A A A A A

২ সামুয়েল 11:1-27
1. পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।
2. পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
3. তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?”
4. তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল।
5. পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
6. তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।
7. যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।
8. দায়ূদে ঊৰিয়াক ক’লে, “তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা।” তাতে ঊৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ’ল আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে৷
9. কিন্তু ঊৰিয়াই নিজ প্ৰভুৰ দাসবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰ-মুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ’ল।
10. পাছত ঊৰিয়া নিজৰ ঘৰলৈ নোযোৱা কথা দায়ূদৰ আগত লোক সকলে জনোৱাত দায়ূদে উৰিয়াক ক’লে, “তুমি যাত্ৰা কৰি অহা নাই নে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগ’লা?”
11. তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”
12. তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।
13. আৰু দায়ূদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁৰ সাক্ষাতে ভোজন পান কৰোঁৱাই তেওঁক মতলীয়া কৰালে৷ তথাপি তেওঁ সন্ধ্যাৰ সময়ত নিজ প্ৰভুৰ দাসবোৰৰ লগত নিজ শয্যাত শুবলৈ বাহিৰলৈ গ’ল; তেওঁ নিজৰ ঘৰলৈ নামি নগ’ল।
14. পাছত ৰাতিপুৱা দায়ূদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু ঊৰিয়াৰ হাতত দি পঠিয়ালে।
15. দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”
16. পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত, যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে ঊৰিয়াক হ’ল।
17. পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাবৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত, লোকসকলৰ মাজৰ অৰ্থাৎ দায়ূদৰ সৈন্যসকলৰ মাজৰ কিছুলোক পতিত হ’ল আৰু তাতে হিত্তীয়াৰ ঊৰিয়াৰো মৃত্যু হ’ল।
18. যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ দায়ূদক জনালে,
19. তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে, “তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত,
20. যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা? তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাঁড় মাৰিব বুলি তোমালোকে নাজানিছিলা নে?
21. যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”
22. পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।
23. সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷
24. কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”
25. তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।
26. পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী ঊৰিয়াৰ মৃত্যু-সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে।
27. পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।

২ সামুয়েল 12:1-31
1. তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।
2. সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;
3. কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
4. এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে।
5. তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷
6. কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”
7. তেতিয়া নাথনে দায়ূদক ক’লে, “তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ।
8. মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
9. তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
10. এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’
11. যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব।
12. কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
13. তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
14. কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
15. তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।
16. তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।
17. তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
18. পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
19. কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।”
20. তেতিয়া দায়ূদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যিহোৱাৰ গৃহলৈ গ’ল অাৰু তাতে তেওঁৰ আৰাধনা কৰিলে, তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ’ল৷ যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে।
21. তেতিয়া তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল’ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোন দি ক্ৰন্দন কৰিছিল, কিন্তু এতিয়া ল’ৰাটিৰ মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে?”
22. তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
23. কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
24. পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
25. গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
26. তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
27. তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
28. এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে ছাউনি পাতি তাক লওঁকহি, নহ’লে মই হাত কৰি ল’লে, নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ’ব।”
29. তাতে দায়ূদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল’লে।
30. আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
31. দায়ূদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত, লোহাৰ মৈ ও কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে; আৰু তেওঁ তেওঁলোকক ইটা পোৰা ভাতীৰ কামতো লগুৱালে৷ তেওঁ অম্মোনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ উভটি আহিল।

সামসঙ্গীত 65:9-13
9. তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
10. তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
11. তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
12. অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
13. চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।

প্রবচন 16:22-24
22. বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা।
23. জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে।
24. সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।

যোহন 6:22-51
22. পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
23. কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
24. সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
25. সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
26. যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
27. ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”
28. লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
29. যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
30. তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
31. আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
32. যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
33. কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
34. লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
35. যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
36. মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
37. পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
38. কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
39. মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
40. মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
41. পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
42. সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
43. যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
44. যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
45. ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’ যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
46. কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
47. মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে।
48. জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
49. আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
50. স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
51. স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।”