Instagram
English
A A A A A
২ রাজাবলি 7:1-20
1. ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব।
2. তেতিয়া যিজন সেনাপতিৰ সাহার্যৰ ওপৰত ৰজা নির্ভৰ কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” উত্তৰত ইলীচাই ক’লে, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
3. সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?
4. আমি যদি কওঁ যে, নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহাঁ, আমি অৰামীয়াসকলৰ ছাউনিলৈকে যাওঁ; তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জী থাকিম আৰু যদি মাৰে, তেন্তে মৰিম।”
5. কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগী কেইজন অৰামীয়াসকলৰ ছাউনিত গৈ উপস্থিত হ’ল। তেওঁলোকে ছাউনিৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে।
6. কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
7. সেইবাবে তেওঁলোকে সন্ধিয়া হওঁতেই নিজৰ তম্বু, ঘোঁৰা আৰু গাধ সকলোবোৰ এৰি থৈ পলাই গৈছিল আৰু ছাউনি যেনে আছিল, তেনেকৈয়েই এৰি থৈ তেওঁলোক প্রাণৰ ভয়ত পলাই গৈছিল।
8. তাৰবাবে কুষ্ঠৰোগী কেইজনে ছাউনিৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা-বোৱা কৰিলে আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ-কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে।
9. পাছত তেওঁলোকে ইজনে সিজনে কোৱাকুই কৰিলে, “আমি হ’লে ভাল কাম কৰা নাই। আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰতে আহিব; সেয়ে, ব’লা আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ।”
10. তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”
11. প্রৱেশদ্বাৰৰ প্রহৰীসকলে এই সম্বাদ চিঞঁৰি চিঞঁৰি জনাই দিলে আৰু পাছত ৰাজগৃহৰ ভিতৰতো জনোৱা হ’ল।
12. তেতিয়া ৰজাই ৰাতি উঠি তেওঁৰ দাসবোৰক ক’লে, “মই এতিয়া তোমালোকক ক’ম যে, অৰামীয়াসকলে আমালৈ কি কৰিছে। আমি যে ভোকত আছোঁ অৰামীয়াসকলে জানে আৰু সেইবাবে তেওঁলোকে ছাউনি এৰি পথাৰৰ মাজত গৈ লুকাই আছে। তেওঁলোকে ভাৱিছে, ‘ইস্রায়েলীয়াসকল যেতিয়া নগৰৰ পৰা ওলাই আহিব, তেতিয়া আমি তেওঁলোকক জীৱিত অৱস্থাতে ধৰিম আৰু তেওঁলোকৰ নগৰৰ ভিতৰত সোমাম’।”
13. তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক’লে, “মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যি কেইটা ঘোঁৰা অৱশিষ্ট আছে, তাৰ মাজৰ পৰা পাচঁটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইস্রায়েলৰ অধিক লোকেই মৰিল। ইয়াত অৱশিষ্ট থকা সকলো ইস্রায়েলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ’ব। সেয়ে কি ঘটিছে, তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ।”
14. তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল’লে, আৰু ৰজাই অৰামীয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক’লে, “তোমালোকে গৈ চাই আঁহাগৈ।”
15. তাতে তেওঁলোকে যৰ্দ্দন নদী পর্যন্ত অৰামীয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামীয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ-কানি আৰু বস্তু-বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল, তেওঁলোকে উভটি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে।
16. তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামীয়াসকলৰ ছাউনি লুট কৰিলে; তাতে যিহোৱাৰ বাক্যৰ দৰে, এক চেয়া পৰিমাণৰ ময়দা এক চেকল ৰূপত আৰু দুই চেয়া পৰিমান যৱ ধান এক চেকল ৰূপত বিক্রী হ’ল।
17. যিজন সেনাপতিৰ সাহার্যৰ হাতত ৰজা নির্ভৰশীল আছিল, সেই সেনাপতিজনক ৰজাই নগৰৰ দুৱাৰ পৰিদর্শনৰ ভাৰ দিলে; কিন্তু লোক সকলে হুৰমূৰকৈ নগৰৰ বাহিৰলৈ ওলাই যাওঁতে প্রৱেশদ্বাৰৰ পথতে লোক সকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল। ঈশ্বৰৰ লোক ইলীচাৰ ওচৰলৈ ৰজা যেতিয়া নামি অহিছিল, তেতিয়া ইলীচাই ৰজাক যি কথা কৈছিল, সেনাপতিজন সেইদৰেই মৰিল।
18. ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”
19. সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
20. তেওঁলৈ ঠিক তেনেদৰেই ঘটিল। কিয়নো দুৱাৰৰ পথত লোকসকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল।

২ রাজাবলি 8:1-29
1. যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
2. মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
3. সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
4. ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
5. গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
6. ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
7. তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
8. ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
9. হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
10. তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব;’ কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
11. ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
12. হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
13. তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
14. তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
15. কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
16. যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
17. তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
18. যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
19. তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
20. যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
21. তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
22. ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।
23. যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
24. পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
25. ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
26. অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।
27. অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
28. পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
29. অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।

সামসঙ্গীত 72:8-16
8. তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
9. মৰুভূমিৰ নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
10. তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
11. এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
12. কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
13. তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
14. অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
15. ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
16. পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।

প্রবচন 18:12-13
12. পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
13. যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।

যোহন 18:19-40
19. তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
20. যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
21. আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
22. যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
23. যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
24. তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
25. তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
26. মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
27. তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
28. ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
29. এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
30. তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
31. তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
32. কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
33. এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
34. যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
35. পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
36. যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
37. তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
38. পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
39. তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
40. তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।