A A A A A

১ রাজাবলি 19:1-21
1. পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।
2. তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
3. সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
4. কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”
5. তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।”
6. তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে।
7. পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।”
8. তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।
9. তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
10. তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
11. যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
12. ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
13. সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
14. এলিয়াই উত্তৰ দি ক’লে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
15. তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা;
16. আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
17. সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।
18. কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”
19. তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।
20. তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”
21. তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।

১ রাজাবলি 20:1-43
1. পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
2. তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:
3. ‘তোমাৰ ৰূপ আৰু সোণ মোৰ; আৰু তোমাৰ সবাতকৈ উত্তম পত্নীসকল আৰু সন্তান সকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই’।”
4. তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”
5. পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়;
6. কিন্তু কাইলৈ এনে সময়ত মই মোৰ দাসবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ দাসবোৰৰ ঘৰত বিচাৰ কৰি, তেওঁলোকৰ দৃষ্টিত যি উত্তম, সেই সকলোকে দখল কৰি লৈ আহিব’।”
7. তেতিয়া ইস্ৰায়েলৰ ৰজাই দেশৰ বৃদ্ধ লোকসকলক মাতি আনি তেওঁলোকক ক’লে, “মই বিনয় কৰোঁ, তোমালোকে বিবেচনা কৰি চোৱা কিদৰে এই মানুহজনে কেৱল অনিষ্টৰ চেষ্টা কৰিছে। কিয়নো তেওঁ মোৰ ভাৰ্য্যা আৰু সন্তান সকলক নিজৰ কৰিবলৈ আৰু মোৰ ৰূপ ও সোণৰ কাৰণেও আদেশ পঠিওৱাত, মই তেওঁক অস্বীকাৰ কৰা নাই।”
8. তেতিয়া বৃদ্ধ লোকসকল আৰু সকলো প্ৰজাই আহাবক ক’লে, “আপুনি তেওঁৰ কথা নুশুনিব আৰু সেই কথাত সন্মতো নহ’ব।”
9. এই হেতুকে আহাবে বিন-হদদৰ দূতবোৰক ক’লে, “মোৰ প্ৰভু মহাৰাজক ক’বা, ‘আপুনি প্ৰথমে আপোনাৰ দাসৰ ওচৰলৈ দূত পঠিয়াই যি কৈছিল, সেই সকলোকে মই কৰিম, কিন্তু দ্ধিতীয়বাৰ যি দাবী কৰিছে সেই বিষয়ে হ’লে মই কৰিব নোৱাৰোঁ’।” পাছত দূতবোৰে গৈ তেওঁক সেই বাতৰি দিলে।
10. তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
11. তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”
12. পাছত যি সময়ত বিন হদদ আৰু তেওঁৰ লগৰ ৰজাসকলে পঁজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ দাসবোৰক ক’লে, “তোমালোকে ৰণৰ বেহু পাতা।” তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে।
13. চোৱা, এজন ভাববাদীয়ে ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি সেই মহা লোক সকলৰ সৈন্য দলটো দেখিছা নে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়েই যে যিহোৱা সেই বিষয়ে তোমালোকে জানিবা’।”
14. আহাবে ক’লে, “কাৰ দ্বাৰাই এনে কৰিবা?” ভাববাদীজনে ক’লে, “যিহোৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতি সকলৰ ডেকাসকলৰ দ্বাৰাই।” তেতিয়া আহাবে সুধিলে, “যুদ্ধ কোনে আৰম্ভ কৰিব?”
15. তেওঁ ক’লে, “তুমি।” পাছত তেওঁ প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলক একত্রিত কৰিলে। তেতিয়া তেওঁ দুশ বত্ৰিশ জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইস্ৰায়েলৰ আটাই সন্তান সকলক একত্ৰিত কৰি, সাত হাজাৰ লোক হ’ল।
16. পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।
17. তেতিয়া প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলে আগে আগে ওলাই গ’ল। তেতিয়া বিন-হদদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, “চমৰিয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে।”
18. তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”
19. এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ’ল।
20. তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ সন্মুখত থকা লোকক বধ কৰিলে। তেতিয়া অৰামীয়াসকল পলাবলৈ ধৰাত, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। কিন্তু অৰামৰ ৰজা বিন-হদদে কিছুমান অশ্বাৰোহী সেনাৰ সৈতে ঘোঁৰাত উঠি পলাই সাৰিল।
21. তেতিয়া ইস্ৰায়েলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামীয়াসকলৰ মাজত মহা-সংহাৰ কৰিলে।
22. তাৰ পাছত সেই ভাববাদীয়ে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে বোলে, “তুমি গৈ নিজকে বলবান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰায় আহিব।”
23. পাছত অৰামৰ ৰজাৰ দাসবোৰে তেওঁক কলে, “তেওঁলোকৰ দেৱতা পৰ্ব্বতীয়া দেৱতা, এই কাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয়ে তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম।
24. আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।
25. আৰু আপুনি হেৰুওৱা সৈন্য-সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল, সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰিম। তাতে আমি নিশ্চয়ে তেওঁলোকক পৰাজয় কৰিম।” তেতিয়া বিন-হদদে তেওঁলোকৰ কথা শুনিলে, আৰু সেইদৰে কৰিলে।
26. পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
27. তেতিয়া ইস্ৰায়েলৰ সন্তান সকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত ছাউনি পাতিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলক ছাগলী পোৱালিৰ দুটা সৰু জাকৰ নিচিনা দেখা গ’ল, কিন্তু অৰামীয়াসকল দেশ জুৰি আছিল।
28. সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
29. তাৰ পাছত তেওঁলোকে সাত দিনলৈকে সন্মুখা-সন্মুখি হৈ ছাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইস্ৰায়েলৰ সন্তান সকলে একে দিনাই অৰামীয়াসকলৰ এক লাখ পদাতিক সৈন্যক সংহাৰ কৰিলে।
30. কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
31. পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওঁক, আমি শুনিছোঁ যে ইস্ৰায়েল-বংশৰ ৰজাসকল দয়ালু ৰজা; এই হেতুকে বিনয় কৰোঁ, আমি ককালত চট পিন্ধি ডিঙিত লেজু লৈ, বাহিৰ হৈ ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ যাওঁহঁক; কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব।”
32. তেতিয়া তেওঁলোকে চট পিন্ধি, ডিঙিত লেজু লৈ, ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস বিন-হদদে কৈছে, ‘মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক’।” তেতিয়া আহাবে ক’লে, “বিন-হদদ এতিয়াও জীয়াই আছে নে? তেওঁ মোৰ ভাই।”
33. তেতিয়া সেই লোকসকলে ইয়াকে শুভ লক্ষণ বুলি বুজি, তেওঁৰ মনৰ ভাব স্পষ্ট কৰি উলিয়াবলৈ বেগাই ক’লে, “আপোনাৰ ভাই বিন-হদদ জীয়াই আছে।” তেতিয়া তেওঁ ক’লে, “তোমালোকে গৈ তেওঁক আনা।” তেতিয়া বিন-হদদ বাহিৰ ওলাই তেওঁৰ ওচৰলৈ অহাত, ৰজাই তেওঁক ৰথত তুলিলে।
34. তেতিয়া বিন-হদদে তেওঁক ক’লে, “মোৰ পিতৃয়ে তোমাৰ পিতৃৰ পৰা যি যি নগৰ লৈছিল, সেই নগৰবোৰক মই তোমাক পুনৰায় ঘূৰাই দিম আৰু মোৰ পিতৃয়ে যেনেকৈ চমৰিয়াত হাট-বজাৰ বহুৱাইছিল, তুমিও তোমাৰ কাৰণে সেইদৰে দম্মেচকত হাট-বজাৰ বহুৱাবা।” আহাবে ক’লে, “মই এই চুক্তিৰেই তোমাক বিদায় কৰিম।” এইদৰে আহাবে তেওঁৰ লগত নিয়ম বান্ধি তেওঁক বিদায় দিলে।
35. পাছত শিষ্য ভাববাদীসকলৰ মাজৰ এজনে তেওঁৰ লগৰ এজনক যিহোৱাৰ বাক্যৰ দ্বাৰাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” কিন্তু সেই লোকজনে মাৰিবলৈ মান্তি নহ’ল।
36. তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
37. তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।
38. পাছত সেই ভাববাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি, বাটত ৰজালৈ বাট চাই থাকিল।
39. তাৰ পাছত ৰজা ওচৰেদি যাওঁতে, তেওঁ বৰ মাতেৰে ৰজাক ক’লে, “আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে, এজন সৈনিক ঘূৰি আহি মোৰ ওচৰলৈ এজন শত্ৰুক আনি ক’লে, ‘এই লোকজনক ৰাখা; যদি তেওঁ কেনেবাকৈ হেৰায়, তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিক্কৰ পৰিমাণ ৰূপ দিব লাগিব।’
40. কিন্তু আপোনাৰ এই দাসে ইফালে সিফালে কামত লাগি থাকোঁতে, সেই লোকজন পলাই গ’ল।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “তেন্তে তোমাৰ তেনে দণ্ড হওঁক- তুমি নিজেই তাক নিশ্চয় কৰিলা।”
41. তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে; তাতে ইস্ৰায়েলৰ ৰজাই, তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন, তাক চিনি পালে।
42. পাছত তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই যি জনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজ হাতৰ পৰা তেওঁক এৰি দিলা; এই কাৰণে তেওঁৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্রাণ যাব’।”
43. তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।

সামসঙ্গীত 70:1-5
1. হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।
2. যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।
3. যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।
4. তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।
5. কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।

প্রবচন 18:1-2
1. যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
2. অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।

যোহন 14:1-31
1. “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
2. মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
3. যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
4. মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”
5. থোমাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”
6. যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
7. তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
8. ফিলিপে যীচুক ক’লে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হ’ব”।
9. যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
10. “মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
11. মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
12. মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
13. তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
14. তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
15. তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
16. আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷
17. সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
18. মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
19. অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
20. সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ।
21. যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
22. তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”
23. যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
24. যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
25. মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো;
26. কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
27. মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
28. মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
29. এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
30. তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
31. কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”