A A A A A
एक साल में बाइबल
जुलाई 10

২ বংশাবলি 15:1-19
1. পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল৷
2. তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
3. এতেকে বহু কাললৈকে ইস্ৰায়েলে সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত বিহীন আৰু ব্যৱস্থা-বিহীন হৈ আছিল৷
4. কিন্তু সঙ্কটৰ সময়ত যেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল।
5. সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।
6. এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল।
7. কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”
8. যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে।
9. পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল।
10. এইদৰে আচা’ৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে যিৰূচালেমত গোট খালে।
11. আৰু সেই সময়ত তেওঁলোকে লুটি অনা বস্তুৰ পৰা সাতশ ষাঁড়-গৰু আৰু সাত হাজাৰ ভেড়া ও ছাগলী যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে।
12. আৰু তেওঁলোকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে৷
13. সৰু বা বৰ, পুৰুষ বা মহিলাই হওঁক, যি কোনোৱে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক বিচাৰ নকৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে।
14. তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি, তুৰী আৰু শিঙা বজাই যিহোৱাৰ সাক্ষাতে শপত ল’লে।
15. এই শপত লওঁতে আটাই যিহূদাই আনন্দ কৰিলে কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল’লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে; তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে৷ আৰু যিহোৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে৷
16. ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে।
17. কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
18. তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল।
19. আচা’ৰ ৰাজত্বৰ পঁয়ত্ৰিশ বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল৷

২ বংশাবলি 16:1-14
1. আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে।
2. তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে,
3. “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।”
4. তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে।
5. বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল।
6. তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে।
7. সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল।
8. কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
9. কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”
10. তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।
11. চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
12. আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল।
13. পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল।
14. পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।

সামসঙ্গীত 81:6-10
6. “মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
7. তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
8. হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
9. তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
10. ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।

প্রবচন 20:24-25
24. মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব?
25. কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে।

পাঁচনি 16:1-21
1. তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
2. লুস্ত্ৰা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল।
3. পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল।
4. পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে।
5. এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
6. পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল।
7. আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
8. সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল।
9. নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
10. পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
11. পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলোঁ।
12. তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
13. বিশ্রামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
14. সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
15. তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
16. এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।
17. এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
18. এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
19. তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি শাসনকৰ্তা জনৰ ওচৰলৈ লৈ গ’ল।
20. তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
21. এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাপে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”