A A A A A

১ রাজাবলি 7:1-51
1. নিজৰ বাবে ৰাজগৃহ নির্মাণ কৰিবলৈ চলোমনৰ তেৰ বছৰ লাগিছিল।
2. তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
3. সেই গৃহৰ চালখন এৰচ কাঠেৰে সজা হৈছিল; আৰু চালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা পোন্ধৰ টা খুটাৰ ওপৰত পঞ্চল্লিশ টা চৌকাঠ আছিল;
4. কাষৰ দেৱাল দুটাত তিনিযোৰকৈ খুঁটা আছিল আৰু সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
5. খিড়িকিয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ চাৰিচুকীয়া আৰু তিনিযোৰকৈ সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
6. তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।
7. আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।
8. সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।
9. এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷
10. গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷
11. তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।
12. ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
13. পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।
14. হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷
15. তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
16. তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
17. স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
18. তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷
19. বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
20. স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।
21. পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।
22. এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।
23. পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷
24. সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
25. সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।
26. সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।
27. হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।
28. সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,
29. সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷
30. প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।
31. তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু ডেৰ হাত জোখৰ আৰু এহাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল৷ তাৰ মুখৰ দাঁতিতোত খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷
32. চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।
33. সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।
34. প্ৰত্যেক আধাৰৰ চাৰি চুকত চাৰিটা প্ৰক্ষালন-পাত্ৰ-ধৰা ব্যৱস্থা আছিল; সেই প্ৰক্ষালন-পাত্ৰ-ধৰাবোৰ আধাৰৰ লগত সাঁচত গঢ়া হৈছিল।
35. সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।
36. ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷
37. এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।
38. পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷
39. তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।
40. হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মান কৰি উঠা কাৰ্যবোৰ হ’ল:
41. সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷
42. তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম
43. আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,
44. সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,
45. ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মান কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্‌চকিয়া পিতলেৰে নিৰ্মান কৰিছিল।
46. ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।
47. চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
48. চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷
49. অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।
50. নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
51. এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।

১ রাজাবলি 8:1-66
1. পাছত চলোমনে দায়ূদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ কাৰণে, ইস্ৰায়েলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ বিষয়াসকলক যিৰূচালেমলৈ আহ্বান কৰিলে, আৰু তেওঁৰ সন্মুখত গোট খুৱালে।
2. তাতে এথানী নামেৰে সপ্তম মাহৰ উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোক চলোমন ৰজাৰ ওচৰলৈ আহি একগোট হৈছিল।
3. তাৰ পাছত ইস্ৰায়েলৰ পৰিচালকসকল আহিল, আৰু পুৰোহিতসকলে নিয়ম-চন্দুক তুলি ল’লে।
4. তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে৷ এই সকলো বস্তু পুৰোহিত আৰু লেবীয়াসকলে আনিলে।
