A A A A A

১ বংশাবলি 21:1-30
1. ইস্ৰায়েলৰ বিৰুদ্ধে শত্রু থিয় হৈ ইস্ৰায়েলক গণনা কৰিবলৈ দায়ূদক উচটাইছিল।
2. দায়ূদে যোৱাবক আৰু সৈন্যৰ অধিকাৰী সকলক ক’লে, “যোৱা, তোমালোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েল লোকসকলক গণনা কৰা আৰু ঘূৰি আহি মোক বিৱৰণ দিবা, যাতে মই তেওঁলোকৰ সংখ্যা জানিব পাৰোঁ।”
3. যোৱাবে ক’লে, “যিহোৱাই তেওঁৰ সৈন্যসকলক এতিয়া যিমান আছে তাতকৈ এশ গুণ অধিক বৃদ্ধি কৰক। কিন্তু হে মোৰ প্ৰভু মহাৰাজ, তেওঁলোক সকলোৱে জানো মোৰ প্ৰভুৰ পৰিচৰ্যা নকৰে? কিয় মোৰ প্ৰভুৱে এইদৰে বিচাৰিছে? কিয় ইস্ৰায়েলৰ ওপৰত দোষ কঢ়িয়াই আনিছে?”
4. কিন্তু ৰজাৰ বাক্য যোৱাবৰ বিৰুদ্ধে চুড়ান্ত আছিল, সেয়ে যোৱাব সেই ঠাই এৰি ইস্ৰায়েলৰ চাৰিওদিশে ফুৰিলে আৰু যিৰূচালেমলৈ উভতি আহিল।
5. তাৰ পাছত যোৱাবে যুদ্ধাৰু সকলৰ সম্পূৰ্ণ সংখ্যা দায়ূদৰ আগত দিলে। তাত ইস্ৰায়েলৰ মাজত এঘাৰ লাখ তৰোৱাল ধৰোঁতা লোক আছিল। যিহূদাৰ অকলেই চাৰি লাখ সত্তৰ হাজাৰ সৈন্য আছিল।
6. কিন্তু তেওঁলোকৰ মাজত লেবী আৰু বিন্যামীনক গণনা কৰা নহ’ল, কাৰণ ৰজাৰ সেই আজ্ঞাত যোৱাবৰ ঘৃণা উপজিল।
7. ঈশ্বৰে সেই কাৰ্যত অসন্তোষ পালে, সেয়ে তেওঁ ইস্ৰায়েলক আঘাত কৰিলে।
8. দায়ূদে ঈশ্ৱৰক ক’লে, “এই কৰ্ম কৰাৰ যোগেদি মই মহা পাপ কৰিলোঁ। এতিয়া আপোনাৰ দাসৰ অপৰাধ ক্ষমা কৰক, কিয়নো মই অতিশয় অজ্ঞানৰ দৰে কৰ্ম কৰিলোঁ।”
9. যিহোৱাই দায়ূদৰ দৰ্শক গাদক ক’লে,
10. “যোৱা দায়ূদক গৈ কোৱা: ‘যিহোৱাই এই কথা কৈছে: “মই তোমাক নিৰ্বাচন কৰিবলৈ তিনিটা সুযোগ দিছোঁ। তাৰ মাজত এটা বাচি লোৱা।””
11. সেয়ে গাদে দায়ূদৰ ওচৰলৈ গ’ল আৰু তেওঁক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘ইয়াৰ ভিতৰত এটা নিৰ্বাচন কৰা:
12. নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।”
13. দায়ূদে গাদক ক’লে, “মই বৰ বিপদত পৰিছোঁ, মোক যিহোৱাৰ হাতত দিয়ক, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত নিদিব।”
14. সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
15. ঈশ্বৰে যিৰূচালেমক ধংস কৰিবলৈ এজন দূত তালৈ পঠালে। যেতিয়া তেওঁ ধংস কৰিবলৈ ল’লে, তেতিয়া যিহোৱাই সেই অনিষ্টৰ বিষয়ে চিন্তা কৰি নিজৰ মন সলনি কৰিলে, আৰু তেওঁ ধ্বংসকাৰী দূতক কলে, “এয়ে জুৰিছে, এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱাৰ দূত যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত থিয় হৈ আছিল।
16. দায়ূদে ওপৰলৈ চাই দেখিলে যে, যিহোৱাৰ দূত পৃথিৱী আৰু আকাশৰ মাজত থিয় হৈ আছে, আৰু যিৰূচালেমৰ ওপৰলৈ হাতত এখন খোলা তৰোৱাল দাঙি ধৰি আছিল। তেতিয়া দায়ূদে আৰু বৃদ্ধ লোকসকলে চট কাপোৰ পিন্ধি মাটিত মুখতল কৰি পৰিল।
