A A A A A

২ সামুয়েল 9:1-13
1. পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?”
2. তাতে চীবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক দায়ূদৰ ওচৰলৈ মাতি অনাত, ৰজাই তেওঁক সুধিলে, “তুমি চীবা হোৱানে?” তেওঁ ক’লে, “আপোনাৰ দাস মই, সেয়ে হওঁ।”
3. পাছত ৰজাই সুধিলে, “মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাই নে?” তাতে চীবাই ৰজাক ক’লে, “যোনাথনৰ দুয়োখন ভৰি খোৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে।”
4. ৰজাই তেওঁক সুধিলে, “তেওঁ ক’ত আছে?” চীবাই ৰজাক ক’লে, “চাওক, তেওঁ লো-দবৰাত অম্মীয়েলৰ পুতেক মাখীৰৰ ঘৰত আছে।”
5. তেতিয়া দায়ুদ ৰজাই লো-দবৰালৈ মানুহ পঠিয়াই অম্মীয়েলৰ পুত্ৰ মাখীৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে।
6. পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”
7. তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”
8. তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”
9. পাছে ৰজাই চৌলৰ দাস সেই চীবাক মতাই ক’লে, “মই তোমাৰ প্ৰভুৰ পুত্ৰক, চৌলৰ আৰু তেওঁৰ সকলো বংশৰ সৰ্ব্বস্বকে দিলোঁ।
10. এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।
11. তেতিয়া চীবাই ৰজাক ক’লে, “মোৰ প্ৰভু মহাৰাজে, তেওঁৰ এই দাসক যি আজ্ঞা দিছে, সেই দৰে তেওঁৰ এই দাসে সকলোকেই কৰিব।” ৰজাই আৰু কলে, “মফিবোচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব।”
12. সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।
13. আৰু মফিবোচতে যিৰূচালেমতে নিবাস কৰিলে আৰু তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰিলে; যদিওবা তেওঁৰ দুয়োখন ভৰি খোৰা আছিল।

২ সামুয়েল 10:1-19
1. পাছত অম্মোনৰ সন্তান সকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।
2. তাতে দায়ুদে ক’লে, “হানুনৰ পিতৃ নাহচে মোক যিদৰে অনুগ্ৰহ কৰিছিল, সেই দৰে ময়ো হানুনক অনুগ্ৰহ কৰিম।” এই বুলি দায়ূদে তেওঁৰ পিতৃৰ বাবে সান্ত্বনা দিবলৈ নিজৰ দাসবোৰক পঠিয়ালে। তাতে দায়ুদৰ দাসবোৰে অম্মোনৰ সন্তান সকলৰ দেশ প্ৰবেশ কৰিলে৷
3. অম্মোনৰ সন্তান সকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হানুনক ক’লে, “দায়ূদে আপোনাৰ পিতৃক আদৰ কৰে দেখি, আপোনাক সান্ত্বনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে?” দায়ূদে নগৰ চাবলৈ, তাৰ বুজ-বিচাৰ ল’বলৈ আৰু তাক নষ্ট কৰিবলৈ দাসবোৰক জানো পঠোৱা নাই?
4. তাতে হানুনে দায়ূদৰ দাসবোৰক ধৰি তেওঁলোকৰ এফাল এফাল ডাঢ়ি খুৰোওৱালে আৰু তেওঁলোকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁলোকক বিদায় দিলে।
5. যেতিয়া তেওঁলোকে দায়ূদৰ আগত এই সকলো বাখ্যা কৰিলে, ৰজাই তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠিয়ালে, কাৰণ তেওঁলোকে অতিশয় লজ্জিত হৈছিল। ৰজাই তেওঁলোকক আজ্ঞা দিলে, বোলে “তোমালোকৰ ডাঢ়ি নহয় মানে তোমালোক যিৰীহোতে থাকাগৈ; পাছত উলটি আহিবা।”
6. পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
7. পাছে দায়ূদে সেই সম্বাদ পাই যোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্যসামন্তক তালৈ পঠিয়াই দিলে।
8. তাতে অম্মোনৰ সন্তান সকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চোবাৰ ও ৰহোবৰ অৰামীয়া লোকসকল আৰু টোবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল।
9. এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
10. আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।
11. যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ বলৱান হয়, তেন্তে তুমি আহি মোক সহায় কৰিবাহি৷ আৰু যদি তোমাতকৈ অম্মোনৰ সন্তান সকল অতি বলৱান হয়, তেন্তে মই গৈ তোমাক সহায় কৰিম।
12. তুমি সাহিয়াল হোৱা; আমি স্ব-জাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ বাবে পুৰুষালি দেখুৱাওহঁক; আৰু যিহোৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে, তাকেই কৰক।”
13. পাছে যোৱাব আৰু তেওঁৰ লগৰ লোকসকল অৰামীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপোতেই তেওঁলোক ইস্ৰায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাল।
14. আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।
15. পাছত অৰামীয়াসকলে ইস্ৰায়েলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে।
16. তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্‌ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল।
17. পাছে দায়ূদৰ আগত এই বাতৰি দিয়া হোৱাত, তেওঁ গোটেই ইস্ৰায়েলক গোটাই লৈ যৰ্দ্দন পাৰহৈ হেলমলৈ গ’ল। তাতে অৰামীয়া লোকসকলে দায়ূদৰ বিৰুদ্ধে বেহু পাতি তেওঁৰ লগত যুদ্ধ কৰিলে।
18. কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।
19. পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।

সামসঙ্গীত 65:1-8
1. হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2. হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3. আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
4. ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
5. তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
6. এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
7. সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
8. পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।

প্রবচন 16:20-21
20. যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
21. যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে।

যোহন 6:1-21
1. ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
2. তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
3. পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
4. সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
5. যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
6. ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
7. ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
8. যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
9. “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
10. যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
11. তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
12. তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
13. তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
14. যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
15. যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
16. যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
17. তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
18. বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
19. শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
20. তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
21. শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।