A A A A A

১ বংশাবলি 11:1-46
1. তাৰ পাছত গোটেই ইস্ৰায়েলৰ লোকসকলে হিব্ৰোণত দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওক, আমি আপোনাৰ মাংস আৰু আপোনাৰ হাড়।
2. আগেয়ে যেতিয়া চৌল আমাৰ ওপৰত ৰজা আছিল, তেতিয়া আপুনিয়েই ইস্ৰায়েলৰ সৈন্যসকলক নেতৃত্ব দিছিল। আপোনাৰ ঈশ্ৱৰ যিহোৱাই আপোনাক কৈছিল, ‘তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ৰখীয়া হবা, আৰু তুমি মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত শাসনকৰ্ত্তা হ’বা।’”
3. সেয়ে ইস্ৰায়েলৰ সকলো বৃদ্ধ লোক হিব্ৰোণৰ ৰজাৰ ওচৰলৈ আহিল, আৰু দায়ূদে হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে, যিহোৱাই চমূৱেলৰ দ্ৱাৰাই কোৱা বাক্য অনুসাৰে তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা অভিষেক কৰিলে।
4. দায়ুদ আৰু সকলো ইস্ৰায়েলীয়া লোকসকলে যিৰূচালেমলৈ গ’ল সেই ঠাইয়ে যিবুচ। সেই সময়ত যিবুচ নিবাসী যিবুচীয়া লোকসকল সেই ঠাইত আছিল।
5. তাতে যিবুচ নিবাসী লোকসকলে দায়ূদক ক’লে, “আপুনি এই ঠাইত সোমাব নোৱাৰে।” কিন্তু দায়ূদে চিয়োন দুৰ্গ অধিকাৰ কৰি ল’লে, সেয়ে দায়ূদৰ নগৰ।
6. দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।
7. তাৰ পাছত দায়ুদ সেই দুৰ্গত বাস কৰিলে। সেই বাবে তেওঁলোকে এই নগৰক ‘দায়ূদৰ নগৰ’ বুলি ক’লে।
8. তেওঁ মিল্লোৰ পৰা নগৰৰ চাৰিওফালে দেৱাল বান্ধিলে। যোৱাবে নগৰৰ অৱশিষ্ট ঠাইবোৰ মেৰামত কৰিলে।
9. দায়ুদ মহানৰ পৰা মহান হ’ল, কাৰণ যিহোৱা, বাহিনীসকলৰ ঈশ্ৱৰ তেওঁৰ লগত আছিল।
10. ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বাক্য পালন কৰি, দায়ূদক ৰজা পাতিবলৈ, এওঁলোকেই দায়ূদৰ প্ৰধান লোক যি সকলে সকলো ইস্ৰায়েলৰ লগত একেগোট হৈ তেওঁৰ ৰাজ্যত নিজকে শক্তিশালী দেখুৱালে।
11. এই খন এখন দায়ুদৰ শ্রেষ্ঠ সৈন্যসকলৰ তালিকা: হকমোনীয়াৰ পুত্ৰ যাচবিয়াম, তেওঁ ত্ৰিশ জনৰ ওপৰত প্ৰধান সেনাপতি আছিল, তেওঁ তিনি শ লোকৰ বিৰুদ্ধে যাঠীৰে তেওঁলোকক একে সময়তে বধ কৰিলে।
12. তেওঁৰ পাছত অহোহীয়া দোদয়ৰ পুত্ৰ ইলিয়াজ, তেওঁ আছিল তিনিজন পৰাক্ৰমী পুৰুষৰ মাজৰ এজন।
13. তেওঁ পচদম্মীমত দায়ুদৰ লগত আছিল। যি ঠাই ডোখৰত যৱ ধান গুড়ি কৰিছিল, সেই পথাৰ খনত যুদ্ধৰ বাবে পলেষ্টীয়াসকলে গোট খালে; আৰু তাত পলেষ্টীয়াসকলৰ সন্মূখৰ পৰা সৈন্যসকল পলাইছিল।
14. তেওঁলোকে পাছত সেই পথাৰৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে, আৰু পলেষ্টীয়াসকলক তৰোৱালেৰে আঘাত কৰিলে। যিহোৱাই মহাজয়েৰে তেওঁলোকক উদ্ধাৰ কৰিলে।
15. ত্ৰিশ জন প্ৰধান লোকৰ মাজৰ তিনিজন লোক শিলটোলৈ অৰ্থাৎ দায়ুদ থকা অদুল্লম গুহাৰ ওচৰলৈ নামি গ’ল। তেতিয়া পলেষ্টীয়াসকলৰ সৈন্যসকলে ৰফায়ীমৰ উপত্যকাত ছাউনি পাতি আছিল।
16. সেই সময়ত দায়ুদ তেওঁৰ দুৰ্গৰ এটা গুহাত আছিল, তেতিয়া বৈৎলেহেমত পলেষ্টীয়াসকলৰ সৈন্যদল প্ৰতিষ্ঠিত আছিল।
17. দায়ূদে পানীৰ বাবে হেঁপাহ কৰি ক’লে, “যদি কোনো এজন লোক বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ পৰা মোক খাবলৈ পানী আনি দিলেহেঁতেন!”
