A A A A A

২ রাজাবলি 19:1-37
1. ৰজা হিষ্কিয়াই এই কথা শুনি নিজৰ কাপোৰ ফালিলে আৰু চট কাপোৰ পিন্ধি যিহোৱাৰ গৃহত সোমাল।
2. চট কাপোৰ পিন্ধি থকা ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা আৰু পুৰোহিতৰ বয়োজ্যেষ্ঠ লোকসকলক ৰজাই আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ ওচৰলৈ পঠালে।
3. তেওঁলোকে তেওঁক ক’লে, “হিষ্কিয়াই কৈছে যে, ‘আজিৰ দিনটো হৈছে সঙ্কটৰ; ধমকি আৰু অপমানৰ দিন; কিয়নো সন্তান সকল প্ৰসৱৰ দুৱাৰ মুখলৈ আহিছে, কিন্তু জন্ম দিয়াৰ শক্তি নাই।
4. আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
5. ৰজা হিষ্কিয়াৰ দাসবোৰ যেতিয়া যিচয়াৰ ওচৰলৈ আহিছিল,
6. তেতিয়া যিচয়াই তেওঁলোকক কৈছিল, “আপোনালোকৰ প্ৰভুক ক’ব যে, যিহোৱাই কৈছে, ‘তুমি যি শুনিছা অর্থাৎ অচুৰৰ ৰজাৰ দাসবোৰে মোক যি সকলো ঠাট্টা-বিদ্রূপ কৰিছে, তালৈ তুমি ভয় নকৰিবা।
7. শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
8. পাছত ৰবচাকিয়ে উভটি আহি শুনিলে যে অচূৰৰ ৰজাই লাখীচ এৰি লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।
9. তাৰ পাছতে অচূৰৰ ৰজা চনহেৰীবে খবৰ পালে যে মিচৰ আৰু কুচ দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ওলাই আহিছে। তেতিয়া অচূৰৰ ৰজাই পুনৰ হিষ্কিয়াৰ ওচৰলৈ লোকসকলৰ যোগেদি এক বার্তা পঠাই দিলে:
10. “তোমালোকে গৈ যিহূদাৰ ৰজা হিষ্কিয়াক কোৱাগৈ, ‘আপোনাৰ ঈশ্বৰ, যিজনৰ ওপৰত আপুনি ভাৰসা ৰাখে, তেওঁ এইবুলি কৈ প্রতাৰণা কৰিবলৈ নিদিব ‘অচূৰৰ ৰজাৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব’।”
11. চাওঁক, আপুনিতো শুনিছেই যে অচূৰৰ ৰজাই সকলো দেশক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ কেনে ব্যৱহাৰ কৰিছে; তেনেহলে, আপুনি ৰক্ষা পাবনে?
12. মোৰ পূর্বপুৰুষসকলে গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ যি জাতি সমূহক বিনষ্ট কৰিছিল, তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছিল?
13. হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িমৰ নগৰবোৰৰ ৰজা, হেনা আৰু ইব্বাৰ ৰজা ক’ত আছে’?”
