A A A A A
एक साल में बाइबल
मई 8

১ সামুয়েল 18:1-30
1. দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
2. চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
3. তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
4. যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
5. চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
6. পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
7. মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
8. তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
9. সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
10. তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
11. চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
12. চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
13. সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
14. আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
15. চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
16. কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
17. চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
18. দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
19. কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
20. তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
21. চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
22. আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
23. সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
24. পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
25. তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
26. যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
27. সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
28. চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
29. পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
30. তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।

১ সামুয়েল 19:1-24
1. চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
2. সেয়ে যোনাথনে দায়ূদক ক’লে, “মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে। সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব, আৰু গোপন ঠাইত নিজে লুকাই থাকিব।
3. আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
4. তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
5. তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
6. চৌলে যোনাথনৰ কথা শুনি শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ’ব।”
7. যোনাথনে দায়ূদক মাতি আনি সেই সকলো কথা তেওঁক জনালে। আৰু যোনাথনে দায়ূদক চৌলৰ ওচৰলৈ আনিলে; তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল।
8. তাৰ পাছত পুনৰায় যুদ্ধ হ’ল, দায়ূদে বাহিৰলৈ ওলাই গৈ পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে; তাতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোক পলাই গ’ল।
9. যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।
10. চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।
11. দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
12. সেয়ে মীখলে খিড়িকিৰে দায়ূদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে।
13. আৰু মীখলে গৃহ-দেৱতাৰ মুৰ্ত্তি লৈ বিচনাত থলে, আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে।
14. যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”
15. তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
16. তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ’ল, তেতিয়া দেখিলে সেই গৃহ-দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু আছিল।
17. তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
18. এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
19. পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
20. তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
21. যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
22. তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
23. তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
24. আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”

সামসঙ্গীত 58:1-11
1. তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
2. বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।
3. দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
4. সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
5. সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
6. হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
7. বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
8. শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
9. তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।
10. ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।
11. তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”

প্রবচন 15:27-30
27. ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
28. সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
29. যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
30. চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।

লূক 24:1-35
1. কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল।
2. তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
3. পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ’ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে।
4. তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্‌মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল।
5. পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?”
6. “তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা,
7. তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
8. সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত,
9. তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে।
10. তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা ক’লে৷
11. কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
12. তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ’ল।
13. পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল।
14. তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
15. তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে।
16. কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷
17. যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল।
18. তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক’লে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ’বলা?”
19. যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক ক’লে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
20. তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
21. কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে।
22. ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে;
23. কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে।
24. পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে।
25. যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
26. খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
27. পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
28. এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
29. কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
30. তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
31. এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
32. পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
33. সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
34. তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
35. পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে।