A A A A A

১ সামুয়েল 16:1-23
1. যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
2. চমূৱেলে ক’লে, “মই কেনেকৈ যাম? চৌলে যদি এই কথা শুনে, তেন্তে তেওঁ মোক বধ কৰিব।” যিহোৱাই ক’লে, “তুমি এজনী চেঁউৰী গৰু লগত লৈ যোৱা, আৰু ক’বা, মই যিহোৱাৰ উদ্দেশে বলিদান কৰিবলৈ আহিছোঁ।”
3. সেই যজ্ঞলৈ যিচয়ক নিমন্ত্ৰণ কৰিবা, আৰু তুমি কি কৰিব লাগে, মই তোমাক দেখুৱাম; মই তোমাৰ আগত যিজনৰ বিষয়ে ক’ম, তুমি মোৰ কাৰণে সেই জনকেই অভিষেক কৰিবা।”
4. চমূৱেলে যিহোৱাই কোৱা অনুসাৰে কৰিলে আৰু বৈৎলেহেমলৈ গ’ল। নগৰৰ বৃদ্ধসকলে তেওঁক লগ ধৰিবলৈ আহি কঁপি কঁপি তেওঁক ক’লে, “আপুনি শান্তিৰ অৰ্থে আহিছে নে?”
5. তেওঁ ক’লে, “শান্তি হওক; মই যিহোৱাৰ উদ্দেশে বলিদান দিবলৈ আহিছোঁ। বলিদানৰ অৰ্থে তোমালোকে নিজকে পবিত্ৰ কৰি মোৰ লগত আহাঁ।” আৰু তেওঁ যিচয়ক আৰু তেওঁৰ পুত্ৰসকলক পবিত্ৰকৃত কৰিলে আৰু বলিদানৰ কাৰণে নিমন্ত্ৰণ কৰিলে।
6. তাৰ পাছত তেওঁলোক যেতিয়া আহিল, তেতিয়া চমূৱেলে ইলীয়াবলৈ চাই মনতে ক’লে, “যিহোৱাৰ আগত উপস্থিত হোৱা এই মানুহেই অৱশ্যে তেওঁৰ অভিষিক্ত জন।”
7. কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
8. পাছত যিচয়ে অবীনাদবক মাতি আনিলে আৰু চমূৱেলৰ সন্মুখেদি যাবলৈ দিলে। তাতে চমূৱেলে ক’লে, “যিহোৱাই এওঁকো মনোনীত কৰা নাই।”
9. তাৰ পাছত যিচয়ে চম্মাক আগেদি যাবলৈ দিলে; আৰু চমূৱেলে ক’লে, যিহোৱাই এওঁকো মনোনীত কৰা নাই।
10. এইদৰে যিচয়ে তেওঁৰ সাত জন পুত্ৰক চমূৱেলৰ আগেদি যাবলৈ দিলে; কিন্তু চমূৱেলে যিচয়ক ক’লে, “যিহোৱাই এওঁলোকৰ এজনকো মনোনীত কৰা নাই।”
11. তাৰ পাছত চমূৱেলে যিচয়ক ক’লে, “তোমাৰ সকলো পুত্ৰ ইয়াতে আছে নে?” তেওঁ উত্তৰ দি ক’লে, “সকলোতকৈ সৰুজন ইয়াত নাই কিন্তু তেওঁ মেৰ-ছাগৰ ৰখীয়া হৈ মেৰ-ছাগ চৰাই আছে।” চমূৱেলে যিচয়ক ক’লে, “মানুহ পঠিয়াই তেওঁক মাতি আনা; কাৰণ তেওঁ নহালৈকে আমি নবহোঁ।”
12. যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।”
13. তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।
14. তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।
15. চৌলৰ দাসবোৰে তেওঁক ক’লে, “চাওক, ঈশ্বৰৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আপোনাক ব্যাকুল কৰিছে।
16. এই হেতুকে আমাৰ প্ৰভুৱে আপোনাৰ আগত থকা দাসবোৰক এজন নিপূণ বীণা বজাওঁতা বিচাৰিবলৈ আজ্ঞা কৰক; পাছত যি সময়ত ঈশ্বৰৰ পৰা অহা সেই আত্মাই আপোনাক ধৰিব সেই সময়ত সেই মানুহে হাতেৰে বীণা বজালে আপুনি উপশম পাব।”
17. তেতিয়া চৌলে তেওঁৰ দাসবোৰক আজ্ঞা কৰিলে, “ভালকৈ বীণা বজাব পৰা এজন লোক বিচাৰি যোৱা আৰু মোৰ ওচৰলৈ আনা।”
18. দাসবোৰৰ এজনে ক’লে, “চাওক, বৈৎলেহেমীয়া যিচয়ৰ এজন পুতেকক দেখিলোঁ; তেওঁ বীণা বজোৱাত পাৰ্গত, পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, ৰূপৱান আৰু যিহোৱা তেওঁৰ লগত আছে।”
19. সেয়ে চৌলে যিচয়ৰ ওচৰলৈ বার্তাবাহকক পঠিয়াই কোৱালে, “দায়ুদ নামেৰে তোমাৰ যি পুত্ৰই মেৰ-ছাগ চৰাই আছে, তেওঁক মোৰ ওচৰলৈ পঠাই দিয়া।”
20. যিচয়ে এটা গাধৰ পিঠিত পিঠা, এক বটল দ্ৰাক্ষাৰস, আৰু এটা ছাগলী পোৱালি বোজাই দি তেওঁৰ পুত্ৰ দায়ূদৰ হাতত দিলে আৰু তেওঁক চৌলৰ ওচৰলৈ পঠাই দিলে।
21. দায়ুদ চৌলৰ ওচৰলৈ আহি তেওঁৰ কামত যোগ দিলে, তেওঁ দায়ূদক অতিশয় ভাল পাবলৈ ধৰিলে; আৰু দায়ুদ তেওঁৰ অস্ত্ৰবাহক হ’ল।
22. তাৰ পাছত চৌলে যিচয়ক কৈ পঠালে, “মই বিনয় কৰোঁ, দায়ূদক মোৰ লগত থাকিবলৈ দিয়া; কাৰণ তেওঁ মোৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হ’ল।”
23. সেয়ে ঈশ্বৰৰ পৰা অহা অনিষ্ট কাৰক আত্মাই যেতিয়া চৌলক ধৰে, তেতিয়া দায়ূদে বীণা লৈ হাতেৰে বজায়; তাতে চৌল সুস্থ হয়, আৰু উপশম পায়, আৰু সেই অনিষ্ট কাৰক আত্মা তেওঁৰ পৰা আঁতৰি যায়।

