A A A A A
एक साल में बाइबल
मई 22

২ সামুয়েল 15:1-37
1. সেই সময়ৰ পাছত অবচালোমে নিজৰ বাবে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰি যাবৰ বাবে পঞ্চাশ জন মানুহ যুগুত কৰি ল’লে।
2. অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”
3. তেতিয়া অবচালোমে তেওঁক কয়, “চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত কৰা লোক কোনো নাই।”
4. অবচালোমে আৰু কয়, “মোৰ ইচ্ছা এয়ে যে যদি মোক দেশৰ বিচাৰকৰ্ত্তা পতা হ’লে, কোনো বিবাদ বা গোচৰ থকা প্ৰতিজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহিলহেঁতেন আৰু মই তেওঁলৈ ন্যায় বিচাৰ কৰিলোঁহেঁতেন।”
5. পাছত এনে ঘটে যে কোনো এজন লোক যেতিয়া তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ ওচৰলৈ আহে, সেই লোকজনক তেওঁ হাত মেলি ধৰে আৰু চুমা খায়।
6. ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
7. তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
8. কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”
9. তাতে ৰজাই ক’লে, “শান্তিৰে যোৱা।” তেতিয়া অবচালোম উঠি হিব্ৰোণলৈ গ’ল।
10. কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
11. আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।
12. পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
13. পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
14. তাতে দায়ূদে যিৰূচালেমত নিজৰ লগত থকা সকলো দাসবোৰক ক’লে, “আহা আমি ওলাই পলাওঁহ’ক; নহ’লে অবচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে শীঘ্ৰে যাবলৈ যুগুত হোৱা, নহ’লে সি বেগাই আমাৰ লগ ধৰিব আৰু আমাৰ ওপৰত অমঙ্গল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব।”
15. তাতে, ৰজাৰ দাসবোৰে ৰজাক ক’লে, “চাওঁক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবোৰ যুগুত হৈ আছে।”
16. পাছে ৰজা ওলাই গ’ল, আৰু তেওঁৰ সকলো পৰিয়াল তেওঁৰ পাছে পাছে গ’ল; কিন্তু ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে ৰজাই দহজনী উপপত্নী এৰি থৈ গ’ল।
17. পাছত ৰজা আৰু তেওঁৰ পাছত যোৱা সকলো মানুহ ওলাই গৈ বৈৎ-মিৰ্হকত ৰ’ল।
18. তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
19. তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
20. যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
21. কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”
22. সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।
23. সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।
24. আনকি চাদোকো তেওঁৰ লগত লেবীয়া লোকসকল ঈশ্বৰৰ নিয়ম-চন্দুকটি বৈ লৈ উপস্থিত হ’ল৷ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি নমাই ৰাখিলে আৰু তেতিয়া অবিয়াথৰ তেওঁলোকৰ লগত লগ দিলে৷ তেওঁলোকে এনে কৰাৰ আগে লোকসকল নগৰৰ পৰা একেবাৰে ওলাই নহালৈক ৰখি থাকিল৷
25. ৰজাই চাদোকক ক’লে, “তুমি ঈশ্বৰৰ নিয়ম-চন্দুকটি পুনৰাই নগৰলৈ ঘূৰাই লৈ যোৱা। যদি যিহোৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ, তেনেহ’লে তেওঁ পুনৰাই মোক ঘূৰাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব৷
26. কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
27. ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।
28. আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”
29. এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।
30. পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
31. তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
32. পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।
33. দায়ূদে তেওঁক ক’লে, “তুমি যদি মোৰ লগত যোৱা তেন্তে তুমি মোলৈ ভাৰহে হ’বা।
34. কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।
35. সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।
36. চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”
37. তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।

২ সামুয়েল 16:1-23
1. যেতিয়া দায়ূদে পৰ্ব্বতৰ টিঙত পাছ পেলাই অলপ আগ হ’ল, তেতিয়া চোৱা, মফিবোচতৰ দাস চীবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ’ল; সেই গাধৰ ওপৰত দুশ পিঠা, এশ থোপা শুকান দ্ৰাক্ষা গুটি, এশ লদা খেজুৰ গুটি আৰু এক মোট দ্ৰাক্ষাৰস আছিল।
2. পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”
3. পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’”
4. তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
5. যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
6. সি দায়ূদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে; যদিওঁবা সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁ ফালে আছিল।
7. চিমিয়ীয়ে শাও দি দি কৈছিল, “হেৰৌ ৰক্তপাতি পাষণ্ড, যা, গুচি যা!
8. তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”
9. তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
10. কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?”
11. দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
12. কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
13. এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
14. তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
15. এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
16. পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”
17. তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
18. তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
19. আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
20. পাছে অবচালোমে অহীথোফলক ক’লে, “এতিয়া আমি কি কৰা উচিত, সেই বিষয়ে তোমালোকে দিহা দিয়া।
21. তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
22. পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।
23. সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।

সামসঙ্গীত 66:8-15
8. হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
9. যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
10. কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
11. তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা।
12. তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
13. মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম।
14. মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম।
15. মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা]

প্রবচন 16:27-30
27. নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
28. উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
29. অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়।
30. যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে।

যোহন 7:1-27
1. তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।
2. তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল।
3. সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷
4. যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”
5. কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।
6. সেয়ে যীচুৱে তেওঁলোকক ক’লে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।
7. জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।
8. তোমালোকে পৰ্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”
9. তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গ’ল।
10. তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।
11. পৰ্বৰ সময়ত ইহুদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন ক’ত আছে?”
12. লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”
13. কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।
14. যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।
15. তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”
16. যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”
17. যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
18. যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
19. মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?
20. লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”
21. যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।
22. মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);
23. মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?
24. উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
25. তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
26. কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?
27. এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”