A A A A A

২ বংশাবলি 21:1-20
1. পাছত যিহোচাফটে তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হোৱাত দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগতে তেওঁক মৈদাম দিয়া হ’ল; তাতে তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
2. অজৰিয়া, যিহীয়েল, জখৰিয়া, অজৰিয়া, মীখায়েল আৰু চফটিয়া নামেৰে যিহোচাফটৰ পুত্ৰ যিহোৰামৰ কেইবাজনো ভায়েক আছিল৷ তেওঁলোক আটাইকেইজনেই ইস্ৰায়েলৰ ৰজা যিহোচাফটৰ পুত্ৰ আছিল।
3. তেওঁলোকৰ পিতৃয়ে প্ৰতিজনকে অধিক সম্পত্তি, অৰ্থাৎ ৰূপ, সোণ, বহুমূল্য বস্তু আৰু যিহূদা দেশত থকা সুসজ্জিত গড়েৰে আবৃত নগৰবোৰ দান কৰিছিল; কিন্তু যিহোৰাম তেওঁৰ জেষ্ঠ্য পুত্ৰ হোৱাৰ বাবে তেওঁক তেওঁৰ ৰাজসিংহাসন দিলে।
4. যেতিয়া যিহোৰামে নিজৰ পিতৃৰ সিংহাসনত ৰাজত্ৱ কৰি নিজকে বলৱান ৰজাৰূপে প্ৰতিষ্ঠা কৰি ল’লে, তেতিয়া তেওঁ নিজৰ আটাইকেইজন ভাইক আৰু ইস্ৰায়েলৰ কেইবাজনো অধ্যক্ষক তৰোৱালেৰে বধ কৰিছিল।
5. যিহোৰামে ৰাজত্ৱ আৰম্ভন কৰাৰ সময়ত তেওঁৰ বয়স বত্ৰিশ বছৰ আছিল আৰু তেওঁ যিৰূচালেমত আঠ বছৰলৈ ৰাজত্ব কৰিছিল।
6. তেওঁ আহাবৰ বংশৰ নিচিনাকৈ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; কিয়নো তেওঁ আহাবৰ জীয়েকক তেওঁৰ পত্নীৰূপে লৈছিল; আৰু তেওঁ যিহোৱাৰ দৃষ্টিত কেৱল কু-আচৰণ কৰিছিল।
7. তথাপিও দায়ূদৰ লগত যিহোৱাই কৰা নিয়ম-চুক্তিৰ কাৰণে যিহোৱাই দায়ূদৰ বংশক বিনষ্ট নকৰিলে; তেওঁক আৰু তেওঁৰ সন্তান সকলক চিৰকাললৈকে এক জীৱন দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল৷
8. তেওঁৰ ৰাজত্বৰ সময়ত ইদোমীয়া লোকসকলে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি নিজৰ ওপৰত এজন ৰজা পাতি লৈছিল।
9. তেতিয়া যিহোৰামে তেওঁৰ সেনাপতিসকলৰ সৈতে সকলো ৰথ লগত লৈ যাত্ৰা কৰিলে৷ তাতে তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু তেওঁৰ ৰথৰ সেনাপতিসকলক বেৰি ধৰা ইদোমীয়াসকলক প্ৰহাৰ কৰিলে।
10. এইদৰে ইদোমীয়াসকল আজিলৈকে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি সদায় বিদ্ৰোহ কৰি থাকিল৷ সেই একে সময়তে লিব্‌নায়ো তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ আচৰণ কৰিলে, কিয়নো যিহোৰামে তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিছিল।
11. আনকি যিহোৰামে যিহূদাৰ পৰ্বতসমূহত পবিত্ৰ ঠাইবোৰ স্থাপন কৰিলে; তেওঁ যিৰূচালেম নিবাসীসকলক ব্যভিচাৰ কৰালে৷ এইদৰে তেওঁ যিহূদাক অপথে নিলে।
12. পাছত যিহোৰামলৈ এলিয়া ভাববাদীৰ পৰা এখন পত্ৰ আহিল৷ তাত এইদৰে কৈছিল, “তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তুমি তোমাৰ পিতৃ যিহোচাফটৰ পথত বা যিহূদাৰ আচা ৰজাৰ পথত নচলিলা,
13. কিন্তু ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিলা আৰু আহাবৰ বংশই কৰা নিচিনাকৈ যিহূদাক আৰু যিৰূচালেমৰ নিবাসীসকলক ব্যভিচাৰীৰ দৰে আচৰণ কৰিবলৈ দিলা - আৰু তোমাতকৈ উত্তম তোমাৰ পিতৃ-বংশৰ যি ভাইসকল, তেওঁলোককো তৰোৱালেৰে বধ কৰিলা -
14. চোৱা, এই কাৰণে যিহোৱাই তোমাৰ প্ৰজা, তোমাৰ সন্তান সকলক, তোমাৰ পত্নীসকলক আৰু তোমাৰ সকলো সম্পত্তি এটা ভয়ংকৰ মহামাৰীৰে আঘাত কৰিব৷
15. তুমি নিজেও নাড়ীৰ ৰোগত দিনে দিনে অতিশয় বেদনা পাবা; শেষত সেই ৰোগতে তোমাৰ নাড়ী-ভুৰু ওলাই পৰিব।”
16. যিহোৱাই যিহোৰামৰ অহিতে পলেষ্টীয়া আৰু কুচীয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচটাই পেলালে৷
17. তাতে তেওঁলোকে যিহূদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি, ৰাজ-গৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ’ল৷ আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ’ল৷ তাতে তেওঁৰ কনিষ্ঠ পুত্ৰ যিহোৱাহজৰ বাহিৰে তেওঁৰ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল।
18. এই সকলো ঘটনাৰ পাছত, সুস্থ কৰিব নোৱাৰা নাড়ীৰ ৰোগেৰে যিহোৱাই তেওঁক আঘাত কৰিলে।
19. তাতে কালক্ৰমে দুবছৰৰ পাছত তেওঁৰ নাড়ী-ভুৰু সেই ৰোগত ওলাই পৰিল আৰু তেওঁৰ অতিশয় যাতনাৰে মৃত্যু হ’ল৷। তেওঁৰ পূর্ব-পুৰুষসকলৰ কাৰণে যেনেকৈ সুগন্ধি বস্তু জ্বলাইছিল, তেনেকৈ তেওঁৰ প্ৰজাসকলে তেওঁৰ কাৰণে নকৰিলে।
20. তেওঁ বত্ৰিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল; তেওঁ যিৰূচালেমত আঠ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মৃত্যু হোৱাত কাৰো মনত দুখ নালাগিল৷ লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে, কিন্তু ৰজাসকলৰ ৰাজকীয় মৈদামৰ ঠাইত নিদিলে।

২ বংশাবলি 22:1-12
1. তেতিয়া যিৰূচালেমৰ নিবাসীসকলে যিহোৰামৰ কনিষ্ঠ পুত্ৰ অহজিয়াক তেওঁৰ পদত ৰজা পাতিলে; কাৰণ আৰবীয়াসকলৰ সৈতে ছাউনিলৈ অহা লোকৰ দলটোৱে তেওঁৰ আটাই কেইজন বৰ পুত্ৰক বধ কৰিছিল। সেয়েহে যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অহজিয়া ৰজা হ’ল।
2. অহজিয়াই বিয়াল্লিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল৷ তেওঁ যিৰূচালেমত এবছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃৰ নাম অথলিয়া আছিল; তেখেত অম্ৰীৰ নাতিয়েক আছিল।
3. তেওঁৰ মাতৃয়ে তেওঁক মন্ত্রণা দিছিল, আৰু তেওঁ আহাবৰ বংশৰ পথত চলি কু-আচৰণ কৰিছিল।
4. আহাবৰ বংশৰ লোকসকলৰ নিচিনাকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল, কাৰণ তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকেই তেওঁৰ পৰামর্শ দিওঁতা অাছিল, আৰু তেওঁলোকেই তেওঁক বিনাশ কৰিলে।
5. তেওঁ তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰিলে; তেওঁ ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যিহোৰামৰ লগত ৰামোৎ-গিলিয়দত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল৷ তাতে অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
6. এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷
7. কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।
8. পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল।
9. পাছত তেওঁ অহজিয়াক বিচাৰিলে; লোকসকলে তেওঁক চমৰিয়াত লুকাই থকা অৱস্থাত ধৰি যেহূৰ ওচৰলৈ আনি তেওঁক বধ কৰিলে৷ লোকসকলে তেওঁক মৈদাম দি ক’লে বোলে, “যি যিহোচাফটে তেওঁৰ সকলো মনে সৈতে যিহোৱাক বিচাৰিছিল, তেওঁ সেই জনৰ সন্তান৷” তাতে সেই ৰাজ্যভাৰ ল’বলৈ অহজিয়াৰ বংশৰ মাজত কাৰো সমর্থ নাছিল।
10. অহজিয়াৰ মাক অথলিয়াই যেতিয়া নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখিলে, তেতিয়া তেওঁ উঠি যিহূদাৰ গোটেই ৰাজ-বংশকে সংহাৰ কৰিলে।
11. কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
12. পাছত তেওঁ তেওঁলোকে সৈতে ঈশ্বৰৰ গৃহত ছবছৰ লুকাই থাকিল; সেই সময়ত অথলিয়াই দেশৰ ওপৰত ৰাজত্ব কৰিছিল।