১ সামুয়েল 17:1-58
1. পলেষ্টীয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খোৱালে। যিহূদাৰ অধিকাৰত থকা চোকোত তেওঁলোক একে লগ হ’ল। চোকো আৰু অজেকাৰ মাজত এফচদম্মীমত ছাউনি পাতিলে।
2. চৌল আৰু ইস্ৰায়েলৰ লোকসকলে গোট খাই এলা উপত্যকাত ছাউনি পাতিলে আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে।
3. তাতে পলেষ্টীয়াসকলে এফালে এটা পৰ্বতত আৰু ইস্ৰায়েলসকলে আনফালে আন এটা পৰ্বতত থিয় হ’ল, আৰু উভয়ৰে মাজত এক উপত্যকা আছিল।
4. তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
5. তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আছিল, আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল আৰু সেই কবচৰ ওজন পাঁচ হাজাৰ চেকল আছিল।
6. তেওঁৰ ভৰি পিতলৰ পতাৰে আবৃত আছিল আৰু তেওঁৰ দুই কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠী আছিল।
7. তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।
8. তেওঁ আহি থিয় হ’ল আৰু ইস্ৰায়েলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক’লে, “তহতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টীয়া নহওঁ? আৰু তহঁত জানো চৌলৰ দাস নহয়? তহঁতে নিজৰ বাবে এজন মানুহ বাচি ল’ আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে।
9. সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
10. পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
11. যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
12. দায়ুদ যিহূদাৰ বৈৎলেহেম নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
13. যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
14. দায়ুদ সকলোতকৈ সৰু আছিল। আৰু ডাঙৰ তিনিজন চৌলৰ পাছত চলোঁতা আছিল।
15. কিন্তু দায়ূদে চৌলৰ ওচৰৰ পৰা আহি বৈৎলেহেমত থকা পিতৃৰ মেৰ-ছাগ চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল।
16. তাতে সেই পলেষ্টীয়া মানুহজনে চল্লিশ দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল।
17. সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”
18. এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
19. চৌল আৰু তেওঁলোকৰ লগতে ইস্ৰায়েলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি আছে।
20. পাছত দায়ূদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ-ছাগবোৰ এজন ৰখীয়াৰ হাতত গতাই দিলে আৰু পিতৃ যিচয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ’ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণ-ধ্বনি কৰিছিল, সেই সময়তে তেওঁ ছাউনি আহি পাইছিল।
21. তেতিয়া ইস্ৰায়েল আৰু পলেষ্টীয়াসকলে সন্মুখা-সন্মুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল।
22. পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
23. আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
24. যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
25. আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
26. তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
27. তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক’লে, “তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ’ব।”
28. লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”
29. দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
30. তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।
31. দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
32. পাছত দায়ূদে চৌলক ক’লে, “তেওঁৰ বাবে কাৰো মন হতাশ নহওক; আপোনাৰ এই দাসে গৈ সেই পলেষ্টীয়াজনৰ লগত যুদ্ধ কৰিব।”
33. চৌলে দায়ূদক ক’লে, “তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।”
34. কিন্তু দায়ূদে চৌলক ক’লে, “আপোনাৰ এই দাসে পিতৃৰ মেৰ-ছাগ চৰাওঁতে, এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ-ছাগ ধৰি লওঁতে;
35. মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ-ছাগ ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
36. আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
37. দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
38. চৌলে নিজৰ সাজেৰে দায়ূদক সজাই তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আৰু গাত কবচ পিন্ধালে।
39. তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।
40. তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
41. তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।
42. তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
43. তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।
44. পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”
45. দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
46. আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টীয়াসকলৰ সৈন্য সমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
47. আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
48. পাছত সেই পলেষ্টীয়াই আগবাঢ়ি আহি দায়ূদক লগ পাবলৈ বিচাৰোতে, দায়ূদেও বেগাই পলেষ্টীয়াজনক লগ পাবৰ বাবে সেনাবাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ’ল।
49. তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।
50. এইদৰে দায়ূদে এগছ ফিঙ্গা আৰু এটা শিলেৰে সেই পলেষ্টীয়াজনক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে; কিন্তু দায়ূদৰ হাতত তৰোৱাল নাছিল।
51. তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
52. তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাত লৈকে আৰু ইক্ৰোণ ৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
53. পাছত ইস্ৰায়েলৰ সন্তান সকলে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভটি আহি সিহঁতৰ ছাউনি লুট কৰিলে।
54. আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
55. সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”
56. পাছত ৰজাই ক’লে, “তুমি সোধাচোন, সেই যুৱকজন কাৰ পুত্র হয়?”
57. পাছত দায়ূদে যেতিয়া পলেষ্টীয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ’ল আৰু তেওঁৰ হাতত তেতিয়া পলেষ্টীয়াজনৰ মূৰ আছিল।
58. তাতে চৌলে তেওঁক সুধিলে, “হে ডেকা, তুমি কাৰ পুত্র?” দায়ূদে উত্তৰ দিলে, “মই আপোনাৰ দাস বৈৎলেহেমীয়া যিচয়ৰ পুত্র।”