18. তেতিয়া সেই তিনি জন পৰাক্ৰমী পুৰুষে পলেষ্টীয়াসকলৰ সৈন্যদল ভেদ কৰি বৈৎলেহেমৰ দুৱাৰৰ ওচৰত থকা নাদৰ কাষলৈ গ’ল, আৰু তাৰ পৰা পানী তুলি লৈ দায়ূদৰ ওচৰলৈ আহিল। কিন্তু দায়ূদে তাক পান কৰিবলৈ ইচ্ছা নকৰি যিহোৱাৰ উদ্দেশ্যে ঢালি দিলে।
19. তেতিয়া তেওঁ ক’লে, “নিশ্চয়ে এয়া মই পান কৰিম নে, এনে কৰ্ম যিহোৱাই মোৰ পৰা নিষেধ কৰক; কিয়নো নিজৰ যে মই নিশ্চয়ে এইটো পান কৰিব লাগে। নিজৰ প্ৰাণৰ ক্ষতি স্বীকাৰ কৰা এই মানুহ কেইজনৰ তেজ মই পান কৰিম নে?” কাৰণ তেওঁলোকে প্ৰাণৰ ক্ষতি স্বীকাৰ কৰি এই পানী তুলি আনি দিছিল। সেয়ে তেওঁ তাক পান কৰিবলৈ অস্বীকাৰ কৰিলে। এই কৰ্ম সেই তিনি জন পৰাক্ৰমী পুৰুষে কৰিছিল।
20. এই তিনি জনৰ মাজত যোৱাবৰ ভায়েক অবীচয় প্ৰধান আছিল; তেওঁ তিনি শ লোকৰ বিৰুদ্ধে গৈ নিজৰ যাঠীৰে সিহঁতক বধ কৰিছিল, সেয়ে তিনি জন সৈনিকৰ মাজত তেওঁৰ নাম বাৰে বাৰে উল্লেখিত হৈছিল।
21. সেই তিনি জনৰ মাজত তেওঁ অধিক মৰ্য্যদাৱন্ত আছিল আৰু তেওঁলোকৰ প্ৰধান সেনাপতি হৈছিল। তথাপি তেওঁ সেই তিনি জন বিখ্যাত সৈনিকৰ সমান বিখ্যাত হোৱা নাছিল।
22. যিহোয়াদাৰ পুত্ৰ বনায়া এজন বীৰপুৰুষ আছিল, তেওঁ মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুত্রক বধ কৰিছিল। তেওঁ হিম পৰাৰ সময়ত গাতৰ ভিতৰলৈ গৈ এটা সিংহকো বধ কৰিছিল।
23. ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।
24. যিহোয়াদাৰ পুত্ৰ বনায়াই এইবোৰ কাৰ্য কৰিছিল, আৰু তেওঁ সেই তিনি জন পৰাক্ৰমী পুৰুষৰ মাজত নাম পাইছিল।
25. তেওঁ ত্ৰিশ জন সাধাৰণ সৈনিকৰ মাজত অধিক মৰ্য্যদা পাইছিল, তথাপি তেওঁ সেই তিনি জন সৈনিকৰ সমান মৰ্যদ্যা পোৱা নাছিল। তথাপিও দায়ূদে তেওঁক নিজৰ অঙ্গৰক্ষকসকলৰ ওপৰত অধ্যক্ষ পাতিছিল।
26. পৰাক্ৰমী বীৰপুৰুষসকলৰ নাম: যোৱাবৰ ভায়েক অচাহেল, বৈৎলেহেমৰ দোদৰ পুত্ৰ ইলহানন,
27. হৰোৰীয়া চম্মোৎ, পলোনীয়া হেলচ,
28. তকোৱায়ীয়া ইক্কেচৰ পুত্ৰ ঈৰা, অনাথোতীয়া অবীয়েজৰ,
29. হূচাতীয়া চিব্বকয়, অহোহীয়া ঈলয়,
30. নটোফাতীয়া মহৰয়, নটোফাতীয়া বানাৰ পুত্ৰ হেলদ,
31. বিন্যামীনৰ বংশৰ গিবিয়াৰ ৰীবয়ৰ পুত্ৰ ইথয়, পিৰাথোনীয়া বনায়া,
32. গাচ উপত্যকাৰ হূৰয়, অৰ্বাতীয়া অবীয়েল,
33. বহৰূমীয়া অজমাবৎ, চালবোনীয়া ইলিয়হবা,
34. গিজোনীয়া হাচেমৰ পুত্ৰসকল, হৰাৰীয়া চাগিৰ পুত্ৰ যোনাথন,
35. হৰাৰীয়া চাখৰৰ পুত্ৰ অহীয়াম, ঊৰৰ পুত্ৰ ইলীফাল,
36. মখেৰাতীয়া হেফৰ, পলোনীয়া অহিয়া,
37. কৰ্মিলীয়া হিষ্ৰো, ইজবয়ৰ পুত্ৰ নাৰয়,
38. নাথনৰ ভায়েক যোৱেল, হগ্ৰীৰ পুত্ৰ মিভৰ,
39. অম্মোনীয়া চেলক, চৰূয়াৰ পুত্ৰ যোৱাবৰ অস্ত্ৰবাহক বেৰোতীয়া নহৰয়,
40. যিত্ৰীয়া ঈৰা, যিত্ৰীয়া গাৰেব,
41. হিত্তীয়া ঊৰিয়া, অহলয়ৰ পুত্ৰ জাবদ,
42. ৰূবেণীয়া চীজাৰ পুত্ৰ ৰূবেণীয়াসকলৰ সেনাপতি অদীনা, আৰু তেওঁৰ লগত ত্ৰিশ জন লোক,
43. মাখাৰ পুত্ৰ হানন আৰু মিত্নীয়া যোচাফট,
44. অষ্টাৰোতীয়া উজ্জিয়া, অৰোয়েৰীয়া হোথমৰ দুজন পুত্ৰ চামা আৰু যিয়ীয়েল,
45. চিম্ৰীৰ পুত্ৰ যিদীয়েল, আৰু তেওঁৰ ভায়েক তীচীয়া যোহা,
46. মহবীয়া ইলীয়েল, ইলনামৰ দুজন পুত্ৰ যিৰীবয় আৰু যোচবিয়া, আৰু মোৱাবীয়া যিথমা;

১ বংশাবলি 12:1-40
1. যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
2. তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
3. প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
4. ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
5. ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
6. ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
7. গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
8. গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
9. তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
10. চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
11. ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
12. অষ্টম যোহানন, নৱম ইলজাবদ,
13. দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
14. গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
15. তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
16. বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
17. দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
18. তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
19. চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
20. দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
21. তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
22. দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
23. যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
24. যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
25. চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
26. লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
27. যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
28. চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
29. বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
30. ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
31. মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
32. ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
33. জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
34. নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
35. দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
36. আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
37. যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
38. সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
39. তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
40. ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।

সামসঙ্গীত 77:16-20
16. হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
17. মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
18. বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
19. সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
20. মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।

প্রবচন 19:17-19
17. যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
18. আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
19. অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।

পাঁচনি 7:1-21
1. তেতিয়া মহা-পুৰোহিতে স্তিফানক সুধিলে- “এইবোৰ কথা সঁচা নেকি?”
