A A A A A

১ রাজাবলি 5:1-18
1. যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
2. তেতিয়া চলোমনে হীৰমলৈ কৈ পঠিয়ালে,
3. “আপুনি জানে যে, মোৰ পিতৃ দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশে গৃহ নিৰ্ম্মাণ কৰিব নোৱাৰিলে; কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে, তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ হৈ আছিল।
4. কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।
5. গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’
6. এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”
7. তেতিয়া হীৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহোৱা ধন্য।”
8. পাছত হীৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, “আপুনি মোলৈ পঠিউৱা বাৰ্তা মই শুনিলোঁ৷ মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।
9. মোৰ দাসবোৰে লিবানোনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব আৰু মই ভূৰ বান্ধি সমূদ্ৰপথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম৷ সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব৷ আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব৷”
10. এইদৰে হীৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে।
11. চলোমনে হীৰমৰ লোকসকলৰ বাবে আহাৰৰ যোগান ধৰিবলৈ তেওঁক বিশ হাজাৰ কোৰ ঘেঁহু ধান আৰু বিশ কোৰ শুদ্ধ তেল দিলে৷ এইদৰে চলোমনে বছৰে বছৰে হীৰমক দিলে।
12. যিহোৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে৷ হীৰম আৰু চলোমন, দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাব আছিল আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল।
13. পাছত চলোমন ৰজাই গোটেই ইস্ৰায়েলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী-কাম কৰিবলৈ মানুহ গোটালে; সেই গোট খোৱা লোক ত্ৰিশ হাজাৰ হ’ল।
14. তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷
15. চলোমনৰ সত্তৰ হাজাৰ ভাৰ বোৱা আৰু আশী হাজাৰ শিল-কটিয়া লোক পৰ্ব্বতত আছিল।
16. তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ তিনি হাজাৰ তিনি শ প্ৰধান বিষয়া আছিল।
17. ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল।
18. চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।

১ রাজাবলি 6:1-38
1. ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
2. চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
3. সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
4. আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
5. তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
6. তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
7. শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
8. মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
9. এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
10. তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
11. পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
12. “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
13. মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
14. সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
15. তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
16. গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
17. মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
18. গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
19. চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
20. সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
21. এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
22. তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
23. তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
24. এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
25. আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
26. প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
27. পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
28. তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
29. আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
30. আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
31. চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
32. এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
33. সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
34. আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
35. তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
36. পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
37. চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
38. আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।

সামসঙ্গীত 68:21-27
21. কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
22. প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
23. যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
24. হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
25. আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
26. তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
27. তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।

প্রবচন 17:13-15
13. যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
14. বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।
15. যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।

যোহন 10:24-42
24. তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
25. যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
26. তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
27. মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
28. মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
29. মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।
30. মই আৰু পিতৃ এক।”
31. তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।
32. যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
33. ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেই কাৰণেহে বিচাৰিছোঁ।”
34. যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, “তোমালোক ঈশ্বৰবোৰ?”’
35. যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়)।
36. তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কিয় কয়, ‘তুমি ঈশ্বৰ নিন্দা কৰিছা’ বুলি; কাৰণ মই ক’লো যে, ‘মই ঈশ্বৰৰ পুত্ৰ’?
37. মোৰ পিতৃৰ কার্য যদি মই নকৰোঁ, তেনেহলে মোক বিশ্বাস নকৰিব;
38. কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছোঁ।”
39. তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।
40. পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।
41. তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
42. আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।