A A A A A

১ বংশাবলি 5:1-26
1. ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
2. যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
3. ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
4. যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
5. চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
6. বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
7. যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
8. যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
9. আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
10. চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
11. তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
12. যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
13. তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
14. উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
15. গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
16. তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
17. যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
18. ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
19. তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
20. তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
21. তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
22. কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
23. মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।
24. তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
25. কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
26. সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।

১ বংশাবলি 6:1-81
1. লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
2. কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
3. অম্ৰমৰ পুত্র হাৰোণ, মোচি, আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰোণৰ পুত্র নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰ।
4. ইলিয়াজৰৰ পুত্র পীনহচ, পীনহচৰ পুত্র অবীচুৱা।
5. অবীচুৱাৰ পুত্র বুক্কী, বুক্কীৰ পুতেক উজ্জী।
6. উজ্জীৰ পুত্র জৰহীয়া, জৰহীয়াৰ পুত্র মৰায়োৎ।
7. মৰায়োতৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
8. অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র অহীমাচ।
9. অহীমাচৰ পুত্র অজৰিয়া, অজৰিয়াৰ পুত্র যোহানন।
10. যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।
11. অজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
12. অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র চল্লুম।
13. চল্লুমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া;
14. অজৰিয়াৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যিহোচাদক।
15. যি সময়ত যিহোৱাই নবূখদনেচৰৰ দ্বাৰাই যিহূদা আৰু যিৰূচালেমক বন্দী কৰিছিল, সেই সময়ত যিহোচাদককো বন্দী কৰি নিয়া হৈছিল।
16. লেবীৰ পুত্র গেৰ্চোম, কহাৎ, আৰু মৰাৰী।
17. গেৰ্চোমৰ পুত্রসকলৰ নাম লিবনী আৰু চিমিয়ী।
18. কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
19. মৰাৰীৰ পুত্র মহলী আৰু মুচী। এওঁলোক পিতৃ-বংশ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল।
20. গেৰ্চোমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ যহৎ। যহতৰ পুত্র জিম্মা।
21. জিম্মাৰ পুত্র যোৱাহ। যোৱাহৰ পুত্র ইদ্দো। ইদ্দোৰ পুত্র জেৰহ। জেৰহৰ পুত্র যিয়থৰয়।
22. কহাতৰ বংশধৰ তেওঁৰ পুত্র অম্মীনাদব। অম্মীনাদবৰ পুত্র কোৰহ। কোৰহৰ পুত্র অচীৰ।
23. অচীৰৰ পুত্র ইলকানা। ইলকানাৰ পুত্র অবিয়াচফ। অবিয়াচফৰ পুত্র অচীৰ।
24. অচীৰৰ পুত্র তহৎ। তহতৰ পুত্র উৰীয়েল। উৰীয়েলৰ পুত্র উজ্জীয়া। উজ্জীয়াৰ পুত্র চৌল।
25. ইলকানাৰ পুত্র অমাচয়, অহীমোৎ আৰু ইলকানা।
26. দ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।
27. নহতৰ পুত্র ইলীয়াব। ইলীয়াবৰ পুত্র যিৰোহম। যিৰোহমৰ পুত্র ইলকানা।
28. চমূৱেলৰ প্ৰথম পুত্র যোৱেল, দ্বিতীয় পুত্র অবিয়া।
29. মৰাৰীৰ পুত্র মহলী। মহলীৰ পুত্র লিবনী। লিবনীৰ পুত্র চিমিয়ী।
30. চিমিয়ীৰ পুত্র উজ্জা। উজ্জাৰ পুত্র চিমিয়া। চিমিয়াৰ পুত্র হগিয়া। হগিয়াৰ পুত্র অচায়া।
31. নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
32. চলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল।
33. এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।
34. চমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰোহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।
35. তোহ আছিল চুফৰ পুত্র। চুফ আছিল ইলকানাৰ পুত্র। মহতৰ পুত্র ইলকানা। ইলকানা আছিল মহৎ অমাচয়ৰ পুত্র। অমাচয় আছিল ইলকানাৰ পুত্র।
36. ইলকানা আছিল যোৱেলৰ পুত্র। যোৱেল আছিল অজৰিয়াৰ পুত্র। অজৰিয়া আছিল চফনিয়াৰ পুত্র।
37. চফনিয়া আছিল তহতৰ পুত্র। তহৎ আছিল অচীৰৰ পুত্র। অচীৰ আছিল অবিয়াচফৰ পুত্র। অবিয়াচফ আছিল কোৰহৰ পুত্র।
38. কোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।
39. হেমনৰ লগৰীয়া আচফ। তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল। আচফ আছিল বেৰেখিয়াৰ পুত্র। বেৰেখিয়া আছিল চিমিয়াৰ পুত্র।
40. চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।
41. মল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।
42. অদায়া আছিল এথনৰ পুত্র। এথন আছিল জিম্মাৰ পুত্র। জিম্ম আছিল চিমিয়ীৰ পুত্র।
43. চিমিয়া আছিল যহতৰ পুত্র। জহৎ আছিল গেৰ্চোমৰ পুত্র। গের্চোম আছিল লেবীৰ পুত্র।
44. মৰাৰীৰ সন্তান সকল হেমনৰ সহকৰ্মী আছিল, আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কীচীৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কীচী আছিল অব্দীৰ পুত্ৰ। অব্দী আছিল মল্লূকৰ পুত্র।
45. মল্লূক আছিল হচবিয়াৰ পুত্র। হচবিয়া আছিল অমচিয়াৰ পুত্র। অমচিয়া আছিল হিল্কিয়াৰ পুত্র।
