A A A A A

১ বংশাবলি 13:1-14
1. দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
2. দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
3. আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
4. তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
5. সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
6. ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
7. সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
8. দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
9. যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
10. উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
11. যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
12. দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
13. সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
14. ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।

১ বংশাবলি 14:1-17
1. তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে।
2. দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
3. দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল।
4. যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন,
5. যিভৰ, ইলীচূৱা ইল্পেলট,
6. নোগহ, নেফগ, যাফীয়া,
7. ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
8. দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল।
9. সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
10. তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।”
11. সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম হ’ল।
12. সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
13. তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে।
14. সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
15. যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব।
16. সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে।
17. এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।

সামসঙ্গীত 78:1-11
1. হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা।
2. মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
3. এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
4. তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
5. কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
6. যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
7. তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
8. তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
9. ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
10. তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
11. তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।

প্রবচন 19:20-21
20. তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
21. মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।

পাঁচনি 7:22-43
22. মোচি মিচৰীয়া সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কার্যত তেওঁ মহা-ক্ষমতাশালী হল।
23. যেতিয়া মোচিৰ বয়স প্রায় চল্লিশ বছৰ, তেতিয়া তেওঁ নিজৰ ইস্ৰায়েলী ভাই সকলক চাবলৈ মন কৰিলে।
24. এজন ইস্ৰায়েলী লোকক অন্যায় ব্যৱহাৰ কৰা দেখি, মোচিয়ে ইস্ৰায়েলী জনৰ পক্ষক সমর্থন কৰিলে আৰু মিচৰীয়া জনক প্ৰহাৰ কৰি সেই অন্যায় ব্যৱহাৰৰ প্ৰতিকাৰ কৰিলে।
25. মোচিয়ে ভাৱিছিল যে, তেওঁৰ স্বজাতীয় ভাই সকলে হয়তো বুজিব ঈশ্বৰে যে তেওঁৰ হতুৱাই তেওঁলোকক মুক্ত কৰিব কিন্তু তেওঁলোকে নুবুজিলে।
26. পাছদিনা খন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা?’
27. কিন্তু যি জনে নিজৰ নিকটৱর্তীজনক অন্যায় ব্যৱহাৰ কৰিছিল, তেওঁ মোচিক ঠেলা মাৰি আতৰাই কলে ‘আমাৰ ওপৰত কোনে তোমাক শাসনকর্তা আৰু বিচাৰক পাতিলে?
28. কালি যেনেকৈ মিচৰীয়া জনক বধ কৰিলা, তেনেকৈ মোকো বধ কৰিব খোজা নে?’
29. এই কথা শুনি মোচি মিদিয়ন দেশলৈ পলাই গৈ তাত প্রবাসী ৰূপে থাকিল আৰু সেই ঠাইতে তেওঁৰ দুজন পুত্রৰ জন্ম হ’ল।
30. এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
31. এই দৰ্শন দেখি মোচি আচৰিত হ’ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ’ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে-
32. ‘মই তোমাৰ পিতৃপুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।’ মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।
33. পাছত প্ৰভুৱে তেওঁক কলে, ‘তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
34. মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।’
35. এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে?’ তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
36. মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
37. এই জন মোচিয়েই ইস্ৰায়েলী ভাই সকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।
38. তেৱেঁই মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
39. এই জনে আমাৰ ওপৰ-পিতৃ, যি জনৰ কথা আমাৰ পূৰ্ব-পুৰুষ সকলে মানিবলৈ অসন্মত হৈ, তেওঁক অগ্রাহ্য কৰিছিল আৰু মিচৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল।
40. সেই সময়ত তেওঁলোকে হাৰোণক কলে, “মোচিয়ে আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; কিন্তু তেওঁৰ কি হ’ল আমি তাক নাজনো। গতিকে, আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূর্তি সাজি দিয়ক।”
41. তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।
42. তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
43. তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”