A A A A A

২ সামুয়েল 17:1-29
1. তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
2. যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
3. এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
4. তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
5. তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
6. যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
7. তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
8. হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
9. চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
10. সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
11. কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
12. তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
13. যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
14. তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
15. তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
16. এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
17. সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
18. কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
19. তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
20. পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
21. তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
22. তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
23. পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
24. তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
25. তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
26. তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
27. যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
28. শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
29. মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”

২ সামুয়েল 18:1-33
1. দায়ূদে তেওঁৰ লগত থকা সৈন্যসকলক গণনা কৰিলে আৰু তেওঁলোকৰ মাজত সহস্ৰপতি ও শতপতি নিযুক্ত কৰিলে।
2. তাৰ পাছত দায়ূদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰূয়াৰ পুত্ৰ অবীচয়ৰ হাতত এভাগ আৰু গাতীয়া ইত্তয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক’লে, “মই নিজেও নিশ্চয়ে তোমালোকৰ লগত যাম।”
3. কিন্তু লোকসকলে ক’লে, “আপুনি যাব নালাগে, কিয়নো যদি আমি পলাই যাও, আমাৰ বাবে চিন্তা নকৰিব, আমাৰ অৰ্দ্ধেকলোক মৰিলেও আমাৰ বাবে চিন্তা নকৰিব৷ কিন্তু আপুনি আমাৰ দহ হাজাৰৰ সমান। এই হেতুকে আপুনি নগৰৰ পৰা আমাক সহায় কৰিবৰ অৰ্থে আপুনি যুগুত হৈ থাকিলে ভাল হ’ব।”
4. তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে যিহকে ভাল দেখা, মই তাকেই কৰিম।” পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ’ল আৰু সকলো সৈন্য শ শ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ’ল।
5. তেতিয়া ৰজাই যোৱাব, অবীচয় আৰু ইত্তয়ক আজ্ঞা দি ক’লে, “তোমালোকে মোলৈ চাই, সেই ডেকা যোৱবক অবচালোমৰ প্ৰতি বিনীত ভাৱে ব্যৱহাৰ কৰিবা।” অবচালোমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে।
6. এইদৰে সৈন্যসকল ইস্ৰায়েলৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলৰ বাহিৰলৈ ওলাই গ’ল; সেই যুদ্ধ ইফ্ৰয়িমৰ হাবিত হ’ল।
7. সেই ঠাইত ইস্ৰায়েলৰ সৈন্যসকল দায়ূদৰ সৈন্যসকলৰ সন্মুখত পৰাজিত হ’ল; তাতে সেইদিনা মহা-সংহাৰ হোৱাত বিশ হাজাৰ লোকৰ মৃত্যু হয়।
8. কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ’ল, সেই বাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে।
9. পাছত অবচালোমে দায়ূদৰ সৈন্যসকলক হঠাৎ লগ পালে৷ তেতিয়া অবচালোম নিজৰ খছৰৰ ওপৰত উঠি যাওঁতে, সেই খছৰে তাত থকা এজোপা ডাঙৰ এলা গছৰ ঘন ডালৰ তলেদি যোৱাত, সেই এলা গছত অবচালোমৰ মুৰটো লাগি ধৰিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খচ্ছৰ চলি গৈ থাকিল।
10. তেতিয়া কোনো এজন লোকে সেই দৃশ্য দেখা পাই যোৱাবক ক’লে, “চাওঁক, মই এলা গছত অবচালোমক ওলমি থকা দেখিলোঁ।”
11. তেতিয়া যোৱাবে সেই বাতৰি দিয়া মানুহ জনক ক’লে, “যদি তুমি তেনেকুৱা দেখিছিলা, তেনেহ’লে কিয় সেই ঠাইতে তেওঁক মাৰি মাটিত নেপেলালা? তাকে কৰা হ’লে, মই তোক দহ চেকল ৰূপ আৰু এগজ টঙালি দিলোঁহেঁতেন।”
12. তেতিয়া মানুহ জনে যোৱাবক ক’লে, “মই যদিও হাজাৰ চেকল ৰূপ লওঁ তথাপিও মই সেই ৰাজ কোঁৱৰৰ অহিতে হাত নেমেলোঁ কিয়নো আমি শুনাকৈ ৰজাই আপোনাক, অবীচয়ক আৰু ইত্তয়ক এই আজ্ঞা দিছিল বোলে, ‘সাৱধান, তোমালোকৰ কোনোৱেও যেন সেই ডেকা অবচালোমক নুচুৱে’।
13. আৰু যদিও মই গুপুতে তেওঁৰ প্ৰাণ ললোহেতেন, তথাপিও আপুনি নিজেও মোৰ বিৰুদ্ধে হ’লহেতেন, কাৰণ ৰজাৰ পৰা কোনো কথা গুপুতে নাথাকে৷
14. তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷
15. তেতিয়া যোৱাবৰ সেই দহজন অস্ত্ৰধাৰী ডেকাই অবচালোমক বেৰি ধৰি, আঘাত কৰি, তেওঁক বধ কৰিলে।
16. তাৰ পাছত যোৱাবে শিঙা বজালে আৰু সৈন্যসকল ইস্ৰায়েলৰ পাছত খেদি যোৱাৰ পৰা উভটি আহিল কিয়নো যোৱাবে সৈন্যসকলক ৰখাই হ’ল।
17. তেওঁলোকে অবচালোমক নমাই আনি, হাবিৰ মাজত থকা বৰ গাত এটাত পেলাই দিলে; তেওঁলোকে তেওঁৰ ওপৰত শিলৰ এটা বৰ দ’ম ৰাখি হ’ল আৰু সকলো ইস্ৰায়েলৰ প্ৰত্যেক জন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল
18. ৰজাৰ উপত্যকাত যি স্তম্ভ আছে, তাক অবচালোমে জীয়াই থকা কালত নিৰ্ম্মাণ কৰাই, নিজৰ কাৰণে স্থাপন কৰিছিল কিয়নো তেওঁ কৈছিল যে, “মোৰ নাম ৰাখিবলৈ মোৰ পো নাই।” এই কাৰণে তেওঁ নিজৰ নাম অনুসাৰে সেই স্তম্ভৰ নাম ৰাখিলে আৰু সেই বাবে সেয়ে আজিলৈকে অবচালোমৰ স্তম্ভ বুলি প্ৰখ্যাত আছে।
19. তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”
20. তেতিয়া যোৱাবে তেওঁক ক’লে, “তুমি আজি এই বাতৰি দিয়া লোক হ’ব নালাগে; তুমি আন দিনাখন এই বাতৰি দিবা৷ আজি তুমি একো বাতৰি নিদিবা কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ’ল।”
21. তেতিয়া যোৱাবে কুচীয়াক ক’লে, “তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ৷” তাতে কুচীয়াই যোৱাবক সেৱা কৰি লৰি গ’ল।
22. তেতিয়া চাদোকৰ পুত্ৰ অহীমাচে আকৌ যোৱাবক ক’লে, “যি হওঁক, অনুগ্ৰহ কৰি কুচীয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “বোপা তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ একো বঁটা নাপাবা।”
23. অহীমাচে ক’লে, “যি হওঁক, মোক লৰি যাবলৈ দিয়ক।” তাতে যোৱাবে ক’লে, “লৰি যোৱা।” তেতিয়া অহীমাচে সমথলৰ বাটেদি লৰি লৰি গৈ কুচীয়াক পাছ পেলালে।
24. সেই সময়ত দায়ুদ নগৰৰ দুই দোৱাৰৰ মাজত বহি আছিল৷ তেতিয়া প্ৰহৰীয়ে নগৰৰ দোৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে৷ তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে।
25. তেতিয়া প্ৰহৰীয়ে ৰিঙিয়াই ৰজাক সেই কথা জনালে৷ ৰজাই ক’লে, “তেওঁ যদি অকলে আছে, তেন্তে তেওঁৰ মুখত বাতৰি আছে।” লৰি অহা ল’ৰা জনে ওচৰ আহি নগৰৰ কাষ চাপিলে৷
26. তেতিয়া প্ৰহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দুৱৰীটোক ক’লে, “চোৱা আৰু এজন অকলে লৰি আহিছে।” তাতে ৰজাই ক’লে, “তেৱোঁ বাতৰি আনিছে।”
27. তেতিয়া প্ৰহৰীয়ে ক’লে, “মই ভাবো প্ৰথম জন লোকৰ লৰ চাদোকৰ পুত্ৰ অহীমাচৰ লৰৰ নিচিনা।” ৰজাই ক’লে, “তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে।”
28. তেতিয়া অহীমাচে ৰিঙিয়াই ৰজাক ক’লে, “সকলো মঙ্গলময়৷” পাছত তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক’লে, “যি জনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক শোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য।”
29. তেতিয়া ৰজাই সুধিলে, “ডেকা যুৱক অবচালোমৰ মঙ্গল নে?” তাতে অহীমাচে উত্তৰ দি ক’লে, “যি সময়ত যোৱাবে আপোনাৰ দাস মোক আপোনালৈ পঠালে, তেতিয়া বৰ হুৰা-মুৰা হোৱা দেখিলোঁ; কিন্তু কি হৈছিল সেই বিষয়ে জানিবলৈ নাপালোঁ।”
30. ৰজাই ক’লে, “একাষে গৈ ইয়াতে থিয় হোৱা।” তাতে অহীমাচে একাষে গৈ থিয় হ’ল।
31. তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”
32. তাতে ৰজাই কুচীয়াক সুধিলে, ডেকা পুৰুষ অবচালোমৰ মঙ্গল নে? কুচীয়াই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰ আৰু আপোনাৰ অনিষ্ট কৰিবলৈ আপোনাৰ বিৰুদ্ধে উঠা আটাইবোৰ সেই ডেকা যুৱক জনৰ নিচিনা হওঁক।”
33. তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”

সামসঙ্গীত 66:16-20
16. হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
17. মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
18. যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
19. কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে।
20. ঈশ্বৰ ধন্য হওক, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, আৰু মোৰ পৰা নিজ দয়াও দূৰ নকৰিলে।

প্রবচন 16:31-32
31. পকা চুলি গৌৰৱৰ মুকুট। সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়।
32. ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।

যোহন 7:28-53
28. তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
29. মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”
30. তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।
31. কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”
32. লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।
33. যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।
34. আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”
35. ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, এনেকৈ তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?
36. তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”
37. পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
38. যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”
39. যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।
40. এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”
41. কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
42. ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”
43. এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।
44. তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।
45. তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”
46. তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”
47. তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?
48. শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?
49. কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”
50. তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,
51. “প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”
52. তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”
53. তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।