A A A A A

২ সামুয়েল 21:1-22
1. দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”
2. সেই সময়ত গিবিয়োনীয়া সকল ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নাছিল; কিন্তু ইমোৰীয়া সকলৰ অৱশিষ্ট থকা ভাগৰ লোক৷ ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে কিন্তু চৌলে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু যিহূদাৰ পক্ষে উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল।
3. সেই কাৰণে দায়ূদে গিবিয়োনীয়া সকলক একেলগে মাতি আনি ক’লে, “মই আপোনালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহোৱাৰ সেই দয়া আৰু বিশ্ৱাসৰ উত্তৰাধিকাৰী সকলক আশীৰ্ব্বাদ কৰে তাৰ বাবে মই কেনেকৈ প্ৰায়শ্চিত্ত কৰিম?”
4. তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।”
5. তাতে তেওঁলোকে ৰজাক ক’লে, “যি মানুহ জনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইস্ৰায়েলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কু-মন্ত্ৰণা কৰিছিল -
6. সেই মানুহ জনৰ বংশধৰ মাজৰ সাত জন লোকক আমাৰ হাতত সমৰ্পণ কৰি দিয়া হওঁক তাতে আমি যিহোৱা মনোনীত লোক চৌলৰ, গিবিয়াত যিহোৱা উদ্দেশে আৰি থম।” তেতিয়া ৰজাই ক’লে, “মই তোমালোকলৈ তেওঁলোকক সমর্পণ কৰিম।”
7. কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।
8. কিন্তু অয়াৰ জীয়েক ৰিস্পাই চৌলৰ ঔৰসত অৰ্মণী আৰু মফীবোচৎ নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল আৰু মহোলাতীয়া বাৰ্জিল্লয়ৰ পুতেক অদ্ৰীয়েলৰ ঔৰসত চৌলৰ জীয়েক মীখলে যি পাঁচোটা পুত্ৰ জন্ম দিছিল, এই সকলক ল’লে।
9. দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
10. পাছত অয়াৰ জীয়েক ৰিস্পাই চট কাপোৰ লৈ, শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল’লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে।
11. পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিস্পাই যি কাৰ্য কৰিছিল তাক দায়ুদক জনোৱা গ’ল।
12. তেতিয়া পলেষ্টীয়া সকলে গিলবোৱাত চৌলক বধ কৰা দিনা, চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনক আৰি থোৱা বৈৎচানৰ চকৰ পৰা, তেওঁলোকৰ হাড় চুৰ কৰি অনা যাবেচ-গিলিয়দৰ গৃহস্থসকলৰ হাতৰ পৰা দায়ূদে সেইবোৰ লৈ আনিলে৷
13. তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ আনিলে আৰু তেওঁলোকে আৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই হ’ল।
14. তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাড়বোৰ বিন্যামীন দেশৰ চেলাত চৌলৰ পিতৃ কীচৰ মৈদামত মৈদাম দিলে৷ তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
15. তেতিয়া পলেষ্টীয়াসকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ুদ ক্লান্ত হ’ল।
16. এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে।
17. কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।”
18. সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টীয়াসকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে।
19. পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল।
20. তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল।
21. যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে।
22. এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল।

২ সামুয়েল 22:1-51
1. যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
2. তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
3. মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
4. প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
5. কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
6. চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল।
7. সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
8. তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
9. তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
10. তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
11. তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
12. আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
13. তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।
14. যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
15. তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
16. যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
17. তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
18. তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
19. মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
20. তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
21. যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
22. কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
23. কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
24. তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
25. এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
26. যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
27. তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
28. তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
29. কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
30. কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
31. ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
32. কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
33. ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
34. তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
35. তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
36. তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
37. তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।
38. মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।
39. মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
40. কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।
41. তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।
42. তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।
43. তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
44. তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।
45. বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।
46. বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।
47. যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
48. যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
49. আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
50. এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।
51. ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”

সামসঙ্গীত 68:1-6
1. ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
2. ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
3. কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
4. তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমি ৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
5. ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা ।
6. অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।

প্রবচন 17:2-4
2. এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব।
3. ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
4. যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।

যোহন 8:28-59
28. সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।
29. মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
30. যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
31. যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
32. আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
33. তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
34. যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
35. দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে।
36. এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।
37. আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
38. মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
39. তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
40. ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছোঁ। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
41. আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
42. যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
43. আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
44. চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
45. মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
46. আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহলে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
47. যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
48. ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
49. যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে।
50. মই মোৰ নিজৰ মৰ্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
51. মই আপোনালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।”
52. ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’
53. তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
54. যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
55. আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
56. আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
57. ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
58. যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
59. তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।