A A A A A

২ সামুয়েল 3:1-39
1. চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।
2. হিব্ৰোণত দায়ূদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁৰ বৰ পুত্ৰ অম্নোন, যিজ্ৰিয়েলীয়া অহীনোৱমৰ সন্তান;
3. তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷
4. চতুৰ্থ পুত্ৰ অদোনীয়া, হগ্গীতৰ সন্তান৷ পঞ্চম পুত্ৰ চফটিয়া, অবীটলৰ সন্তান,
5. আৰু ষষ্ঠ পুত্ৰ যিত্ৰিয়ম, দায়ূদৰ তিৰোতা ইগ্লাৰ সন্তান। এই সকলো হিব্ৰোণত দায়ূদৰ ঔৰসত জন্মিল।
6. যি সময়ত দায়ূদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল।
7. কিন্তু অয়াৰ জীয়েক ৰিস্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল৷ তাইৰ বিষয়ে ঈচবোচতে অবনেৰক ক’লে, “তুমি মোৰ পিতৃৰ উপপত্নীত কিয় গমন কৰিলা?”
8. ঈচ্‌বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।
9. দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
10. চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”
11. তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।
12. পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”
13. দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।
14. তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”
15. তাতে ঈচ্‌বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।
16. তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।
17. পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।
18. এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”
19. অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।
20. এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।
21. অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
22. তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
23. যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
24. তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?
25. আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।
26. যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।
27. যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।
28. যেতিয়া দায়ূদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্য যিহোৱাৰ দৃষ্টিত সদাকাললৈকে নিৰ্দ্দোষী।
29. সেই ৰক্তপাতৰ দোষ যোৱাবৰ আৰু তাৰ গোটেই পিতৃ-বংশৰ ওপৰত পৰোক৷ আৰু যোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠী, লাখুটিত ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰায় পৰা, বা খাবলৈ নোপোৱা, এনে প্ৰকাৰৰ লোকৰ অভাব নহওঁক।”
30. এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
31. পাছত দায়ূদে যোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক’লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু শোক কৰি কৰি অবনেৰৰ শৱৰ আগে আগে চলা। আৰু দায়ুদ ৰজাও মৰা শৱৰ চাঙৰ পাছে পাছে গ’ল৷
32. পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।
33. ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?
34. তোমাৰ হাত বন্ধা নাছিল৷ তোমাৰ ভৰিতো বেড়ী লগোৱা নাছিল৷ অন্যায় কৰোঁতা লোকৰ আগত পতিত হোৱা জনৰ দৰে তুমি পতিত থ’লো।” পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰন্দন কৰিলে।
35. পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
36. তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।
37. আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।
38. পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
39. অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।

২ সামুয়েল 4:1-12
1. যেতিয়া চৌলৰ পুত্ৰ ঈচ্‌বোচতে অবনেৰ’ৰ মৃত্যু হিব্ৰোণত হোৱা কথাষাৰ শুনিলে, তেওঁৰ হাত দূৰ্ব্বল হ’ল আৰু আটাই ইস্ৰায়েল চিন্তিত হ’ল।
2. চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল
3. আৰু বেৰোতীয়াসকল গিত্তয়িমলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে।
4. চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।
5. পাছত বেৰোতীয়া ৰিম্মোনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ’দৰ কালত যাত্ৰা কৰি ঈচ্‌বোচতৰ ঘৰ পালেগৈ, তেতিয়া দুপৰ বেলাৰ সময়, যেতিয়া তেওঁ জিৰণি লৈ আছিল।
6. তাতে ঘেহুঁধান চালি থকা সময়ত, দুৱাৰত ৰখীয়া হৈ থকা এগৰাকি মহিলাই টোপনি যোৱাত, ৰেখব আৰু বানাই নিৰৱে তাইৰ কাষেৰে পাৰ হৈ গ’ল৷
7. তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে।
8. তেওঁলোকে ঈচ্‌বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।”
9. কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত,
10. যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল।
11. পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?”
12. তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি হ’ল৷ কিন্তু তেওঁলোকে ঈচ্‌বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে মৈদাম দিলে।

সামসঙ্গীত 62:5-12
5. হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।
6. কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।
7. ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
8. হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]
9. অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
10. তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
11. ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।
12. হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

প্রবচন 16:13-15
13. ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়।
14. ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে।
15. ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে।

যোহন 4:31-54
31. ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
32. কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
33. শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
34. যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
35. তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
36. যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে।
37. ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
38. মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
39. যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
40. লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
41. তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
42. তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
43. দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
44. কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
45. তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
46. পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
47. তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
48. যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
49. সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
50. যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
51. তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
52. তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
53. ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
54. যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।