14. হিষ্কিয়াই বার্তাবাহকসকলৰ পৰা পত্ৰখন লৈ পঢ়িলে; তেওঁ যিহোৱাৰ গৃহলৈ উঠি গ’ল আৰু যিহোৱাৰ সন্মুখত পত্রখন মেলি ধৰিলে।
15. তাৰ পাছত হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, দুই কৰূবৰ মাজত থকা হে ইস্রায়েলৰ ঈশ্বৰ, পৃথিবীৰ সমুদায় ৰাজ্যৰ ওপৰত একমাত্র ঈশ্বৰ আপুনিয়েই; আপুনিয়েই আকাশ-মণ্ডল আৰু পৃথিবীৰ সৃষ্টিকর্তা।
16. হে যিহোৱা, কাণ পাতি শুনক, হে যিহোৱা, চকু মেলি চাওঁক। জীৱন্ত ঈশ্বৰক নিন্দা কৰিবৰ কাৰণে চনহেৰীবে যি কথা কৈ পঠাইছে, সেয়া শুনক।
17. হে যিহোৱা, এই কথা সত্য যে, অচূৰৰ ৰজাসকলে জাতিবোৰক আৰু তেওঁলোকৰ দেশবোৰ বিনষ্ট কৰিলে।
18. তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নাছিল, মনুষ্যৰ হাতেৰে নির্মিত কেৱল কাঠ আৰু শিলৰ শিল্পকাৰ্য্য মাথোন; সেয়ে, অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
19. এই হেতুকে, হে আমাৰ ঈশ্বৰ যিহোৱা, মই আপোনাক বিনয় কৰোঁ, আপুনি আমাক তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰক, তেতিয়া পৃথিৱীৰ সমগ্র ৰাজ্যই জানিব পাৰিব যে আপুনিয়েই ঈশ্বৰ, কেৱল আপুনিয়েই যিহোৱা।”
20. তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’
21. তেওঁৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘চিয়োনৰ যুৱতী কন্যাই তোমাক হেয়জ্ঞান কৰে আৰু তোমাক বিদ্রূপ কৰি হাঁহে; যিৰূচালেমৰ কন্যাই তোমাক দেখি মূৰ জোকাৰে।
22. তুমি কাক অপমান কৰিলা? কাক নিন্দা কৰিলা? তুমি কাৰ বিৰুদ্ধে চিঞঁৰি কথা ক’লা আৰু দর্পেৰে সৈতে চকুতুলি চাইছা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই তুমি এইবোৰ কৰিলা।
23. তুমি নিজ দূতবোৰৰ দ্বাৰাই প্ৰভুৰ নিন্দা কৰি ক’লা, ‘মোৰ অধিক ৰথবোৰেৰে সৈতে পৰ্ব্বতবোৰৰ উচ্চ শিখৰলৈ, লিবানোনৰ আটাইতকৈ ওখ ওখ শিখৰলৈকে উঠি গলোঁ; মই তাৰ ওখ ওখ এৰচ গছবোৰ কাটি পেলাম আৰু তাৰ উত্তম উত্তম দেৱদাৰু গছবোৰ কাটি পেলাম; আৰু মই তাৰ বহুত দূৰলৈকে সোমাই যাম, সকলোতকৈ উত্তম ফলৱতী অৰণ্যৰ ভিতৰলৈ সোমাই যাম।
24. মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ। মই মোৰ ভৰিৰ তলুৱাৰেৰে মিচৰৰ নদীবোৰ শুকুৱালো।’
25. ‘তুমি জানো শুনা নাই যে অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ? এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।
26. সেইবোৰৰ নিবাসীসকল দুর্বলী হ’ল, ভয়তে ব্যাকুল আৰু লজ্জিত হ’ল। সিহঁত পথাৰৰ তৃণ, সেউজীয়া ঘাঁহ-বন, ঘৰৰ চালত বা পথাৰত গজা ঘাহঁৰ নিচিনা, যি বাঢ়ি যোৱাৰ আগেয়েই শুকাই যায়।
27. কিন্তু মই তোমাৰ বহা, এনেকি তুমি বাহিৰলৈ বা ভিতৰলৈ অহা-যোৱা কৰা আৰু মোৰ বিৰুদ্ধে কৰা খং এই সকলোকে জানো।
28. তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে, মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’
29. ‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব: এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা। দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
30. যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।
31. কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব; বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’
32. এই হেতুকে অচূৰৰ ৰজাৰ বিষয়ে যিহোৱাই এই কথা কৈছে: ‘তেওঁ এই নগৰলৈ নাহিব, এনেকি এপাত কাঁড়ো নামাৰিব। তেওঁ ঢাল লৈ ইয়াৰ সন্মুখলৈ নাহিব নাইবা ইয়াৰ বিৰুদ্ধে অৱৰোধৰ পথ নির্মাণ নকৰিব।
33. তেওঁ যি পথেদি আহিল, সেই পথেৰেই উলটি যাব; এই নগৰত তেওঁ নোসোমাব; এয়ে হৈছে যিহোৱাৰ ঘোষণা।
34. মই নিজৰ কাৰণে আৰু মোৰ দাস দায়ুদৰ কাৰণে, মই এই নগৰক প্রতিহত কৰি উদ্ধাৰ কৰিম’।”
35. সেই ৰাতিয়েই যিহোৱাৰ স্বর্গদূতে বাহিৰলৈ ওলাই গৈ, অচূৰীয়াসকলৰ ছাউনিৰ এক লাখ পঁচাশী হাজাৰ সৈন্যক বধ কৰিলে; পিছদিনা ৰাতিপুৱা লোকসকল যেতিয়া উঠিল, তেতিয়া সকলো ঠাইতে মৰা শৱ পৰি থকা দেখিলে।
36. সেয়ে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েলৰ পৰা ঘৰলৈ উভটি গ’ল আৰু নীনবি চহৰত বাস কৰিলে।
37. এদিন যেতিয়া চনহেৰীবে নিজৰ দেৱতা নিষ্ৰোকৰ মন্দিৰত পূজা কৰি আছিল, তেতিয়া অদ্ৰমেলক আৰু চৰেচৰ নামেৰে তেওঁৰ দুজন পুতেকে তেওঁক তৰোৱালেৰে আঘাত কৰি বধ কৰিলে; পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। চনহেৰীবৰ পদত তেওঁৰ পুত্ৰ এচৰ-হদ্দোন ৰজা হ’ল।

২ রাজাবলি 20:1-21
1. এই সময়তে হিষ্কিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁৰ মৃতপ্রায় অৱস্থা হৈছিল। সেয়ে এদিন আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে তেওঁৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।”
2. এই কথা শুনি হিষ্কিয়াই তেওঁৰ মুখ দেৱালৰ ফাললৈ ঘূৰাই যিহোৱাৰ আগত এইদৰে প্ৰাৰ্থনা কৰিলে;
3. “হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; আপোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।” এইবুলি হিষ্কিয়াই বৰকৈ কান্দিবলৈ ধৰিলে।
4. যিচয়াই ওলাই গৈ ৰাজগৃহৰ চোতালৰ মাজ পোৱাৰ আগেয়েই তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল।
5. “তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা।
6. তোমাৰ আয়ুস মই পুনৰ পোন্ধৰ বছৰ বঢ়াই দিম আৰু মই অচূৰৰ ৰজাৰ হাতৰ পৰা তোমাক আৰু এই নগৰ উদ্ধাৰ কৰিম; মোৰ নিজৰ বাবে আৰু মোৰ দাস দায়ুদৰ কাৰণে মই এই নগৰ ৰক্ষা কৰিম’।”
7. যিচয়াই ক’লে, সেই “ডিমৰু গুটিৰ পিটিকা লৈ আনি;” তেতিয়া লোকসকলে তাক আনি হিষ্কিয়াৰ খহুৰ ওপৰত সানি দিয়াত তেওঁ সুস্থ হ’ল।
8. সেই সময়ত হিষ্কিয়াই যিচয়াক ক’লে, “যিহোৱাই যে মোক সুস্থ কৰিব আৰু তৃতীয় দিনা মই যিহোৱাৰ গৃহলৈ উঠি যাম, তাৰ কি চিন হ’ব?”
9. যিচয়াই উত্তৰ দি ক’লে, “যিহোৱাই যে তেওঁৰ প্রতিজ্ঞা সিদ্ধ কৰিব, সেইবাবে যিহোৱাৰ পৰা আপোনাৰ বাবে এই চিন দিব; আপুনিয়ে কওঁক, ছাঁটো দহ খাপ আগবাঢ়ি যাব লাগে নে দহ খাপ পাছলৈ হুঁহকি আহিব লাগে?”
