A A A A A

২ সামুয়েল 7:1-29
1. পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
2. তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”
3. তেতিয়া নাথনে ৰজাক ক’লে, “ভাল, আপোনাৰ মনত যি আছে তাকে কৰক; কিয়নো যিহোৱা আপোনাৰ লগত আছে।”
4. পাছত নাথনলৈ সেই ৰাতিয়েই যিহোৱাৰ বাক্য আহিল,
5. বোলে, “যোৱা আৰু তুমি গৈ মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: বোলে, তুমিয়েই জানো মোৰ বসতি গৃহ নিৰ্ম্মাণ নকৰিবা?
6. কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
7. গোটেই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত মই অহা-যোৱা কৰা কোনো এক ঠাইত, মই যিজনক মোৰ প্ৰজা ইস্ৰায়েল লোকসকলক প্ৰতি পালন কৰিবলৈ ভাৰ দিছিলোঁ, ইস্ৰায়েলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে, “তোমালোকে কিয় মোৰ কাৰণে এৰচ কাঠৰ গৃহ নিৰ্ম্মাণ নকৰা’?”
8. এই হেতুকে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত অধিপতি হ’বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ;
9. আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
10. আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
11. যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।
12. তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
13. মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।
14. মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷
15. কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।
16. আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।”
17. এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ূদক ক’লে।
18. যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
19. তথাপি হে প্ৰভু যিহোৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল৷ তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কালৰ কথা ক’লা, হে প্ৰভু যিহোৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা।
20. ইয়াৰ পাছত মই, দায়ূদে তোমাক আৰু কি ক’ম? কাৰণ হে প্ৰভু যিহোৱা, তুমি নিজ দাসক জানি আছা।
21. কিয়নো তুমি নিজ বাক্যৰ কাৰণে আৰু তোমাৰ নিজ উদ্দেশ্য সিদ্ধ কৰিবলৈ, এই সমস্ত মহৎ কৰ্ম সাধন কৰি, তোমাৰ দাসক জনালা।
22. এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
23. আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
24. আৰু সদাকাল তোমাৰ প্ৰজা হবৰ অৰ্থে তোমাৰ বাবে তোমাৰ প্ৰজা ইস্ৰায়েল লোকক তুমি স্থাপন কৰিলা৷ আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
25. এই হেতুকে এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি নিজ দাসৰ আৰু তাৰ বংশৰ বিষয়ে যি বাক্য ক’লা, তাক সদাকাললৈ থিৰ কৰা; আৰু যেনেকৈ ক’লা, তেনেকৈয়ে কৰা।
26. ‘বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ওপৰত থাকোঁতা ঈশ্বৰ আৰু তোমাৰ দাস দায়ূদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব’, এইবুলি লোকে ক’ব৷ তোমাৰ নাম সদাকাল মহিমান্বিত হওঁক।
27. কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।
28. আৰু এতিয়া হে প্ৰভু যিহোৱা, তুমিয়েই ঈশ্বৰ, তোমাৰ বাক্য বিশ্ৱস্ত আৰু তুমিয়েই তোমাৰ দাসলৈ এই মঙ্গল প্ৰতিজ্ঞা কৰিলা।
29. এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা৷ কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”

২ সামুয়েল 8:1-18
1. ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্‌ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে।
2. তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।
3. আৰু চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰে ইউফ্রেটিচ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰায় স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে৷
4. তেওঁৰ এক হাজাৰ ৰথ, সাত শ অশ্বাৰোহী আৰু বিশ হাজাৰ পদাতিক সৈন্যক বন্দী কৰি ল’লে৷ আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5. পাছে দম্মেচকৰ অৰামীয়াসকলে চোবাৰ হদদেজৰ ৰজাক সহায় কৰিবলৈ আহোতে, দায়ূদে সেই অৰামীয়াসকলৰ মাজৰ বাইশ হাজাৰ লোকক বধ কৰিলে।
6. তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।
7. আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।
8. আৰু দায়ুদ ৰজাই হদদেজৰৰ বেটহ আৰু বেৰোথয় নগৰৰ পৰা অধিক পিতল আনিলে।
9. পাছত দায়ূদে হদদেজৰৰ সকলো সৈন্যসামন্তক পৰাজয় কৰা কথা হমাত’ৰ ৰজা তোৱীয়ে যেতিয়া শুনিলে,
10. তেতিয়া যুদ্ধত হদদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে দায়ুদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মঙ্গল সুধিবলৈ, তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো হদ্‌দেজৰৰ বিৰুদ্ধেও তোৱীৰৰ যুদ্ধ চলি আছিল। পাছে যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল৷
11. দায়ুদ ৰজাই সেই সামগ্ৰীবোৰ যিহোৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল, -
12. সেইবোৰ অৰাম, মোৱাব, অম্মোনৰ সন্তান সকল, পলেষ্টীয়াসকল আৰু অমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোবাৰ ৰজা ৰহোবৰ পুত্ৰ হদদেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো যিহোৱাৰ আগত উৎসৰ্গ কৰিলে।
13. আৰু দায়ূদে লৱণ উপত্যকাত অৰামীয়াসকলৰ মাজৰ ওঠৰ হাজাৰ লোকক বধ কৰি উভটি অহা সময়ত অতিশয় নাম জ্বলা হ’ল।
14. পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।
15. এইদৰে গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি দায়ূদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে।
16. চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্‌ আছিল ইতিহাস লিখক৷
17. অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷
18. যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।

সামসঙ্গীত 64:1-10
1. হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2. দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
3. তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4. নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
5. সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”
6. তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।
7. কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8. তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
9. তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।
10. ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।

প্রবচন 16:18-19
18. বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়।
19. অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল।

যোহন 5:24-47
24. মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
25. আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
26. কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
27. পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
28. এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
29. আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
30. মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
31. মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
32. আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
33. আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
34. অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
35. সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
36. কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
37. সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
38. তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
39. আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
40. তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
41. মই মানুহৰ প্রশংসা পাবলৈ চেষ্টা নকৰোঁ;
42. কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
43. মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
44. আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা গ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
45. নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।
46. আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেনেহলে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
47. কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেনেহলে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?”