A A A A A
एक साल में बाइबल
जून 28

১ বংশাবলি 19:1-19
1. অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
2. দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
3. কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
4. সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
5. যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
6. যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
7. তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
8. যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
9. অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
10. যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
11. অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
12. যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
13. সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
14. সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
15. যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
16. যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
17. যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
18. অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
19. যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।

১ বংশাবলি 20:1-8
1. বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া যোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল; পাছত অম্মোনীয়াসকলৰ দেশ ধংস কৰিলে, তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ যিৰূচালেমতে থাকিল। যোৱাবে ৰব্বাক আক্রমণ কৰি পৰাজিত কৰিলে।
2. দায়ূদে তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা তেওঁৰ ৰাজমুকুট ল’লে, আৰু তেওঁ দেখিলে যে, তাৰ সোণৰ পৰিমাণ এক কিক্কৰ, আৰু তাত বহুমূলীয়া পাথৰ আছিল। সেই মুকুটটো দায়ূদৰ মূৰত পিন্ধোৱা হ’ল আৰু তেওঁ সেই নগৰৰ পৰা বহু পৰিমানৰ লুটদ্ৰব্য উলিয়াই আনিলে।
3. দায়ূদে নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনিলে, আৰু কৰত, লোহাৰ মৈ, আৰু কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰিলে। দায়ূদে অম্মোনীয় লোকসকলৰ সকলো নগৰবোৰত এইদৰে কাম কৰাটো বিচাৰিলে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ ওভটি আহিল।
4. ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে।
5. পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল।
6. পুনৰ এবাৰ গাতত যুদ্ধ হ’ল তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাতত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেৱোঁ ৰফাৰ এজন বংশধৰ আছিল।
7. তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
8. তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল।

সামসঙ্গীত 78:26-33
26. তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
27. তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
28. তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।
29. তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
30. কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
31. ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
32. তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।
33. সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।

প্রবচন 19:27-29
27. হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
28. দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
29. নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।

পাঁচনি 8:26-40
26. পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷
27. তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।
28. তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।
29. এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
30. তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”
31. তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।
32. ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই- “মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
33. তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”
34. এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?”
35. তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।
36. এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?”
37. ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।”
38. তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।
39. যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।
40. কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।