17. দায়ূদে ঈশ্বৰক ক’লে, “যি জনে লোকসকলক গণনা কৰিবলৈ আজ্ঞা দিলে, সেই জন জানো মই নহওঁ? মই এই পাপ কৰ্ম কৰিলোঁ, কিন্তু এই মেৰবিলাকে কি কৰিলে? হে মোৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ হাতেৰে মোক আৰু মোৰ পৰিয়ালক শাস্তি দিয়ক, কিন্তু আপোনাৰ লোকসকলক মহামাৰীৰে শাস্তি নিদিব।”
18. সেয়ে যিহোৱাৰ দূতে দায়ূদক যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰিবৰ অৰ্থে আজ্ঞা দিবলৈ গাদক ক’লে।
19. গাদে নিৰ্দেশ দিয়া অনুসাৰে কৰিবলৈ যিহোৱাৰ নামেৰে দায়ুদ তালৈ উঠি গ’ল।
20. যেতিয়া অৰ্ণনে ঘেঁহু মৰণা মাৰি আছিল, তেতিয়া তেওঁ পাছফাললৈ ঘূৰি দূতক দেখিলে। তেওঁ আৰু তেওঁৰ চাৰিজন পুত্রই নিজকে লুকুৱালে।
21. দায়ূদে অৰ্ণনৰ ওচৰলৈ আহিলে, আৰু অৰ্ণনে দায়ূদক দেখা পালে। তেওঁ মৰণা মৰা ঠাই পৰা আহি দায়ূদৰ আগত মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
22. তেতিয়া দায়ূদে অৰ্ণনক ক’লে, “তুমি মৰণা মৰা এই ঠাইডোখৰ মোক দিয়া, যাতে মই এই ঠাইতে যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিব পাৰোঁ। মই ইয়াৰ সম্পূৰ্ণ দাম দিম, যাতে লোকসকলৰ মাজৰ পৰা মহামাৰী দূৰ হয়।
23. অৰ্ণনে দায়ূদক ক’লে, “প্ৰভু মহাৰাজ আপোনাৰ নিজৰ নিচিনাকৈ ইয়াক লওক। আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক। চাওক, মই হোম-বলিৰ অৰ্থে ষাঁড়-গৰু, খৰিৰ অৰ্থে মৰণা মৰা যন্ত্ৰ, আৰু নৈবেদ্যৰ অৰ্থে ঘেঁহু; এই সকলো মই আপোনাৰ বাবে দিম।”
24. দায়ুদ ৰজাই অৰ্ণনক ক’লে, “নহয়, মই সম্পূৰ্ণ মূল্য দিহে কিনি ল’ম। যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিব খোজা তোমাৰ যি আছে বিনামূল্যে মই নলওঁ।”
25. সেয়ে দায়ূদে সেই ঠাইৰ কাৰণে ছশ চেকল সোণ দিলে।
26. দায়ূদে সেই ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তেওঁ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, তাতে তেওঁ আকাশৰ পৰা হোম-বেদিত অগ্নি পেলাই তেওঁক উত্তৰ দিলে।
27. তেতিয়া যিহোৱাই দূতক আজ্ঞা কৰিলে, আৰু দূতে নিজৰ তৰোৱাল খাপত ভৰাই হ’ল।
28. দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।
29. সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল।
30. অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।

১ বংশাবলি 22:1-19
1. তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”
2. দায়ূদে ইস্ৰায়েল দেশত বাস কৰা বিদেশী সকলক একগোট কৰিবলৈ দাস সকলক আজ্ঞা দিলে। ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিবৰ অৰ্থে শিল কাটি টুকুৰা কৰিবলৈ তেওঁলোকক শিল-কটিয়া কামত নিযুক্ত কৰিলে।
3. দুৱাৰৰ গজাল, আৰু বাটামৰ বাবে দায়ূদে অধিক পৰিমানে লোহা আৰু পিতল যোগান ধৰিলে। তেওঁ জুখিব নোৱাৰা পৰিমানে তামো যোগান ধৰিলে,
