A A A A A

২ সামুয়েল 19:1-43
1. যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”
2. সেই দিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে শোক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে, “ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে।”
3. যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল।
4. ৰজাই নিজ মুখ ঢাকি, বৰ মাতেৰে চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, “হায়, মোৰ পুত্ৰ অবচালোম! হায়, অবচালোম! হায়, মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
5. পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
6. কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে৷ কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়৷ কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন।
7. এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব৷ আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ’ব।”
8. তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ’ল বোলে, “চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে৷” তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল।
9. ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক’লে, “ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল৷ পলেষ্টীয়াসকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল আৰু এতিয়া তেওঁ অবচালোমৰ ভয়ত দেশৰ পৰা পলাই গ’ল।
10. আৰু অবচালোম, আমি যিজনক আমাৰ ওপৰত ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ’ল। গতিকে, এতিয়া তোমালোকে কিয় ৰজাক ওভোটাই অনাৰ বিষয়ে একো নোকোৱা?”
11. পাছত দায়ুদ ৰজাই চাদোক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, “তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, ‘ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ’ল?
12. তোমালোকেই মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ৷ তেন্তে তোমালোকে ৰজাক ওভোটাই নিবলৈ কিয় সকলোতকৈ পিচ পৰিছাহঁক?’
13. আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
14. আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ’ল৷ তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, “আপুনি আৰু আপোনাৰ দাসবোৰ পুনৰায় উভটি আহক।”
15. তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিলগললৈ আহিল।
16. তেতিয়া দায়ুদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ’ল।
17. আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল৷ তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল।
18. তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেৰাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে৷
19. আৰু চিমিয়ীই ৰজাক ক’লে, “মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব।
20. কিয়নো মই যে পাপ কৰিলোঁ, তাক আপোনাৰ এই দাসে জানে৷ চাওঁক, এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগ বঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজি নামি আহিছোঁ।”
21. কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
22. তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
23. পাছত ৰজাই চিমিয়ীক ক’লে, “তোমাৰ প্ৰাণদণ্ড নহ’ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।
24. তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
25. তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক’লে, “হে মফিবোচৎ, তুমি মোৰ লগত কিয় নগ’লা?”
26. তাতে তেওঁ উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, ‘মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।’
27. মোৰ দাস চীবায়ে, মোৰ প্ৰভু মহাৰাজৰ আগত, আপোনাৰ এই দাসৰ বদনাম কৰিলে৷ কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য৷ এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি তাকে কৰক।
28. কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”
29. তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা? মই সিদ্ধান্ত ল’লো যে, তুমি আৰু চীবা, দুয়োয়ে সেই মাটি ভাগ বাঁটি লোৱা।”
30. তেতিয়া মফিবোচতে ৰজাক ক’লে, “হয়, তেওঁ সকলোকে লওঁক; কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল।”
31. পাছে গিলিয়দীয়া বৰ্জ্জিলয়ে ৰোগেলীমৰ পৰা আহি, যৰ্দ্দনৰ সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত যৰ্দ্দন পাৰ হ’ল।
32. সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।
33. পাছে ৰজাই বৰ্জ্জিলয়ক ক’লে, “তুমি মোৰ লগত পাৰ হৈ আহা, মই তোমাক যিৰূচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্হা কৰি দিম।”
34. কিন্তু বৰ্জ্জিলয়ে ৰজাক ক’লে, “মোৰ আয়ুসৰ নো আৰু কিমান দিন আছে, যে, মই মহাৰাজৰ লগত যিৰূচালেমলৈ উঠি যাম?
35. এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?
36. আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?
37. কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”
38. ৰজাই উত্তৰ দি ক’লে, “কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।”
39. পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ’ল আৰু ৰজায়ো পাৰ হ’ল; পাছত ৰজাই বৰ্জ্জিলয়ক চুমা খাই বিদায় দিলে৷ তেওঁ নিজ ঠাইলৈ উভটি গ’ল।
40. এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ’ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ’ল৷ যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে।
41. পাছে চোৱা, ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক’লে, “আমাৰ ভাই যিহূদাৰ লোকসকলে আপোনাক চুৰ কৰি, মহাৰাজক, আপোনাৰ পৰিয়ালক, আৰু দায়ূদৰ লগত তেওঁৰ সকলো লোকক, কিয় যৰ্দ্দন পাৰ কৰি আনিলে?”
42. তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক’লে, “কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া৷ তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?”
43. পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক’লে, “ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ ফৈদ আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে৷ এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?” এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।

২ সামুয়েল 20:1-26
1. সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
2. গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
3. পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
4. তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
5. তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
6. তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
7. তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
8. যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
9. তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
10. অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
11. তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
12. তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
13. যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
14. পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
15. তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
16. তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
17. তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
18. তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
19. আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
20. তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
21. এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
22. তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
23. সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
24. অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস লিখক আছিল৷
25. চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
26. আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।

সামসঙ্গীত 67:1-7
1. হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীৰ্ব্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক।
2. গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়।
3. হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক।
4. জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকবোৰৰ ন্যায় বিচাৰ তুমি ন্যায়েৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা]
5. হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক।
6. পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব।
7. ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।

প্রবচন 16:33-33
33. চিঠি-খেলৰ গুটি কোঁচত পৰে, কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়।

প্রবচন 17:1-1
1. বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল।

যোহন 8:1-27
1. যীচু জৈতুন পৰ্বতলৈ গ’ল।
2. অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
3. তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
4. তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল।
5. এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
6. এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
7. কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
8. পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
9. এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
10. যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
11. তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
12. ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
13. তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
14. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
15. আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
16. তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
17. আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
18. মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
19. তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
20. মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
21. পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
22. তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
23. তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
24. এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
25. তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
26. আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
27. তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।