A A A A A
एक साल में बाइबल
मई 3

১ সামুয়েল 8:1-22
1. চমূৱেল বৃদ্ধ হোৱাৰ পাছত, তেওঁৰ পুত্ৰ সকলক ইস্ৰায়েলৰ ওপৰত তেওঁ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে।
2. তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল।
3. তেওঁৰ পুত্ৰসকল পিতৃৰ পথত চলা নাছিল, কিন্তু অসৎ পথত চলিছিল। তেওঁলোকে ভেটী খাই অন্যায় বিচাৰ কৰিছিল৷
4. সেই কাৰণে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে চমূৱেলক ল’গ ধৰিবলৈ ৰামালৈ আহিল৷
5. তেওঁলোকে চমূৱেলক ক’লে, “চাওক, আপুনি বৃদ্ধ হৈছে, আৰু আপোনাৰ পুত্ৰসকল আপোনাৰ পথত চলা নাই, সেয়েহে অন্যান্য দেশৰ দৰে আমাৰো বিচাৰ কৰিবলৈ আপুনি আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰি দিয়ক।”
6. যি সময়ত তেওঁলোকে কৈছিল, “আমাৰ বিচাৰ কৰিবলৈ আমাক এজন ৰজা দিয়ক” সেই সময়ত চমূৱেলে অসন্তুষ্ট হৈ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে৷
7. যিহোৱাই চমূৱেলক ক’লে, “এইলোক সকলে তোমাৰ আগত যি যি কথা কৈছে, সেই সকলো কথা শুনা; কিয়নো সিহঁতে যে তোমাক অগ্ৰাহ্য কৰিলে, এনে নহয়, কিন্তু মই যেন সিহঁতৰ ওপৰত ৰাজত্ব নকৰোঁ, এই আশয়েৰে মোকেই অগ্ৰাহ্য কৰিলে।
8. মই মিচৰৰ পৰা সিহঁতক বাহিৰ কৰি অনা দিনৰে পৰা আজিলৈকে সিহঁতে মোলৈ যেনেকৈ ব্যৱহাৰ কৰি আহিছে, অৰ্থাৎ মোক ত্যাগ কৰি অন্যান্য দেৱতাবোৰক পূজা কৰি আহিছে, তেনেকৈ তোমালৈকো একে ব্যৱহাৰ কৰিছে।
9. সেয়েহে, এতিয়া সিহঁতৰ কথা শুনা; কিন্তু নম্ৰভাৱে সিহঁতক সাৱধান কৰা আৰু সিহঁতৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব, সেই ৰজাৰ নিয়ম প্ৰণালী সিহঁতক বুজাই দিয়া।”
10. তাৰ পাছত যি লোকসকলে চমূৱেলক ৰজা খুজিছিল, তেওঁলোকৰ আগত তেওঁ যিহোৱাৰ সেই সকলো কথা জনালে।
11. আৰু ক’লে, “তোমালোকৰ ওপৰত যি ৰজাই ৰাজত্ব কৰিব তেওঁৰ নিয়ম প্ৰণালী এইদৰে হ’ব; তোমালোকৰ পুত্ৰ সকলক নিজৰ ৰথ আৰু ঘোঁৰাৰ ওপৰত নিযুক্ত কৰিব, আৰু সিহঁত তেওঁৰ ৰথৰ আগে আগে দৌৰি যাব;
12. আৰু তেওঁ সিহঁতক নিজৰ সহস্ৰপতি পঞ্চাশপতি পাতিব; আৰু নিজৰ মাটিত হাল বাবলৈ, শস্য দাবলৈ, আৰু যুদ্ধৰ অস্ত্ৰ ও ৰথৰ সঁজুলি গঢ়াবলৈ নিযুক্ত কৰি ল’ব।
13. তেওঁ আপোনালোকৰ জীয়ৰী সকলকো সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবলৈ, ৰান্ধিবলৈ, আৰু চুলাত সেকি খাদ্য বনাবলৈ ব্যৱহাৰ কৰিব।
14. তেওঁ উত্তম শস্যক্ষেত্ৰ, দ্ৰাক্ষাবাৰী, আৰু জিত গছৰ বাগিছাবোৰ তোমালোকৰ পৰা লৈ নিজ দাস সকলক দিব।
15. তোমালোকৰ শস্যৰ আৰু দ্ৰাক্ষাবাৰীৰ ফলৰ দহ ভাগৰ এভাগ লৈ নিজৰ কৰ্মচাৰী আৰু দাস সকলক দিব।
16. তেওঁ তোমালোকৰ পুৰুষ আৰু মহিলা দাস সকলক ল’ব আৰু সকলোতকৈ উত্তম ডেকা পুৰুষসকলক আৰু গাধবোৰকো লৈ নিজৰ কামত লগাব।
17. তেওঁ তোমালোকৰ মেৰ-ছাগ আৰু ছাগলীবোৰৰ দহ ভাগৰ এভাগ ল’ব; আৰু তোমালোক তেওঁৰ বন্দী হ’বা।
18. সেই দিনা তোমালোকে নিজে মনোনীত কৰি লোৱা ৰজাৰ কাৰণে কান্দিবা; কিন্তু যিহোৱাই সেইদিনা তোমালোকক উত্তৰ নিদিব।”
19. কিন্তু লোকসকলে চমূৱেলৰ কথা নামানিলে; তেওঁলোকে তেওঁক ক’লে, “নহয় নহয়! আমাৰ ওপৰত এজন ৰজা হবই লাগিব।
20. আমি আন জাতিৰ দৰে হ’বলৈ, আমাৰ বিচাৰ কৰিবলৈ আৰু আমাৰ আগে আগে গৈ আমাৰ পক্ষে যুদ্ধ কৰিবলৈ, আমাক এজন ৰজা লাগে।”
21. তাৰ পাছত চমূৱেলে লোকসকলৰ সকলো কথা শুনি পুনৰ সেই কথা যিহোৱাক জনালে।
22. যিহোৱাই চমূৱেলক ক’লে, “তুমি লোকসকলৰ কথা শুনা আৰু তেওঁলোকৰ ওপৰত এজন ৰজা পাতি দিয়া।” তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “প্ৰত্যেক জনে নিজৰ নিজৰ নগৰলৈ যাবই লাগিব।”

