A A A A A

২ রাজাবলি 1:1-18
1. আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
2. অহজিয়াই চমৰিয়াত তেওঁৰ ঘৰৰ ওপৰ-কোঁঠালিৰ খিড়িকিয়েদি তললৈ পৰি আঘাত পালে। তেতিয়া তেওঁ কেইজনমান লোকক এইবুলি কৈ পঠাই দিলে যে, “তোমালোকে গৈ ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰত সোধা, এই আঘাতৰ পৰা মই সুস্থ হ’ম নে নাই।”
3. কিন্তু যিহোৱাৰ দূতে তিচবীয়া এলিয়াক ক’লে, “তুমি গৈ চমৰিয়াৰ ৰজাই পঠোৱা লোকসকলৰ লগত সাক্ষাত কৰি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই যে, তোমালোকে ইক্ৰোণৰ বাল-জবুবৰ গুৰিত সুধিবলৈ গৈছা?
4. সেয়ে যিহোৱাই কৈছে, “তুমি যি শয্যাত পৰি আছা, তাৰ পৰা তুমি পুনৰ নুঠিবা। তোমাৰ অৱেশ্যেই মৃত্যু হ’ব’।” এলিয়াই সেই লোকসকলক লগ ধৰিলে আৰু এই দৰে কৈ গুছি গ’ল।
5. পাছত সেই লোকসকল ৰজাৰ ওচৰলৈ ঘূৰি অহাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোক কিয় উভটি আহিলা?”
6. উত্তৰত তেওঁলোকে ক’লে, “এজন মানুহে আমাৰ লগত সাক্ষাত কৰি ক’লে, ‘যি জনে আপোনালোকক পঠিয়াইছে, আপোনালোক যেন সেই ৰজাৰ ওচৰলৈ উভটি গৈ তেওঁক জনায়, “যিহোৱাই কৈছে, ‘ইস্ৰায়েল দেশত জানো ঈশ্বৰ নাই, আপুনি যে ইক্ৰোণৰ দেৱতা বাল-জবুবৰ গুৰিত সুধিবৰ কাৰণে মানুহ পঠিয়াইছে? সেয়ে আপুনি যি শয্যাত পৰি আছে, তাৰ পৰা পুনৰ নুঠিব, কিন্তু অৱশ্যেই মৃত্যু হ’ব।’”
7. ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
8. তেওঁলোকে উত্তৰ দিলে, “তেওঁ জন্তুৰ নোমেৰে তৈয়াৰী পোছাক পিন্ধিছিল আৰু তেওঁৰ কঁকালত আছিল চামৰাৰ কটিবন্ধন।” ৰজাই ক’লে, “তেৱেঁ হৈছে তিচবীয়া এলিয়া।”
9. তাৰ পাছত ৰজাই এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠাই দিলে। এলিয়া সেই সময়ত পাহাৰৰ ওপৰত বহি আছিল। সেনাপতিজন এলিয়াৰ ওচৰলৈ উঠি গৈ ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক নামি আহিবলৈ কৈছে।”
10. এলিয়াই সেনাপতিজনক ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া আকাশৰ পৰা জুই নামি আহি সেই সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
11. ৰজাই আকৌ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক এলিয়াৰ ওচৰলৈ পঠালে। সেই সেনাপতিয়েও এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, ৰজাই আপোনাক এতিয়াই নামি আহিবলৈ কৈছে।”
12. এলিয়াই উত্তৰ দি ক’লে, “মই যদি ঈশ্বৰৰ লোক হওঁ, তেন্তে আকাশৰ পৰা জুই নামি আহি যেন আপোনাক আৰু আপোনাৰ পঞ্চাশজন সৈন্যক পুৰি গ্ৰাস কৰে।” তেতিয়া পুনৰাই আকাশৰ পৰা ঈশ্বৰৰ জুই নামি আহি তেওঁক আৰু তেওঁৰ পঞ্চাশজন সৈন্যক গ্ৰাস কৰিলে।
13. তাৰ পাছত পুনৰ ৰজাই তৃতীয়বাৰলৈ এজন সেনাপতি আৰু তেওঁৰ পঞ্চাশজন সৈন্যক পঠালে। এই তৃতীয় সেনাপতিয়ে ওপৰলৈ উঠি গৈ এলিয়াৰ সন্মুখত আঠুকাঢ়ি মিনতি কৰিলে, “হে ঈশ্বৰৰ লোক, আপোনাৰ দৃষ্টিত মোৰ আৰু আপোনাৰ এই পঞ্চাশজন দাসৰ জীৱন যেন বহুমূলীয়াৰূপে গ্রাহ্য হয়।
14. চাওক, আকাশৰ পৰা জুই নামি আগেয়ে অহা দুজন সেনাপতি আৰু তেওঁলোকৰ সকলো সৈন্যকে পুৰি গ্ৰাস কৰিলে; কিন্তু এইবাৰ আপোনাৰ দৃষ্টিত মোৰ প্ৰাণ বহুমূল্য হওক।”
15. তেতিয়া যিহোৱাৰ দূতে এলিয়াক ক’লে, “তুমি তেওঁৰ লগত নামি যোৱা, তেওঁক ভয় নকৰিবা।” তাতে এলিয়াই তেওঁৰ লগত নামি আহি ৰজাৰ ওচৰলৈ গ’ল।
16. তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘আপুনি ইক্ৰোণৰ দেৱতা বাল-জবুবৰ ওচৰলৈ লোক পঠাইছিল। ইস্ৰায়েল দেশত জানো সুধিবৰ বাবে ঈশ্বৰ নাই? এনে কাম কৰাৰ কাৰণে যি শয্যাত আপুনি পৰি আছে, সেই শয্যাৰ পৰা আৰু উঠিব নোৱাৰিব; কিন্তু অৱশ্যেই মৃত্যু হ’ব’।”
17. যিহোৱাই এলিয়াৰ যোগেদি যিদৰে কৈছিল, সেইদৰে ৰজা অহজিয়াৰ মৃত্যু হ’ল। অহজিয়াৰ কোনো পুত্ৰ সন্তান নথকাৰ বাবে তেওঁৰ ঠাইত যোৰাম ইস্রায়েলৰ ৰজা হ’ল। যিহূদাৰ ৰজা যিহোচাফটৰ পুত্র যিহোৰামৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যোৰাম ইস্রায়েলৰ ৰজা হৈছিল।
18. অহজিয়াৰ আন আন সকলো কৰ্মৰ বৃত্তান্ত ইস্ৰায়েলৰ ৰজাসকলৰ “ইতিহাস” পুস্তকখনত জানো লিখা নাই?

