A A A A A
एक साल में बाइबल
मई 12

১ সামুয়েল 26:1-25
1. পাছত জীফীয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ’ল আৰু ক’লে, “দায়ুদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখীলা পাহাৰত লুকাই থকা নাই?”
2. তেতিয়া চৌল উঠিল আৰু জীফৰ মৰুপ্ৰান্তলৈ নামি গ’ল। তাতে তেওঁ ইস্ৰায়েলৰ তিনি হাজাৰ মনোনীত লোকক লগত ল’লে আৰু জীফৰ মৰুপ্ৰান্তলৈ দায়ূদক বিচাৰি গ’ল।
3. চৌলে হখীলা পাহাৰত ছাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাতিত আছিল। কিন্তু দায়ুদ মৰুপ্ৰান্তত আছিল, তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে।
4. তেতিয়া তালৈ দায়ুদে চোৰাং-চোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয়ে আহিছে, সেই বিষয়ে জানিব বিচাৰিলে।
5. পাছত দায়ুদ উঠিল আৰু চৌলে ছাউনি পতা ঠাইলৈ গ’ল। তেওঁ চৌল আৰু তেওঁৰ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ শোৱা ঠাই চালে; তেতিয়া চৌল ছাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল ছাউনিৰ চাৰিওফালে শুই আছিল।
6. তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”
7. সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।
8. তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”
9. দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”
10. দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।
11. মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”
12. এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।
13. পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।
14. তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”
15. পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।
16. তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?
17. তেতিয়া চৌলে দায়ুদৰ মাত বুজি পাই ক’লে, “হে মোৰ বোপা দায়ুদ, এয়ে তোমাৰ মাত নে?” তাতে দায়ুদে ক’লে, “হয় প্ৰভু মহাৰাজ, মোৰ মাত।”
18. তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?
19. এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।
20. এই হেতুকে এতিয়া যিহোৱাৰ অসাক্ষাতে মোৰ তেজ ভুমিত নপৰক; কিয়নো পৰ্ব্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ, ইস্ৰায়েলৰ ৰজাই এটি কুকুৰচিটিকাক বিচাৰি ওলাই আহিছে।”
21. তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”
22. পাছত দায়ূদে উত্তৰ দিলে, “হে মহাৰাজ, যাঠিডাল চাওক; আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক।
23. যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।
24. এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ’ল, তেনেকৈ যিহোৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সঙ্কটৰ পৰা মোক উদ্ধাৰ কৰক।”
25. পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।

১ সামুয়েল 27:1-12
1. পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
2. এই কাৰণে দায়ুদ উঠিল আৰু নিজৰ ছশ লোকক লগত লৈ মায়োকৰ পুত্ৰ গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
3. দায়ূদে গাতত আখীচৰ সৈতে বাস কৰিবলৈ ল’লে, তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ দায়ুদ আৰু তেওঁৰ ভার্যা যিজ্ৰিয়েলীয়া অহীনোৱম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলীয়া অবীগল তেওঁৰ সৈতে তাতে প্ৰবাস কৰিলে।
4. পাছত চৌলে দায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে।
5. তাৰ পাছত দায়ূদে আখীচক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহলে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থকিবলৈ ঠাই দিয়ক; কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব?”
6. তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে।
7. দায়ূদে পলেষ্টীয়াসকলৰ দেশত সম্পূৰ্ণ এবছৰ চাৰি মাহ বাস কৰিলে।
8. সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।
9. দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল।
10. তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।”
11. কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল।
12. আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।”

সামসঙ্গীত 60:6-12
6. ঈশ্বৰে নিজৰ পবিত্র ঠাইত ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
7. গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
8. মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা ।”
9. কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
10. হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
11. শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
12. ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।

প্রবচন 16:4-5
4. যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে।
5. অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব।

যোহন 2:1-25
1. তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
2. সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
3. পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
4. যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
5. তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
6. সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
7. যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে।
8. তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে।
9. ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে,
10. “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
11. গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
12. তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
13. ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
14. তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
15. তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
16. যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
17. ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
18. তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
19. যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
20. তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
21. কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
22. সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
23. নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
24. কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
25. মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।