সামসঙ্গীত 57:4-11
4. মোৰ জীৱন শত্রুবোৰৰ মাজত আছে, সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।
5. হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6. সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা]।
7. হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।
8. হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
9. হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
10. কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে।
11. হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

প্রবচন 15:26-26
26. যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।

লূক 23:26-56
26. পাছত তেওঁলোকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমোন নামেৰে এজন কুৰীণীয়া মানুহক ধৰি যীচুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে।
27. তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গ’ল।
28. কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।
29. কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।
30. তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।
31. কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
32. সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল।
33. পাছত মূৰৰ লাউখোলা নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
34. তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
35. আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
36. সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি ঠাট্টা কৰি ক’লে,
37. “আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
38. আৰু “এওঁ ইহুদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
39. তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।”
40. কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে?
41. আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
42. পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।”
43. যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”
44. তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
45. সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ খন মাজেদি ফাটি গ’ল।
46. পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
47. তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
48. এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ’ল৷
49. কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল।
50. তেতিয়া তাত উপস্থিত থকা ইহুদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধার্মিক মেলুৱৈ জন আছিল,
51. সেই মেলুৱৈ জনে তেওঁলোকৰ আলোচনা আৰু কর্মত সন্মতি দিয়া নাছিল৷ তেওঁ অৰিমাথিয়াৰ পৰা আহিছিল৷ এই চহৰ খন আছিল ইহুদী লোকৰ চহৰ৷ তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷
52. এই ব্যক্তি জনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ বিচাৰিলে।
53. পাছত তেওঁক নমাই শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই, আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খান্দি উলিওৱা এটা মৈদামত শুৱাই থ’লে।
54. সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰামবাৰো ওচৰ চাপিছিল।
55. তাতে তেওঁৰ সৈতে গালীল প্ৰদেশৰ পৰা অহা তিৰোতা সকলে তেওঁৰ দেহ কেনেকৈ থোৱা হ’ল, সেই বিষয়ে চাবলৈ আহিছিল৷
56. পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।