৰোহিতসকলৰ সন্মুখত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠ ৰোগ ওলাই পৰিল।
20. তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷
21. তেতিয়াৰে পৰা ৰজা উজ্জিয়া মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগী হৈ থাকিল৷ তেওঁ বেলেগ ঘৰত বাস কৰিছিল; কিয়নো তেওঁ কুষ্ঠৰোগী আছিল। তেওঁক যিহোৱাৰ মন্দিৰৰ পৰা বিচ্ছেদ কৰা হৈছিল; তাতে তেওঁৰ পুত্ৰ যোথমে ৰাজগৃহৰ অধ্যক্ষ হৈ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
22. উজ্জিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে লিখা পুস্তকত আছে।
23. পাছত উজ্জিয়া তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল; তেওঁলোকে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত, ৰজাসকলৰ মৈদামনীত তেওঁক মৈদাম দিলে৷ কাৰণ তেওঁলোকে কৈছিল, “তেওঁ কুষ্ঠৰোগী।” তাৰ পাছত তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।

২ বংশাবলি 27:1-9
1. যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল।
2. তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল।
3. তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷
4. আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।
5. তেওঁ অম্মোনৰ সন্তান সকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তান সকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তান সকলে তেওঁক একেদৰেই দিলে।
6. এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷
7. যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
8. তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে।
9. যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।

সামসঙ্গীত 84:1-7
1. হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!
2. যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।
3. হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।
4. ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)
5. ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
6. শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।
7. যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।

প্রবচন 21:4-5
4. অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
5. পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।

পাঁচনি 19:1-20
1. আপল্লো কৰিন্থত থকা সময়ত পৌলে উচ্চভূমি অঞ্চলৰ মাজেদি আহি ইফিচ চহৰ পালেহি; তাতে তেওঁ কেইজনমান শিষ্যক লগ পালে৷
2. পৌলে তেওঁলোকক সুধিলে, “আপোনালোকে যেতিয়া বিশ্বাস কৰিলে, তেতিয়া পবিত্ৰ আত্মা পালে নে?” তেওঁলোকে তেওঁক কলে, “পবিত্ৰ আত্মা দিয়া হৈছে নে নাই, সেই বিষয়ে আমি শুনিবলৈকে নাপালোঁ৷”
3. তেতিয়া তেওঁ কলে, “তেনেহলে আপোনালোকে কি কাৰণত বাপ্তাইজিত হ’ল?” তেওঁলোকে কলে, “যোহনৰ বাপ্তিস্ম লোৱা দেখি”।
4. তেতিয়া পৌলে কলে, “যোহনে লোক সকলক কৈছিল, যি জন মোৰ পাছত আহিছে, তেওঁত অর্থাৎ যীচুত বিশ্বাস কৰা; এই বুলি তেওঁ তেওঁলোকক মন-পালটনৰ বাপ্তিস্মৰে বাপ্তাইজ কৰিলে।”
5. এই কথা শুনি তেওঁলোকে প্ৰভু যীচুৰ নামেৰে বাপ্তাইজিত হ’ল।
6. ইয়াৰ পাছত পৌলে যেতিয়া তেওঁলোকৰ গাত হাত দিলে, তেতিয়া তেওঁলোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিল; তাতে তেওঁলোকে নানা ভাষাৰে কথা কৈ ভাবোক্তি প্ৰচাৰ কৰিলে।
7. তেওঁলোক প্ৰায় বাৰ জন মান মানুহ আছিল।
8. পাছত পৌল নাম-ঘৰলৈ গ’ল আৰু সেই ঠাইত তিনি মাহ মান থাকি নিৰ্ভীক ভাবে প্ৰচাৰ কৰিলে; আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে নানা কথাৰে বাদ-বিচাৰ কৰি লোক সকলক মনোনিবেশ কৰিবলৈ তেওঁ বুজাই দিলে৷
9. কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।
10. এইদৰে তেওঁ দুবছৰলৈ সেই ঠাইতে থাকিল, আৰু এচিয়াত বাস কৰা সকলো ইহুদী আৰু গ্ৰীক সকলে প্ৰভুৰ বাক্য শুনিবলৈ পালে।
11. ঈশ্বৰে পৌলৰ হতুৱাই এনে পৰাক্ৰম কাৰ্য কৰালে যে,
12. তেওঁৰ গাৰ পৰা গামোচা বা কাপোৰ নৰিয়া মানুহৰ ওচৰলৈ লৈ যোৱাত, তেওঁলোকৰ ৰোগ আতৰিল আৰু ভূতৰ আত্মাবোৰো ওলাই যোৱাত তেওঁলোক মুক্ত হ’ল।
13. কিন্তু দেশ ভ্ৰমি ফুৰা কেইজনমান ইহুদী ভূত খেদাওঁতাই, ভূতৰ আত্মাই ধৰা সকলৰ আগত প্ৰভু যীচুৰ নাম, নিজৰ কামত ব্যৱহাৰ কৰি কয়, “যি জনাৰ কথা পৌলে প্রচাৰ কৰিছে, সেই যীচুৰ শপত দি তোমালোকক আজ্ঞা দিছোঁ।”
14. স্কিবা নামৰ যিহুদী প্ৰধান পুৰোহিত এজনৰ সাত জন পুতেকে এই কর্ম কৰিছিল।
15. তাতে ভূতৰ আত্মাই উত্তৰ দি তেওঁলোকক ক’লে, “যীচুক জানো, পৌলকো চিনি পাওঁ; কিন্তু তোমালোক নো কোন?”
16. এই বুলি সেই ভূতৰ আত্মাই ধৰা মানুহ জনে তেওঁলোকৰ ওপৰত জাঁপ মাৰি আটাইকে বশ কৰি বলেৰে পৰাজয় কৰিলে; তেতিয়া তেওঁলোক উলঙ্গ আৰু আঘাত পাই, সেই ঘৰৰ পৰা পলাল।
17. পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল।
18. তেতিয়া বিশ্বাস কৰা সকলৰ বহু লোক আহি, নিজ নিজ কর্ম স্বীকাৰ কৰিলে
19. আৰু মায়াকর্ম্ম কৰা সকলৰ ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি সকলোৰে আগত পুৰি পেলালে। সেইবোৰৰ মূল্য গণনা কৰি পঞ্চাশ হাজাৰ ৰূপৰ মুদ্ৰা পালে।
20. এইদৰে মহা-পৰাক্ৰমেৰে প্ৰভুৰ বাক্য চৌদিশে বিয়পি গল।