১ সামুয়েল 9:1-27
1. সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।
2. কীচৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
3. এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”
4. সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
5. যেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক’লে, “আহাঁ, আমি উভটি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।”
6. কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”
7. তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”
8. তাতে দাস জনে চৌলক উত্তৰ দি ক’লে, “এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে; আমি কোন বাটে যাব লাগে, সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম।”
9. (আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
10. তেতিয়া চৌলে নিজৰ দাসক ক’লে, “ঠিকেই কৈছা; ব’লা আমি যাওঁহক।” তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য’ত আছিল সেই নগৰলৈ গ’ল।
11. তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”
12. তেওঁলোকে উত্তৰ দি ক’লে, “তেওঁ আছে; চাওক, আপোনাৰ ঠিক সন্মুখতে আছে, সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব।
13. সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”
14. সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।
15. চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:
16. “কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”
17. যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
18. তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?”
19. চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।
20. আজি তিন দিন পূৰ্বে, তোমাৰ যি গাধবোৰ হেৰাইছিল, সেইবোৰৰ কাৰণে চিন্তা নকৰিবা; কিয়নো সেইবোৰ পোৱা যাব আৰু যাৰ কাৰণে ইস্ৰায়েলৰ সকলো ইচ্ছা জড়িত হৈ আছে; সেয়ে জানো তোমাৰ আৰু তোমাৰ সমূদায় পিতৃ-বংশৰ নহয়?”
21. চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”
22. তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।
23. চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’
24. তাৰ পাছত ৰান্ধনীয়ে বলিদান দিয়া পিছ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰত যি সকলো আছিল, সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমূৱেলে ক’লে, “চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল! তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল। সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা।” চৌলে সেই দিনা চমূৱেলৰ লগত ভোজন কৰিলে।
25. যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল, তেতিয়া চমূৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে ।
26. ৰাতিপুৱাতে চমূৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক’লে, “উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ;” সেয়ে চৌল উঠিল আৰু চমূৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ’ল।
27. তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত, চমূৱেলে চৌলক ক’লে, “তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা, তাতে দাস আগ হৈ গ’ল কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা, যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।”

