A A A A A
एक साल में बाइबल
मई 17

২ সামুয়েল 5:1-25
1. তাৰ পাছত ইস্ৰায়েলৰ সকলো ফৈদে হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আমি আপোনাৰ হাড় আৰু মঙহ৷
2. আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
3. এইদৰে ইস্ৰায়েলৰ আটাই বৃদ্ধলোক হিব্ৰোণত থকা ৰজাৰ ওচৰলৈ আহিল আৰু দায়ুদ ৰজাই হিব্ৰোণত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ লগত এটি নিয়ম কৰিলে৷ আৰু তেওঁলোকে ইস্ৰায়েলৰ ওপৰত দায়ূদক ৰজা পাতি অভিষেক কৰিলে।
4. দায়ূদে ত্ৰিশ বছৰ বয়সত ৰজা হৈ চল্লিশ বছৰ ৰাজত্ব কৰিলে।
5. তেওঁ হিব্ৰোণত যিহূদাৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে আৰু যিৰূচালেমত গোটেই ইস্ৰায়েলৰ আৰু যিহূদাৰ ওপৰত তেত্ৰিশ বছৰ ৰাজত্ব কৰিলে।
6. তাৰ পাছত ৰজা আৰু তেওঁৰ লোকসকলে দেশ-নিবাসী যিবুচীয়াসকলৰ বিৰুদ্ধে যিৰূচালেমলৈ বুলি যাত্ৰা কৰিলে৷ তেওঁলোকে দায়ূদক ক’লে, “তুমি এই ঠাইত সোমাবলৈ নাপাবা কিয়নো কণাবোৰে আৰু খোৰা- বোৰেই তোমাক খেদাই দিব; তেওঁলোকে ভাবিছিল, দায়ুদ এই ঠাইত আৰু সোমাব নোৱাৰিব।”
7. তথাপিও দায়ূদে চিয়োন দুৰ্গ হাত কৰি ল’লে; সেয়ে দায়ূদৰ নগৰ।
8. তেতিয়াই দায়ূদে কৈছিল, “যি কোনোৱে যিবুচীয়াসকলক আক্ৰমণ কৰিব খোজে, তেওঁ পানীৰ নলাইদি উঠি গৈ দায়ূদৰ ঘিণলগীয়া সেই ‘কণা আৰু খোৰা’বোৰক আঘাত কৰক।” এই কাৰণে মানুহে কয়, “ই ‘কণা আৰু খোৰা’বোৰ ৰাজপ্ৰাসাদৰ ভিতৰত সোমাব নোৱাৰিব।”
9. তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
10. পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।
11. তেতিয়া তূৰৰ ৰজা হীৰমে দায়ূদৰ ওচৰলৈ দূত পঠিয়ালে আৰু এৰচ কাঠ, কাঠমিস্ত্ৰীসকল আৰু ৰাজমিস্ত্ৰীসকলক পঠিয়াই দিলে৷ তেওঁলোকে দায়ূদৰ কাৰণে এটা গৃহ নিৰ্ম্মাণ কৰিলে।
12. তাতে দায়ূদে জানিলে যিহোৱাই যে ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা পাতিলে, সেই বাবে নিজৰ প্ৰজা ইস্ৰায়েলসকলৰ বাবে তেওঁৰ ৰাজ্য উন্নত কৰিলে।
13. দায়ূদে হিব্ৰোণৰ পৰা অহাৰ পাছত, যিৰূচালেমত আন আন উপপত্নী আৰু পত্নীসমূহক ল’লে, তাতে দায়ূদলৈ আৰু অধিক পো আৰু জী জন্মিল।
14. যিৰূচালেমত তেওঁলৈ যিসকল সন্তান জন্ম পালে, তেওঁলোকৰ নাম চম্মুৱা, চোবব, নাথন, চলোমন,
15. যিভৰ, ইলীচূৱা, নেফগ, যাফীয়া,
16. ইলীচামা, ইলিয়াদা আৰু ইলীফেলট আছিল।
17. পাছত যেতিয়া দায়ূদক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰা সম্বাদ পালে, তেতিয়া আটাই পলেষ্টীয়াসকলে দায়ূদক বিচাৰিবলৈ উঠি আহিল। দায়ূদে তাকে শুনি দুৰ্গলৈ নামি গ’ল।
18. তেতিয়া পলেষ্টীয়াসকলে আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
19. তেতিয়া দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে৷ তেওঁক সুধিলে, “মই পলেষ্টীয়াসকলক আক্ৰমণ কৰিম নে? আপুনি তেওঁলোকক মোৰ হাতত সমৰ্পণ কৰিব নে?” তেতিয়া যিহোৱাই দায়ূদক ক’লে, “আক্ৰমণ কৰা, কিয়নো মই নিশ্চয়ে ফিলিষ্টীয়াসকলক তোমাৰ হাতত সমৰ্পণ কৰিম।”
20. তেতিয়া দায়ূদে বালপৰাচীমলৈ আহি তাতে তেওঁলোকক পৰাজয় কৰিলে৷ তেওঁ মন্তব্য কৰি ক’লে, “যিহোৱাই মোৰ শত্ৰূবোৰক মোৰ সন্মুখত বান পানীয়ে সেতু ভঙাৰ দৰে তেওঁলোকক ভাঙিলে।” এই কাৰণে সেই ঠাইৰ নাম বালপৰাচীম ৰাখা হ’ল।
21. সেই ঠাইতে তেওঁলোকৰ মুৰ্ত্তিবোৰ এৰি থৈ গ’ল; তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে সেইবোৰ লৈ আহিল।
22. তাৰ পাছত পলেষ্টীয়াসকলে আকৌ আহি ৰফায়ীম উপত্যকা জুৰি ল’লে।
23. তেতিয়া দায়ূদে যিহোৱাৰ পৰা পুনৰ সহায় বিচাৰিলে আৰু যিহোৱাই তেওঁক ক’লে, “তুমি তেওঁলোকৰ সন্মুখেৰে আক্ৰমণ নকৰিবা, বৰং তেওঁলোকৰ পাছফালেদি ঘূৰি গৈ, নুনি গছ কেই জোপাৰ সন্মুখত তেওঁলোকৰ আগত উপস্থিত হ’বা।
24. যেতিয়া সেই নুনি গছ কেইজোপাৰ মাজেৰে সৈন্য যোৱাৰ নিছিনা শব্দ শুনিবা, তেতিয়া সৈন্য-সামন্তৰে সৈতে আক্ৰমণ কৰিবা৷ কিয়নো তেতিয়াই যিহোৱাই পলেষ্টীয়াসকলৰ সৈন্য-সামন্তক আক্রমণ কৰিবৰ অৰ্থে তোমাৰ আগতেই গ’ল, গতিকে তুমি এইদৰেই কৰা৷”
25. তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।