সামসঙ্গীত 83:1-8
1. হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
2. চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।
3. তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
4. তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
5. তেওঁলোক একমনা হৈ‌ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
6. তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল,
7. গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
8. অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।

প্রবচন 21:1-1
1. ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।

পাঁচনি 17:16-34
16. আথিনী চহৰত পৌলে চীল আৰু তীমথিয়ৰ কাৰণে অপেক্ষাত থাকোতে, সেই চহৰ মূৰ্তিবোৰেৰে পূর্ণ হৈ থকা দেখিলে। তাতে তেওঁৰ অন্তৰ-আত্মা অতি ব্যথিত হৈ উঠিল।
17. সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
18. তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
19. তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
20. কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
21. আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
22. তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
23. কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
24. ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
25. মনুষ্যৰ হাতৰ সেৱা কার্য তেওঁৰ প্রয়োজন নাই। তেওঁৰতো একোৰে অভাৱ নাই কাৰণ তেওঁ নিজেই সকলোকে জীৱন, নিশ্বাস আৰু আন সকলো দিয়ে।
26. এজন মানুহৰ পৰা ঈশ্বৰে সমগ্র মানৱ জাতি সৃষ্টি কৰিলে যাতে তেওঁলোকে গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। ঈশ্বৰে, মানুহে বসবাস কৰি থাকিব পৰা ঠাইৰ সীমা আৰু নির্দ্ধাৰিত কাল ঠিক কৰিলে।
27. সেয়ে, মানুহে ঈশ্বৰক বিচাৰিব লাগে আৰু বিচাৰি যেন শেষত তেওঁক লগ পায়। আচলতে, তেওঁ আমাৰ কাৰো পৰা দূৰৈত নাই।
28. কিয়নো আমি তেওঁতে জীয়াই আছোঁ, চলা-ফুৰা কৰিছোঁ আৰু আছোঁ, যেনেকৈ আপোনালোকৰ কবি সকলৰ এজনে কৈছে, ‘কাৰণ আমিও তেওঁৰ সন্তান।’
29. আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
30. এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
31. কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
32. আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
33. ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
34. কিন্তু কেইজনমানে আহি পৌলক লগ ধৰিলে আৰু বিশ্বাস কৰিলে। সেই বিশ্বাসী সকলৰ মাজত আৰেয়পাগৰ সদস্য দিয়নুচিয়, দামাৰী নামৰ এগৰাকী মহিলা আৰু তেওঁলোকৰ লগত আন কেইজনমান আছিল।