A A A A A
एक साल में बाइबल
मई 28

১ রাজাবলি 3:1-28
1. চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।
2. লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
3. চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
4. পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
5. গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
6. তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
7. এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
8. আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
9. এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
10. চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
11. তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
12. এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
13. ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
14. তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
15. তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
16. সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।
17. তেওঁলোকৰ এজনীয়ে ক’লে, “হে মোৰ প্ৰভু, মই আৰু এই জনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এয়ে সৈতে ঘৰত থকা কালত এটি ল’ৰা প্ৰসৱ কৰিলোঁ।
18. পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এই জনী মহিলায়ো এটি ল’ৰা প্ৰসৱ কৰিলে৷ তেতিয়া আমি একে লগে আছিলোঁ৷ ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীয়ে আছিলোঁ।
19. পাছত ৰাতি এইৰ ল’ৰাটি মৃত্যু হ’ল, কাৰণ এই তাৰ ওপৰত শুলে।
20. তাতে তাই মাজনিশা উঠি, আপোনাৰ এই বেটী টোপনিত থাকোঁতে, মোৰ ল’ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে আৰু নিজৰ মৰা ল’ৰাটি আনি মোৰ বুকুত শুৱাই হ’ল।
21. পাছত ৰাতিপুৱা মই মোৰ ল’ৰাটিক পিয়াহ দিবলৈ উঠি দেখিলোঁ যে, সি মৰা৷ কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে, সি মই জন্ম দিয়া ল’ৰাটি নহয়।”
22. তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
23. তেতিয়াই ৰজাই ক’লে, “এইজনীয়ে কৈছে, ‘জীয়াই থকা ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোমাৰ’, আৰু আন জনীয়ে কৈছে, ‘নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা ল’ৰাটো মোৰ।”
24. তেতিয়া ৰজাই আজ্ঞা কৰিলে, “মোলৈ এখন তৰোৱাল আনা।” তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ’ল।
25. তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
26. তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
27. তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
28. ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।

১ রাজাবলি 4:1-34
1. চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
2. এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷
3. চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস-লিখক আছিল৷
4. যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷
5. নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
6. অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।
7. চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল।
8. তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ,
9. মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
10. আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷
11. অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
12. তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷
13. ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
14. মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
15. নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
16. আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17. ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18. বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19. আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
20. যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
21. চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
22. চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
23. দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী।
24. কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
25. চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
26. চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
27. প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
28. তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
29. ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
30. তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
31. তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
32. তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
33. তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।
34. সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।

সামসঙ্গীত 68:15-20
15. হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
16. হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
17. ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব ।
18. তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
19. প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
20. আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।

প্রবচন 17:10-12
10. যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে, সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়।
11. দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব।
12. নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।

যোহন 10:1-23
1. যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
2. যি জনে দুৱাৰেদি সোমায়, তেওঁ মেৰৰখীয়া।
3. দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
4. নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
5. সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
6. যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
7. তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাই কওঁ, ময়েই মেৰৰ গৰালৰ দুৱাৰ।
8. মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেৰবোৰে সিহঁতৰ কথা নুশুনিলে।
9. ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
10. চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
11. ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
12. কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
13. এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
14. ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
15. পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
16. মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
17. পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
18. কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
19. এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
20. তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
21. আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
22. তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
23. সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।