4. আৰু গণিব নোৱাৰা পৰিমাণৰ এৰচ কাঠ চীদোনীয়া আৰু তূৰীয়াসকলে দায়ূদৰ ওচৰলৈ গণনা কৰিবলৈ অনেক এৰচ কাঠ আনিছিল
5. দায়ূদে ক’লে, “মোৰ পুত্ৰ চলোমন ডেকা ল’ৰা আৰু তেওঁৰ অভিজ্ঞতা হোৱা নাই, আৰু যিহোৱাৰ অৰ্থে যি গৃহ সজা হ’ব বিষেশৰূপে আকৰ্ষণীয় হ’ব লাগিব, সেয়া আন সকলো দেশতো প্রখ্যাত আৰু খ্যাতিমান হ’ব, লাগিব। সেয়ে এই গৃহৰ বাবে মই প্রস্তুত হ’ব লাগিব।” সেই কাৰণে দায়ূদে তেওঁৰ মৃত্যুৰ আগতে ব্যাপক হাৰত বস্তু প্রস্তুত কৰিলে।
6. তাৰ পাছত তেওঁ নিজৰ পুত্ৰ চলোমনক মাতিলে আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ বাবে এটা গৃহ সাজিবলৈ তেওঁক আজ্ঞা দিলে।
7. দায়ূদে চলোমনক ক’লে, “হে মোৰ পুত্র, মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ ইচ্ছা আছিল।
8. কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
9. অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
10. তেওঁ মোৰ নামৰ উদ্দেশে এটা গৃহ নিৰ্ম্মাণ কৰিব। তেওঁ মোৰ পুত্ৰ হ’ব, আৰু মই তেওঁৰ পিতৃ হ’ম। মই ইস্ৰায়েলৰ ওপৰত তেওঁৰ ৰাজ সিংহাসন চিৰস্থায়ীৰূপে স্থাপন কৰিম।
11. হে মোৰ বোপা, এতিয়া যিহোৱা তোমাৰ সঙ্গী হওক আৰু তুমি কৃতকাৰ্য্য হ’বলৈ সক্ষম হোৱা। তেওঁ কোৱাৰ দৰে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰা।
12. যেতিয়া তেওঁ ইস্রায়েলৰ দায়িত্বভাৰ তোমাৰ ওপৰত দিব তেতিয়া কেৱল যিহোৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক, যাতে তুমি তোমাৰ ঈশ্ৱৰ যিহোৱাৰ বিধি পালন কৰিব পাৰিবা।
13. যিহোৱাই ইস্ৰায়েলৰ বাবে মোচিক দিয়া বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ, আৰু সেই দৰে কাৰ্য কৰিবলৈ সাৱধানে থাকিলে, তুমি কৃতকাৰ্য্য হ’ব; তুমি বলৱান আৰু সাহিয়াল হোৱা, ভয়াতুৰ কি নিৰাশ নহ’বা।
14. এতিয়া চোৱা, মই অতি কষ্টেৰে যিহোৱাৰ গৃহৰ বাবে এক লাখ কিক্কৰ সোণ, আৰু দহ লাখ কিক্কৰ ৰূপ, আৰু অধিক হোৱাৰ বাবে নোজোখাকৈ পিতল আৰু অধিক পৰিমানে লোহা যুগুত কৰি থৈছোঁ। মই কাঠ আৰু শিলো যুগুত কৰি থৈছোঁ। তুমি ইয়াৰ লগত আৰু অধিক যোগ কৰিব পাৰিবা।
15. তোমাৰ অনেক কাম কৰা মানুহ আছে: শিল-কটিয়া, শিল আৰু কাঠৰ কাম কৰোঁতা, আৰু সকলো বিধৰ কামত নিপুণ অগণন লোক আছে।
16. যি সকল সোণ, ৰূপ, পিতল, আৰু লোহাৰ কাম কৰিব জানে। সেয়ে কামত লাগি থাকা আৰু যিহোৱা তোমাৰ লগত থাকক।”
17. দায়ূদে তেওঁৰ পুত্ৰ চলোমনক সহায় কৰিবলৈ, ইস্রায়েলৰ সকলো প্রধান লোকসকলক আজ্ঞা কৰি ক’লে,
18. তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