২ রাজাবলি 2:1-25
1. যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
2. এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
3. বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
4. তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
5. যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
6. তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
7. এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
8. এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
9. পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
10. এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
11. তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
12. ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
13. তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
14. এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
15. যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
16. তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
17. কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
18. ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
19. এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
20. ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
21. তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
22. এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
23. পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
24. তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
25. তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।

সামসঙ্গীত 71:9-16
9. বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।
10. কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।
11. তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।”
12. হে ঈশ্বৰ, মোৰ পৰা আঁতৰ নহবা; হে মোৰ ঈশ্বৰ, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
13. মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
14. কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
15. এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
16. মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।

প্রবচন 18:6-8
6. অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
7. অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
8. পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।

যোহন 16:1-33
1. “মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
2. মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
3. তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
4. কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
5. কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
6. কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
7. তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
8. তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
9. তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
10. ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
11. আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
12. তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
13. কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
14. তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
15. পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
16. কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
17. তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
18. এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
19. যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
20. মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
21. প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
22. ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
23. সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
24. এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
25. এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
26. সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
27. কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
28. মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
29. তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
30. এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
31. যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
32. চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
33. এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”