সামসঙ্গীত 55:9-15
9. হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।
10. তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।
11. ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।
12. কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
13. কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।
14. আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
15. মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।

প্রবচন 15:15-17
15. নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
16. বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
17. হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।

লূক 22:1-23
1. সেই সময় খমিৰ নোহোৱা পর্বৰ ওচৰ হোৱাত, এই পর্বক নিস্তাৰ-পৰ্ব বোলা হয়,
2. তেতিয়া প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক বধ কৰিব পাৰে, তাৰে উপায় বিচাৰিলে; কিয়নো তেওঁলোকে লোক সকলক ভয় কৰিছিল।
3. তেতিয়া বাৰ জন পাঁচনিৰ মাজৰ যিহূদা, যাৰ উপনাম ঈষ্কৰিয়োতীয়া, তেওঁৰ ভিতৰত চয়তান সোমাল।
4. তাতে তেওঁ গৈ, কেনেকৈ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে, সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতি সকলৰ সৈতে কথা-বাৰ্ত্তা হ’ল।
5. তেতিয়া তেওঁলোকে আনন্দিত হ’ল আৰু তেওঁক ধন দিবলৈ সন্মত হ’ল।
6. তাতে তেওঁ মান্তি হ’ল আৰু লোক সকল নথকা সময়ত, তেওঁলোকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে।
7. খমিৰ নোহোৱা পিঠাৰ দিন, যিদিনা নিস্তাৰপৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হোৱাত,
8. যীচুৱে পিতৰ আৰু যোহনক পঠিয়াই দি ক’লে, “তোমালোক যোৱা, আমি ভোজন কৰিবলৈ নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰাগৈ।”
9. তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি ক’ত যুগুত কৰাতো আপুনি ইচ্ছা কৰে?”
10. তেওঁ তেওঁলোকক ক’লে, “চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই, পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ ধৰিব৷ তেওঁ যি ঘৰত সোমায়, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাবা৷
11. তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’?
12. তাতে সেই মানুহে সজোৱা ওপৰ-মহলৰ এটা ডাঙৰ কোঁঠালি তোমালোকক দেখুৱাই দিব৷ তাতে তোমালোকে যুগুত কৰিবা।”
13. তেতিয়া তেওঁলোক গ’ল আৰু তেওঁ কোৱাৰ দৰে তাত সকলোবোৰ পালে৷ পাছত তেওঁলোকে তাতে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলে।
14. সময় হোৱাত, তেওঁ পাঁচনি সকলৰ সৈতে ভোজনত বহিল।
15. তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ।
16. কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এয়ে সিদ্ধ নোহোৱালৈকে, মই এই ভোজ পুনৰ নাখাওঁ।”
17. পাছত যীচুৱে পান-পাত্ৰ লৈ স্তুতি কৰি ক’লে, “এইটো লোৱা আৰু তোমালোকৰ মাজত ভগাই লোৱা;
18. কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য আহি নোপোৱালৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।”
19. তাৰ পাছত পিঠা লৈ তেওঁ স্তুতি কৰিলে আৰু ভাঙি তেওঁলোকক দি ক’লে, “এয়ে তোমালোকৰ কাৰণে দান কৰা মোৰ শৰীৰ; মোক সুৱঁৰিবলৈ ইয়াকে কৰিবা।”
20. পিঠা ভোজন কৰাৰ পাছত, সেইদৰে পান-পাত্ৰকো লৈ ক’লে, “তোমালোকৰ কাৰণে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, সেয়ে এই৷
21. কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতা জন মোৰে সৈতে মেজতে আছে।
22. কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ’ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হব, তেওঁ সন্তাপৰ পাত্ৰ!”
23. তাতে তেওঁলোকৰ মাজৰ কোনে এই কৰ্ম কৰিব, সেই বিষয়ে ইজনে সিজনে সোধা-সুধি কৰিবলৈ ধৰিলে।