2. স্তিফানে ক’লে- “হে ভাই সকল আৰু পিতৃ সকল, মোৰ কথা শুনক। আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতেমিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক’লে-
3. “তুমি তোমাৰ দেশ আৰু জ্ঞাতি-কুটুম্বক এৰি, মই যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ যোৱা।”
4. তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।
5. নিজৰ অধিকাৰৰ কাৰণে ঈশ্বৰে তেওঁক একোকে নিদিলে; এনে কি এখোজ মাটিও নিদিলে। কিন্তু তেওঁক আৰু তেওঁৰ ভাবীবংশৰ অধিকাৰৰ অর্থে ঈশ্বৰে এই দেশ দিব বুলি প্ৰতিজ্ঞা কৰিলে; যদিও অব্ৰাহামৰ সেই সময়লৈকে কোনো সন্তান নাছিল।
6. ঈশ্বৰে তেওঁক এইদৰে কৈছিল, “তোমাৰ বংশধৰ সকলে বিদেশত প্রৱাস কৰিব৷ সেই দেশৰ মানুহে তেওঁলোকক চাৰি শ বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব।”
7. ঈশ্বৰে ইয়াকো কলে, “তেওঁলোকে যি জাতিৰ দাসত্ব খাটিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম; তাৰ পাছত তেওঁলোকে ওলাই আহি এই ঠাইতে মোৰ সেৱা উপাসনা কৰিব।”
8. ইয়াৰ পাছত ঈশ্বৰে অব্রাহামক চুন্নৎ কৰাৰ বিধান দিলে। সেয়েহে, অব্রাহামে নিজৰ পুত্র ইচহাক জন্ম হোৱাত, আঠ দিনৰ দিনা তেওঁৰ চুন্নৎ কৰালে। পাছত ইচহাকৰ পুত্র যাকোব আৰু যাকোবৰ পুত্ৰ বাৰ জন গোষ্ঠীৰ পিতৃকুল হ’ল।
9. পাছত সেই পিতৃকুল সকল যোচেফৰ প্রতি ঈর্ষান্বিত হৈ তেওঁক মিচৰ দেশলৈ বেচিলে, কিন্তু ঈশ্বৰ তেওঁৰ সঙ্গী আছিল।
10. সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৌৰণেৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
11. গোটেই মিচৰ আৰু কনান দেশত ভীষণ আকাল হোৱাত, মহাক্লেশ হ’ল আৰু আমাৰ পিতৃপুৰুষ সকলৰ খাদ্য বস্তুৰ অভাৱ হ’ল।
12. কিন্তু যাকোবে মিচৰ দেশত শস্য থকাৰ বাৰ্তা পাই, প্ৰথমতে আমাৰ পিতৃপুৰুষ সকলক তালৈ পঠালে।
13. দ্বিতীয় বাৰ যোৱাত যোচেফে ককায়েক সকলৰ ওচৰত নিজৰ পৰিচয় দিলে আৰু ফৌৰণেও যোচেফৰ পৰিয়ালৰ বিষয়ে জ্ঞাত হ’ল।
14. তেতিয়া যোচেফে তেওঁৰ ককায়েক সকলক পিতৃ যাকোব আৰু জ্ঞাতি-কুতুম্ব সকলক মিচৰ দেশলৈ আনিবলৈ উভটাই পঠালে; তেওঁলোক মুঠ পয়সত্তৰ জন আছিল।
15. তাতে যাকোব মিচৰ দেশলৈ গ’ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃপুৰুষ সকলো মৰিল।
16. তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ’ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।
17. ঈশ্বৰে অব্রাহামৰ আগত শপত কৰি যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা পূর্ণ হোৱাৰ সময় ওচৰ হোৱাত; মিচৰত তেওঁৰ লোক সকল বৃদ্ধি পাই বিস্তাৰিত হল।
18. তাৰ পাছত মিচৰত আন এজন ৰজা আহিল। তেওঁ যোচেফৰ সম্বন্ধে নাজানিছিল।
19. সেই জন ৰজাই আমাৰ জাতিৰ লোক সকলক প্রৱঞ্চনা কৰি আমাৰ পূৰ্ব-পুৰুষ সকলৰ প্রতি কু-ব্যৱহাৰ কৰিলে। এনে কি শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেচুঁৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে।
20. সেই সময়তে মোচিৰ জন্ম হ’ল। তেওঁ ঈশ্ৱৰৰ দৃষ্টিত অতি সুন্দৰ আছিল৷ তিনি মাহলৈকে তেওঁ পিতৃৰ গৃহত প্ৰতিপালিত হৈছিল।
21. পাছত তেওঁক বাহিৰলৈ পেলাই দিয়াত, ফৌৰণৰ জীয়েকে তেওঁক তুলি নি নিজৰ পুত্র স্বৰূপে প্ৰতিপালন কৰিলে।