5. তেতিয়া চলোমন ৰজাৰ সৈতে ইস্ৰায়েলৰ গোটেই লোক সকলে নিয়ম-চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল।
6. পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজৰ ঠাইত স্থাপন কৰিছিল।
7. কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ঠাইৰ ওপৰত ডেউকা মেলি আছিল আৰু কৰূব দুটাই নিয়ম-চন্দুক আৰু তাৰ কানমাৰি ঢাকি ধৰি আছিল।
8. সেই দুডাল কানমাৰি ইমান দীঘল যে, তাৰ মুৰ অন্তঃস্থানৰ সন্মুখত থকা পবিত্ৰ স্থানৰ পৰা দেখা যায়; কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়, সেইবোৰ আজিলৈকে সেই ঠাইত আছে।
9. মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম স্থাপন কৰা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে নিয়ম-চন্দুকৰ ভিতৰত যি দুখন শিলৰ ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
10. পাছত পুৰোহিতসকলে পবিত্ৰ-স্থানৰ পৰা ওলাই আহোতে, যিহোৱাৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হৈছিল যে,
11. পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল; কিয়নো যিহোৱাৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল।
12. তেতিয়া চলোমনে ক’লে, “যিহোৱাই এইদৰে কৈছে, বোলে, তেওঁ ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে,
13. কিন্তু মই সচাঁকৈয়ে তোমাৰ বাবে সাজিলোঁ, এটা বাস কৰা গৃহ, এয়ে যুগে যুগে তোমাৰ বাসস্থান হ’ব৷”
14. ইস্ৰায়েলৰ গোটেই সমাজ থিয় হৈ থাকোতে ৰজাই এইদৰে গোটেই সমাজলৈ চাই আশীৰ্ব্বাদ কৰিছিল।
15. তেওঁ আৰু ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; কিয়নো তেওঁ মোৰ পিতৃ দায়ূদক নিজ মুখেৰে কথা কৈছিল আৰু নিজ হাতেৰে এই বাক্য সিদ্ধও কৰিছিল আৰু কৈছিল যে,
16. ‘মোৰ প্ৰজা ইস্ৰায়েলসকলক মিচৰৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ বাবে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই৷ কিন্তু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক মনোনীত কৰিলোঁ।’
17. আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
18. কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ তুমি মন কৰিছা, ভাল কৰিছা৷
19. তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা; কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব; তেঁৱেই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ সাজিব।
20. এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ তাক সাম্ফলো কৰিছিল; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হৈ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
21. আৰু যিহোৱাই আমাৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই অনা কালত তেওঁলোকৰ সৈতে কৰা নিয়মটি থকা যি নিয়ম-চন্দুক, তাৰ বাবে মই ইয়াত এটা ঠাই যুগুত কৰিলোঁ।”
22. চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হৈ স্বৰ্গৰ ফাললৈ হাত মেলিলে।
23. তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা;
24. আপোনৰ দাস মোৰ পিতৃ দায়ূদলৈ আপুনি যি প্ৰতিজ্ঞা কৰিছিল, তাক আপুনি তেওঁলৈ পালন কৰিলে৷ এনে কি আপুনি নিজ মুখেৰে কৈ আজিৰ দৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
25. এই হেতুকে এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদক কৈছিল, ‘তুমি মোৰ আগত যেনেকৈ চলিছা, সেইদৰে যদি তোমাৰ সন্তান সকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহলে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব’, এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক।
26. এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ, মই বিনয় কৰোঁ, আপোনাৰ দাস মোৰ পিতৃ দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে সাম্ফল হওঁক।
27. কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত বাস কৰিব নে? চাওঁক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব!
28. তথাপি, এই নিমিত্তে, আপোনাৰ দাসে এই ঠাইৰ ফাললৈ মুখ কৰি কৰা প্ৰাৰ্থনা শুনিবলৈ, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু মিনতি গ্ৰহণ কৰি, আপোনাৰ দাসে আজি আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
29. হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাকক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷
30. সেয়েহে যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ মিনতিলৈ কাণ দিব, এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু শুনি ক্ষমা কৰিব।
31. কোনোৱে নিজ চুবুৰীয়াৰ অহিতে পাপ কৰিলে, যদি তেওঁক এক শপত খাবলৈ দিয়া যায় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ সন্মুখত শপত খায়,
32. তেন্তে আপুনি স্বৰ্গত থাকি সেই নিবেদন শুনিব আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিস্পত্তি কৰি, দোষীক দোষী কৰি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মূৰৰ ওপৰত দিব আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিব।
