A A A A A
एक साल में बाइबल
मई 6

১ সামুয়েল 14:1-52
1. এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।
2. সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
3. তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
4. যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি।
5. তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল।
6. যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
7. তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।”
8. তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ।
9. যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ।
10. কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।”
11. তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।”
12. পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”
13. যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে।
14. যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে।
15. তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।
16. তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
17. তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।
18. চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।
19. যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।”
20. তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।
21. পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল।
22. যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল।
23. সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।
24. সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।
25. তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।
26. যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
27. কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
28. তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
29. তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
30. কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।”
31. সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।
32. তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
33. তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”;
34. চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে।
35. চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি।
36. তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”
37. তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে।
38. তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা।
39. কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
40. পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
41. তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।
42. তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
43. তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”
44. পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
45. তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।
46. পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
47. চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
48. চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।
49. চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
50. চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল।
51. চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।
52. চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।

১ সামুয়েল 15:1-35
1. চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।
2. বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।
3. সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”
4. চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।
5. তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।
6. তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।
7. তাৰ পাছত চৌলে হবীলাৰ পৰা মিচৰৰ পূবফালে থকা চূৰলৈকে অমালেকীয়া সকলক আক্ৰমণ কৰিলে।
8. তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।
9. কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ, ছাগলী, গৰু, হৃষ্টপুষ্ট দামুৰি আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণলগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণ ভাৱে ধংস কৰিলে।
10. তাৰ পাছত চমূৱেললৈ যিহোৱাৰ বাক্য আহিল,
11. “চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।
12. চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”
13. তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”
14. চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”
15. চৌলে ক’লে, “সেইবোৰ অমালেকীয়া সকলৰ পৰা অনা হৈছে; কিয়নো নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰ ও ছাগলী, আৰু উত্তম উত্তম গৰু ৰাখিলে; কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ।”
16. চমূৱেলে চৌলক ক’লে, “ৰ’বা, যোৱা ৰাতি যিহোৱাই মোক যি ক’লে, তাক মই তোমাক কওঁ।” চৌল তেওঁক ক’লে, “কওক!”
17. চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।
18. যিহোৱাই তোমাক তোমাৰ পথত পঠাই দি ক’লে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধংস কৰা, আৰু অমালেকীয়াসকল সম্পূৰ্ণ ভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা।
19. তেনেহলে তুমি যিহোৱাৰ বাক্য কিয় পালন কৰা নাছিলা, কিন্তু তাৰ পৰিবৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহোৱাৰ দৃষ্টিত কিয় পাপ কৰিলা?”
20. চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ।
21. কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”
22. চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
23. কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
24. তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
25. এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
26. চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”
27. যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।
28. চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
29. আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
30. তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
31. সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।
32. তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”
33. চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।
34. তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।
35. কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।

সামসঙ্গীত 57:1-3
1. হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
2. মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।
3. মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]। ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।

প্রবচন 15:24-25
24. দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে।
25. যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।

লূক 23:1-25
1. ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷
2. তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
3. তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
4. তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”
5. কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
6. পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
7. পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
8. যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
9. তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।
10. আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
11. পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
12. সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
13. পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷
14. আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ।
15. হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
16. এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
17. সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল।
18. কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।”
19. সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
20. তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ ক’লে,
21. কিন্তু তেওঁলোকে আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷”
22. তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
23. কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ’ল৷
24. তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে।
25. পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।