10. তেতিয়া হিষ্কিয়াই ক’লে, “নহয়, ছাঁ দহ ধাপ আগবাঢ়ি যোৱাটো সাধাৰণ কথা; বৰং ছাঁটো দহ ধাপ পাছলৈ হুঁহকি যাওঁক।”
11. তেতিয়া যিচয়া ভাববাদীয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই ছাঁটো দহ ধাপ পিছুৱাই আনিলে; তাতে আহজৰ চিৰিৰ পথত ছাঁটো তললৈ নামি গ’ল।
12. সেই সময়ত বলদানৰ পুত্ৰ বেবিলনৰ ৰজা বৰোদক বলদানে ৰজা হিষ্কিয়াৰ অসুখৰ খবৰ পালে। সেয়ে তেওঁ হিষ্কিয়াৰ ওচৰলৈ পত্ৰ আৰু এটি উপহাৰ পঠালে।
13. হিষ্কিয়াক সেই চিঠিবোৰ পঢ়ি শুনালে। তাৰ পাছত ৰজাই সেই বার্তাবাহকসকলক সম্পূর্ণ ৰাজপ্রাসাদটো দেখুউৱাৰ লগতে নিজৰ বহুমূল্য দ্ৰব্য, যেনে ৰূপ, সোণ, সুগন্ধি মছলা, মূল্যৱান তেল আৰু তেওঁৰ অস্ত্র-সস্ত্র আদি ভঁৰালৰ আটাই বস্তু তেওঁলোকক দেখুৱালে। হিষ্কিয়াৰ ৰাজগৃহত বা তেওঁৰ গোটেই ৰাজ্যত এনে একোৱেই নাথাকিল, যি তেওঁ তেওঁলোকক নেদেখুৱালে।
14. তেতিয়া যিচয়া ভাববাদীয়ে হিষ্কিয়া ৰজাৰ ওচৰলৈ আহি সুধিলে, “সেই মানুহবোৰে আপোনাক কি কথা কলে? তেওঁলোক ক’ৰ পৰা আহিছিল?” হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বেবিলনৰ পৰা মোৰ ওচৰলৈ আহিছিল।”
15. যিচয়াই সুধিলে, “আপোনাৰ ৰাজগৃহত তেওঁলোকে কি কি দেখিলে?” হিষ্কিয়াই ক’লে, “মোৰ ৰাজগৃহৰ সকলোবোৰেই তেওঁলোকে দেখিলে; মোৰ বহুমূল্য দ্ৰব্যবোৰৰ মাজত এনে কোনো বস্তু নাই যি মই তেওঁলোকক দেখুউৱা নাই।”
16. তেতিয়া যিচয়াই হিষ্কিয়াক ক’লে, “যিহোৱাৰ কথা শুনক।
17. ‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব।
18. আপোনাৰ নিজৰ সন্তান সকল, যিসকলক আপুনি জন্ম দিলে, তেওঁলোকক তেওঁলোকে লৈ যাব আৰু বেবিলনৰ ৰাজপ্রাসাদত তেওঁলোক নপুংসক হৈ থাকিব।”
19. হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”
20. হিষ্কিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰমৰ কথা আৰু তেওঁ কেনেকৈ পুখুৰী আৰু নলা কৰি নগৰলৈ পানী আনিছিল, এই সকলো জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
21. পাছত হিষ্কিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।

২ রাজাবলি 21:1-26
1. মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
2. যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
3. তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
4. যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
5. যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
6. তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
7. তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
8. ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
9. কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
10. তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
11. “যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
12. সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
13. মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
14. মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
15. কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
16. তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
17. মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
18. পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
19. বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
20. আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
21. তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
22. তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
23. পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
24. কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
25. আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
26. পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।

সামসঙ্গীত 74:9-17
9. আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10. হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
11. তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
12. তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
13. তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
14. তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।
15. তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
16. দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
17. তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।

প্রবচন 19:1-2
1. নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
2. জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।

পাঁচনি 2:1-21
1. পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনি সকল এঠাইত একেলগে গোট খাই আছিল।
2. সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ ব’লাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনি সকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
3. তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
4. সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
5. সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্ত সকল সেই ঠাইত আছিল।
6. যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনি সকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল;
7. তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু ক’লে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলীয়া মানুহ নহয় নে?
8. যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ?”
9. পাৰ্থিয়া, মাদিয়া, এলাম, মেচোপতেমিয়া, যিহূদা, কোপ্পাদকিয়া, পন্ত, এচিয়া,
10. ফিৰুগিয়া, পাম্ফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোক সকল,
11. ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত
12. তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা-কুই কৰি ক’লে, “এই সকলোবোৰৰ অৰ্থ কি?”
13. কিন্তু কিছু সংখ্যক লোকে ক’লে, “এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে।”
14. তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে ক’লে, “হে যিহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসী সকল, এই কথা আপনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক।
15. আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷
16. কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ
17. ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব।
18. আৰু সেই কালত মই তোমালোকৰ দাস, দাসী সকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিব,
19. আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীতো নানা পৰাক্ৰমৰ চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷
20. প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।
21. কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।’