33. আপোনাৰ প্ৰজা ইস্ৰায়েলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ বাবে শত্ৰুৰ আগত পৰাজিত হৈ যদি আপোনাৰ ওচৰলৈ ঘূৰি আহে, আৰু আপোনাৰ নাম স্বীকাৰ কৰি এই গৃহত আপোনাৰ সন্মুখত প্ৰাৰ্থনা আৰু মিনতি কৰে,
34. তেন্তে আপুনি স্বৰ্গত থাকি সেই প্রাৰ্থনা, নিবেদন শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভোতাই আনিব।
35. লোকসকলে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে যেতিয়া আকাশ বন্ধ হৈ বৰষুণ নাইকিয়া হ’ব - তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে, আপোনাৰ নাম স্বীকাৰ কৰে, আৰু আপুনি তেওঁলোকক দুখ দিয়া সময়ত নিজ নিজ পাপৰ পৰা ঘূৰে,
36. তেন্তে আপুনি স্বৰ্গত থাকি তাক শুনিব, আৰু আপোনাৰ দাসবোৰৰ আৰু নিজ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰি, তেওঁলোকে যাব লগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলক আধিপত্যৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব।
37. দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয় আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে -
38. তেন্তে যি কোনো আপদ বা ৰোগ হওক, যদি কোনো মানুহে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ মাজৰ কোনো লোকে নিজ মনৰ পীড়া জানি এই গৃহৰ ফাললৈ নিজ হাত মেলে,
39. তেন্তে তেওঁৰ যি কোনো প্ৰাৰ্থনা কি মিনতি হওক, আপুনি নিজ বাসস্থান স্বৰ্গত থাকি তাক শুনিব, ক্ষমা কৰিব আৰু কাৰ্য কৰি প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে আটাই মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব;
40. আমাৰ পূৰ্বপুৰুষসকলক আপুনি দিয়া দেশত তেওঁলোকে জীয়াই থকা আটাই দিনত আপোনাক ভয় কৰিবৰ বাবেই ইয়াকে কৰিব।
41. তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকৰ মাজৰ নোহোৱা বিদেশী লোকে যেতিয়া আপোনাৰ নামৰ গুণ শুনি দূৰ দেশৰ পৰা আহিব -
42. কিয়নো সিহঁতে আপোনাৰ মহান নাম, বলৱান হাত আৰু মেলা বাহুৰ কথা শুনিব; আৰু আহি এই মন্দিৰৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব,
43. তেতিয়া, আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য কৰিব। আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, তাকো যেন জানিব৷
44. আৰু আপুনি আপোনাৰ প্ৰজাক যি কোনো বাটেদি পঠায় সেই বাটেদি যদি তেওঁলোকে তেওঁলোকৰ শত্ৰুৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে মই সজা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে,
45. তেন্তে আপুনি স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু মিনতি শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব।
46. ধৰি লওঁক, তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে, (কিয়নো পাপ নকৰা মানুহ কোনো নাই;) আৰু আপুনি তেওঁলোকলৈ ক্রুদ্ধ হৈ তেওঁলোকক যদি শত্ৰুৰ হাতত শোধাই দিয়ে, আৰু তাতে যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা শত্ৰুৰ দেশলৈ লৈ যায়,
47. তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম কৰিলোঁ’,
48. এই বুলি তেওঁলোকক বন্দী কৰি নিয়া তেওঁলোকৰ শত্ৰুৰ দেশত সকলো মনে সকলো চিত্তে আপোনালৈ উভতি আহে, আৰু তেওঁলোকৰ ওপৰ-পিতৃসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে, আপোনাৰ মনোনীত নগৰৰ ফালে, আৰু আপোনাৰ নামৰ বাবে মই নিৰ্ম্মাণ কৰা এই গৃহৰ ফালে মুখ কৰি যদি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
49. তেন্তে আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু নিবেদন শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব;
50. আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব, আৰু আপোনাৰ বিৰুদ্ধে কৰা তেওঁলোকৰ সকলো অপৰাধ ক্ষমা কৰিব; আৰু তেওঁলোকৰ বন্দী কৰি নিয়াসকলে যেন তেওঁলোকক দয়া কৰিব, এই কাৰণে তেওঁলোকলৈ তেওঁলোকৰ দয়া জন্মাব।
51. কিয়নো তেওঁলোক লোহাৰ কুণ্ড স্বৰূপ মিচৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য।
52. আপোনাৰ দাস আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলী লোকসকলে যি কোনো সময়ত প্ৰাৰ্থনা কৰিব, সেই সময়ত তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবলৈ আপোনাৰ দাস আৰু আপোনাৰ প্ৰজাৰ সেই মিনতিলৈ আপোনাৰ চকু যেন মুকলি হৈ থাকে, এই কাৰণে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব।
53. কিয়নো, হে প্ৰভু যিহোৱা, আমাৰ ওপৰ-পিতৃসকলক মিচৰ দেশৰ পৰা অনা কালত আপোনাৰ দাস মোচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ’বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়েই পৃথক কৰিলে।”
54. যিহোৱাৰ সন্মুখত এইদৰে প্ৰাৰ্থনা আৰু নিবেদন কৰাৰ পাছত, চলোমনে যিহোৱাৰ যজ্ঞবেদিৰ সন্মুখত যেনেদৰে আঠুকাঢ়ি পৰি স্বৰ্গৰ ফালে চাই আছিল, সেইদৰে চাই থকাৰ পৰা তেওঁ উঠি থিয় হ’ল।
55. তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজলৈ চাই, আশীৰ্ব্বাদ কৰি উচ্চস্বৰে ক’লে,