২ সামুয়েল 6:1-23
1. দায়ূদে পুনৰাই ইস্ৰায়েলৰ আটাই মনোনীত লোকক লৈ ত্ৰিশ হাজাৰজন লোকক গোটালে।
2. তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহূদাত থকা বালিৰ পৰা, ঈশ্বৰৰ নাম অৰ্থাৎ কৰূব দুটা মাজত বহা বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ যাত্ৰা কৰিলে।
3. পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক এখন নতুন ৰথত তুলি ল’লে৷ তেওঁলোকে এই নিয়ম-চন্দুক পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে৷ অবীনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়োৱে সেই নতুন ৰথ চলাই আনিলে।
4. তেওঁলোকে পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে৷ অহিয়ো নিয়ম-চন্দুকৰ আগে আগে গ’ল।
5. তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
6. যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত, উজ্জাই হাত মেলি যিহোৱাৰ সেই নিয়ম-চন্দুকটি ধৰিলে৷
7. তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।
8. যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।
9. সেই দিনা দায়ূদৰ যিহোৱাৰ প্ৰতি ভয় লাগিল৷ তেওঁ ক’লে “যিহোৱাৰ নিয়ম-চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব?”
10. এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।
11. যিহোৱাৰ নিয়ম-চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত তিনি মাহ থাকিল৷ তাতে যিহোৱাই ওবেদ-ইদোমক আৰু তেওঁৰ গোটেই ঘৰখনক আশীৰ্ব্বাদ কৰিলে।
12. তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
13. যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
14. আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
15. এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
16. তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
17. পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
18. পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
19. আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
20. তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
21. তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
22. মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”
23. এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।

সামসঙ্গীত 63:1-11
1. হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
2. এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
3. কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
4. এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
5. লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
6. মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
7. কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
8. মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
9. যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
10. তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
11. কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

প্রবচন 16:16-17
16. সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম।
17. ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে।

যোহন 5:1-23
1. এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব আছিল।
2. যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
3. সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
4. ***
5. তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
6. যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
7. ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
8. যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
9. তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
10. সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
11. কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
12. তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
13. কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
14. পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
15. তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
16. এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
17. যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
18. যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
19. ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
20. কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
21. পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
22. পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
23. যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।