A A A A A

১ রাজাবলি 15:1-34
1. নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
2. তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
3. তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
4. তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
5. কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
6. সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
7. অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
8. পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
9. ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
10. তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
11. আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
12. তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
13. আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
14. কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
15. তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
16. আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
17. ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
18. পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
19. “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
20. তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
21. যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
22. তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
23. আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
24. পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
25. যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
26. তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
27. পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
28. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
29. তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
30. যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
31. নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
32. আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
33. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
34. তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।

১ রাজাবলি 16:1-34
1. পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
2. “যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।
3. চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।
4. বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
5. বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
6. পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
7. হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
8. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
9. পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
10. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
11. তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
12. এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
13. বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
14. এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
15. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
16. পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
17. পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।
18. যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।
19. তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।
20. জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
21. সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্‌নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।
22. কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্‌নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্‌নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।
23. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।
24. পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।
25. কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
26. কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
27. অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
28. পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
29. যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।
30. তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল।
31. নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
32. তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।
33. তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।
34. তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।

সামসঙ্গীত 69:22-28
22. তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব ।
23. তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
24. তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
25. তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
26. কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
27. তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
28. জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।

প্রবচন 17:25-26
25. অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।
26. ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়।

যোহন 13:1-20
1. ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
2. তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
3. যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
4. তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
5. তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
6. তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
7. যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”
8. পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”
9. তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
10. যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
11. কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ ক’লে, “তোমালোক সকলো নিৰ্মল নহয়।”
12. যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?
13. তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।
14. এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
15. কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
16. মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।
17. তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।
18. তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’
19. এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
20. মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”