56. “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
57. আৰু আমাৰ ঈশ্বৰ যিহোৱা যেনেকৈ আমাৰ ওপৰ-পিতৃসকলৰ লগত আছিল, তেনেকৈ তেওঁ আমাৰো লগত থাকক৷ আমাক ত্যাগ নকৰক বা আমাক এৰি নাযাওঁক।
58. তেওঁৰ সকলো পথত চলিবলৈ আৰু আমাৰ পূৰ্বপুৰুষসকলক দিয়া তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আমাৰ মন নিজলৈ আকৰ্ষণ কৰক।
59. আৰু যি সকলো কথাৰে মই যিহোৱাৰ আগত নিবেদন কৰিলোঁ, দিনে ৰাতিয়ে তেওঁৰ কাষ চাপা, যাতে দাসকলৰ বাবে তেওঁ সহায় কৰিব, আৰু দিনে দিনে যেনে প্ৰয়োজন, তেনেকৈ তেওঁ নিজ দাস আৰু নিজ প্ৰজা ইস্ৰায়েলৰ বিচাৰ নিস্পত্তি কৰিব;
60. যিহোৱাই যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ বাবে, এই যি সকলো কথাৰ দ্বাৰাই মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈ থাকক।
61. এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”
62. পাছত ৰজা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ সাক্ষাতে বলিদান কৰিলে।
63. আৰু চলোমনে যিহোৱাৰ উদ্দেশে দিয়া মঙ্গলাৰ্থক বলিস্বৰূপে বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া ও ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু ইস্ৰায়েলৰ সকলো সন্তানে যিহোৱাৰ গৃহৰ প্ৰতিষ্ঠা কৰিলে।
64. সেই দিনা ৰজাই যিহোৱাৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজভাগ পবিত্ৰ কৰিছিল; কিয়নো সেই ঠাইতেই তেওঁ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল; কাৰণ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিবলৈ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদী সৰু আছিল।
65. এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইস্ৰায়েলে হমাতৰ প্ৰবেশ স্থানৰ পৰা মিচৰ-জুৰিলৈকে মহা সমাজ হৈ, সাত দিন আৰু সাত দিন, মুঠতে চৌদ্ধ দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিছিল।
66. পাছত অষ্টম দিনা তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁলোকে ৰজাক ধন্যবাদ কৰি, যিহোৱাই তেওঁৰ দাস দায়ুদ আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকললৈ কৰা মঙ্গলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ’ল।

সামসঙ্গীত 68:28-35
28. হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
29. যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
30. নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
31. মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
32. হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
33. তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
34. ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
35. হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!

প্রবচন 17:16-17
16. যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
17. বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।

যোহন 11:1-29
1. বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
2. এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
3. সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
4. যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
5. মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
6. তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
7. তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।”
8. শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
9. যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
10. কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
11. এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
12. তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
13. যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
14. যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
15. তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
16. তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
17. যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
18. বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
19. ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
20. এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
21. মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
22. কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
23. যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
24. মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
25. যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
26. আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
27. তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
28. এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
29. মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।