A A A A A

১ সামুয়েল 29:1-11
1. পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
2. যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ’ল।
3. তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
4. কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
5. দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ুদ নহয়?’”
6. তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়।
7. এতেকে পলেষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।”
8. তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?”
9. তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’
10. এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
11. তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।

১ সামুয়েল 30:1-31
1. তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
2. আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।
3. যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।
4. তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।
5. তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।
6. তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।
7. পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
8. তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”
9. তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।
10. কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।
11. তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।
12. বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।
13. পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।
14. আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”
15. পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”
16. পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
17. তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
18. অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।
19. তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।
20. আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
21. পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।
22. কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
23. তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।
24. কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”
25. সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
26. পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”
27. বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,
28. অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,
29. ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,
30. হৰ্মা, কোৰ-আচন, অথাক,
31. আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।

১ সামুয়েল 31:1-13
1. পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।
2. পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মল্কীচুৱাক বধ কৰিলে।
3. চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল।
4. তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।
5. তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
6. এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল।
7. পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে পলেষ্টীয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে।
8. পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।
9. পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।
10. সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।
11. পলেষ্টীয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে,
12. তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
13. তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।

সামসঙ্গীত 61:5-8
5. কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।
6. তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
7. তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।
8. তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।

প্রবচন 16:7-9
7. যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে।
8. অন্যায়েৰে সৈতে অধিক আয়তকৈ ন্যায়েৰে সৈতে অলপেই ভাল।
9. মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।

যোহন 3:19-36
19. সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
20. কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
21. কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
22. তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
23. যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
24. তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
25. সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
26. পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
27. যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
28. মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
29. যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
30. তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
31. যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
32. তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
33. যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
34. কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
35. পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
36. পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”