19. এতিয়া সম্পূৰ্ণ হৃদয়েৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক বিচাৰা। উঠা, আৰু ঈশ্ৱৰ যিহোৱাৰ পবিত্র গৃহ নিৰ্ম্মাণ কৰা। তাৰ পাছত নিয়ম-চন্দুক আৰু ঈশ্বৰৰ পবিত্ৰ বস্তুবোৰ যিহোৱাৰ নামৰ উদ্দেশ্যে নিৰ্ম্মাণ কৰা গৃহলৈ আনিব পাৰিবা।

সামসঙ্গীত 78:34-39
34. তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
35. তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
36. কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
37. তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
38. তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
39. তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।

প্রবচন 20:1-2
1. দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।
2. ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই।

পাঁচনি 9:1-21
1. সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল,
2. আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে।
3. এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল;
4. তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?”
5. চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
6. কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।”
7. তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল।
8. পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷
9. তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে।
10. সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।”
11. তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷”
12. তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে।
13. কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷
14. আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”
15. কিন্তু প্ৰভুৱে তেওঁক কলে, “তুমি যোৱা, কিয়নো অনা-ইহুদী আৰু ৰজা সকলৰ লগতে ইস্ৰায়েলৰ সন্তান সকলৰ আগত মোৰ নাম প্ৰচাৰ কৰিবলৈ, সেই জন মোৰ মনোনীত পাত্ৰ।
16. কিয়নো তেওঁ মোৰ নামৰ কাৰণে কিমান দুখভোগ কৰিব লাগিব, ইয়াকে মই তেওঁক দেখুৱাম।”
17. তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
18. তেতিয়াই তেওঁৰ চকুৰ পৰা মাছৰ বাকলিৰ নিচিনা এচটা ওলাই আহিল আৰু পুনৰায় দৃষ্টি পালে; তাৰ পাছত তেওঁ উঠি বাপ্তাইজিত হ’ল৷
19. ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷
20. আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।
21. তাতে সকলোৱে শুনি বিস্ময় মানি কলে, “বোলে, যি জনে যিৰূচালেমত এই নামেৰে প্ৰাৰ্থনা কৰা সকলক লণ্ড-ভণ্ড কৰিছিল আৰু এতিয়াও তেনেলোকক বান্ধি প্ৰধান পুৰোহিতৰ আগলৈ নিবৰ আশয়েৰে এই ঠাইলৈকো আহিছে, সেই জন এৱেই নহয় নে?”