46. হিল্কিয়া আছিল অমচীৰ পুত্র। অমচী আছিল বানীৰ পুত্র। বানী আছিল চেমৰৰ পুত্র।
47. চেমৰ আছিল মহলীৰ পুত্র। মহলী আছিল মুচিৰ পুত্র। মুচী আছিল মৰাৰীৰ পুত্র। মৰাৰী আছিল লেবীৰ পুত্র।
48. তেওঁলোকৰ সহকৰ্মী লেবীয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্র স্থানৰ সকলো কাৰ্যৰ বাবে নিযুক্ত কৰা হৈছিল।
49. হাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞবেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।
50. হাৰোণৰ বংশধৰ সকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল: হাৰোণৰ পুত্র আছিল ইলিয়েজৰ। ইলিয়াজৰৰ পুত্র আছিল পীনহচ। পীনহচৰ পুত্র আছিল অবীচুৱা
51. অবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহীয়া।
52. জৰহীয়াৰ পুত্র আছিল মৰায়োৎ। মৰায়োতৰ পুত্র আছিল অমৰিয়া। অমৰিয়াৰ পুত্র আছিল অহীটুব।
53. অহীচুবৰ পুত্র আছিল চদোক। চাদোকৰ পুত্র আছিল অহীমাচ।
54. তলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে। চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা:
55. তেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।
56. কিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাওঁবোৰ যিফুন্নিৰ পুত্ৰ কালেবক দিয়া হ’ল।
57. হাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্ৰয়-নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিব্‌না, যত্তীৰ, আৰু ইষ্টমোৱা,
58. চৰণীয়া ঠায়ে সৈতে হীলেন, আৰু চৰণীয়া ঠায়ে সৈতে দবীৰ দিয়া হ’ল।
59. হাৰোণৰ বংশধৰ সকলক চৰণীয়া ঠায়ে সৈতে আচন আৰু চৰণীয়া ঠায়ে সৈতে বৈৎচেমচো দিয়া হ’ল।
60. বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।
61. কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।
62. গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।
63. মৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।
64. এইদৰে ইস্ৰায়েলৰ লোকসকলে লেবীয়াসকলক চৰণীয়া ঠায়ে সৈতে এইবোৰ নগৰ দিলে।
65. তেওঁলোকে যিহূদা, চিমিয়োন, বিন্যামীনৰ লোকসকলৰ জাতিৰ পৰা, চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে।
66. কিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰয়িম জাতিৰ পৰা নগৰবোৰ দিয়া হ’ল।
67. তেওঁলোকক চিখিম, চৰণীয়া ঠায়ে সৈতে ইফ্ৰয়িমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠায়ে সৈতে গেজৰ,
68. চৰণীয়া ঠায়ে সৈতে যকমিয়াম, চৰণীয়া ঠায়ে সৈতে বৈৎ-হোৰোণ,
69. চৰণীয়া ঠায়ে সৈতে অয়ালোন, আৰু চৰণীয়া ঠায়ে সৈতে গৎ-ৰিম্মোণ দিয়া হ’ল।
70. কহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে অনেৰ, আৰু চৰণীয়া ঠায়ে সৈতে বিলিয়ম দিয়া হ’ল।
71. গেৰ্চোমৰ বংশধৰ সকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা, চৰণীয়া ঠায়ে সৈতে বাচানত থকা গোলন, আৰু চৰণীয়া ঠায়ে সৈতে অষ্টাৰোৎ দিয়া হ’ল।
72. ইচাখৰ জাতিৰ পৰা গেৰ্চোম বংশধৰ লোকসকলে চৰণীয়া ঠায়ে সৈতে কেদচ, চৰণীয়া ঠায়ে সৈতে দাবৰৎ,
73. চৰণীয়া ঠায়ে সৈতে ৰমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে আনেম পাইছিল।
74. আচেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠায়ে সৈতে মিচাল, চৰণীয়া ঠায়ে সৈতে অব্দোন
75. চৰণীয়া ঠায়ে সৈতে হূকোক, আৰু চৰণীয়া ঠায়ে সৈতে ৰহোব পাইছিল।
76. নপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠায়ে সৈতে গালীলত থকা কেদচ, চৰণীয়া ঠায়ে সৈতে হম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে কিৰিয়াথয়িম পাইছিল।।
77. লেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে তাবোৰ দিয়া হ’ল।
78. তেওঁলোকক ৰূবেণ জাতিৰ পৰা যিৰীহোত থকা যৰ্দ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠায়েৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠায়ে সৈতে যহচা, চৰণীয়া ঠায়ে সৈতে কদেমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে মেফাৎ দিয়া হ’ল।
79. গাদ জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়ে সৈতে মহনয়িম,
80. চৰণীয়া ঠায়ে সৈতে হিচবোন, আৰু চৰণীয়া ঠায়ে সৈতে যাজেৰ দিয়া হ’ল।
81. মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।

সামসঙ্গীত 77:1-3
1. সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
2. মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]
3. অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!

প্রবচন 19:10-12
10. মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
11. ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
12. তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷

পাঁচনি 5:1-21
1. অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে।
2. তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
3. সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
4. এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
5. পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
6. প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
7. পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
8. তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
9. তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
10. মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
11. পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।
12. যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
13. কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
14. ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
15. যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
16. কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল
17. তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
18. কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
19. “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।
20. আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।