A A A A A

যোশুয়া 3:1-17
1. পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷
2. তিন দিনৰ পাছত বিষয়াসকলে শিবিৰৰ মাজেদি গ’ল;
3. আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
4. তথাপি তোমালোকৰ মাজত ব্যৱধান থাকিব লাগিব আৰু এই ব্যৱধান তোমালোকৰ মাজত প্ৰায় দুই হাজাৰ হাত পৰিমাণৰ ঠাই হ’ব লাগিব। তোমালোকে যাব লগা পথ দেখা পাবলৈ তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো তোমালোকে আগতে কেতিয়াও সেই বাটেদি যোৱা নাই।”
5. তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”
6. পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।
7. যিহোৱাই যিহোচূৱাক ক’লে, “মই মোচিৰ লগত থকাৰ দৰে তোমাৰ লগতো যে আছোঁ, ইয়াক গোটেই ইস্ৰায়েলে জানিবৰ বাবে, মই আজি তেওঁলোকৰ দৃষ্টিত তোমাক গৌৰৱান্বিত কৰিম।
8. তুমি নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক এই আজ্ঞা কৰা যে, ‘যেতিয়া তোমালোকে গৈ যৰ্দ্দনৰ পানীৰ দাঁতি পাবা, তেতিয়া যৰ্দ্দন নদীত তোমালোকে ৰৈ থাকিবা’।”
9. তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
10. জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
11. চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।
12. এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
13. সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
14. পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;
15. পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
16. ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
17. আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।

যোশুয়া 4:1-24
1. পাছত সকলো লোকে যেতিয়া যৰ্দ্দনৰ ওপৰেৰে পাৰ হ’ল, তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2. “তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজন কৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰ জনক লোৱা,
3. আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷”
4. তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷
5. যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷
6. সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’
7. তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”
8. তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল।
9. আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে।
10. যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।
11. এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক লৈ পুৰোহিতসকল লোক সকলৰ সাক্ষাতে পাৰ হৈ গ’ল।
12. ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷
13. যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।
14. সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
15. পাছত যিহোৱাই যিহোচূৱাক ক’লে,
16. “সাক্ষ্যফলি থকা নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক যৰ্দ্দনৰ পৰা উঠি আহিবলৈ আদেশ কৰা।”
17. তেতিয়া যিহোচূৱাই পুৰোহিতসকলক “যৰ্দ্দনৰ পৰা উঠি আহাঁ” বুলি আজ্ঞা দিলে।
18. তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।
19. এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।
20. পাছত তেওঁলোকে যৰ্দ্দনৰ পৰা লৈ অহা সেই বাৰটা শিল যিহোচূৱাই গিলগলত স্থাপন কৰিলে।
21. তেওঁ ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “আগলৈ তোমালোকৰ সন্তান সকলে নিজ নিজ পিতৃসকলক যদি সোধে, বোলে, ‘এই শিলবোৰ কিহৰ বাবে?’
22. তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
23. কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই যি চূফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগতো যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিছিল,
24. এইদৰে পৃথিবীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে, যিহোৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ যিহোৱাক সন্মান কৰা।”

সামসঙ্গীত 42:1-5
1. হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
2. ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে; মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?
3. মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”
4. কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
5. হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

প্রবচন 13:17-18
17. দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
18. যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।

লূক 9:1-17
1. পাছত যীচুৱে তেওঁৰ বাৰ জন পাঁচনিক একেলগে মাতি সকলো ভূতৰ ওপৰত ক্ষমতা আৰু ৰোগ সুস্থ কৰিবলৈকো শক্তি আৰু ক্ষমতা দিলে৷
2. ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিবলৈ আৰু অসুস্থ লোক সকলক সুস্থ কৰিবলৈ তেওঁলোকক পঠিয়ালে৷
3. তেওঁ তেওঁলোকক ক’লে, “যাত্ৰাৰ কাৰণে কোনো বস্তু নলবা; লাখুটি বা মোনা, বা পিঠা বা ধন; বা দুটাকৈ চোলাও নলবা;
4. আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।
5. আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
6. পাছত তেওঁলোকে ওলাই গৈ গাৱেঁ গাৱেঁ শুভবাৰ্তা ঘোষণা কৰিলে আৰু সকলো ঠাইতে ৰোগী সকলক সুস্থ কৰি গ’ল।
7. সেই সময়ত হেৰোদ ৰজাই এই ঘটনাবোৰৰ বাৰ্তা পাই নিজ মনত অশান্তি পালে; কিয়নো কিছুলোকে কৈছিল যে যোহন মৃত সকলৰ মাজৰ পৰা জীৱিত হ’ল,
8. আৰু আন কিছুমান লোকে কব ধৰিলে যে, “এলিয়া পুণৰ আবির্ভুত হৈছে” আৰু কিছুমানে ক’লে যে, “পূর্বকালৰ ভাববাদী সকলৰ মাজৰ কোনো এজন পুনৰাই জীয়াই উঠিছে৷”
9. হেৰোদে ক’লে “মই যোহনৰ মুণ্ডচ্ছেদ কৰিলোঁ; কিন্তু এওঁ নো কোন যাৰ বিষয়ে এনে কথা শুনি আছোঁ?” তাতে তেওঁ যীচুক চাবলৈ এটা উপায় বিচাৰিলে।
10. পাছত যি পাঁচনি সকলক পঠোৱা হৈছিল তেওঁলোকে ঘূৰি আহি, যি যি কৰ্ম কৰিছিল সেই সকলোবোৰ কথা যীচুৰ আগত বৰ্ণনা কৰিলে। তেতিয়া তেওঁ তেওঁলোকক লগত লৈ বৈৎ-চৈদা নামেৰে এখন নগৰৰ ফালে কোনোৱে নজনাকৈ আতৰি গ’ল।
11. কিন্তু লোক সকলে সেই কথা জানি, তেওঁৰ পাছে পাছে গ’ল৷ তেতিয়া যীচুৱেও তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰি, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু যি সকল লোকৰ সুস্থ হবলৈ প্ৰয়োজন আছিল, তেওঁলোকক সুস্থ কৰিলে।
12. দিনৰ প্ৰায় শেষ ভাগত বাৰ জন পাঁচনি তেওঁৰ ওচৰলৈ আহি ক’লে, “আমি যি ঠাইত আহি আছোঁ সেয়া অতি নির্জন ঠাই৷ সেয়েহে লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে ওচৰৰ গাওঁত গৈ নিজৰ বাবে থকা ঠাই আৰু খোৱা বস্তু যোগাৰ কৰি লব পাৰিব৷”
13. কিন্তু যীচুৱে তেওঁলোকক ক’লে, “তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।” তেতিয়া তেওঁলোকে ক’লে, “আমি গৈ খোৱা বস্তু কিনি নানিলে, আমাৰ ওচৰত পাঁচটা পিঠা আৰু দুটা মাছতকৈ অধিক একোৱে নাই৷”
14. কিয়নো তেওঁলোক প্ৰায় পাঁচ হাজাৰ মানুহ আছিল। তেতিয়া তেওঁ শিষ্য সকলক ক’লে, “তেওঁলোকক গোট গোট কৰি পঞ্চাশ জন পঞ্চাশ জনকৈ বহিবলৈ দিয়া।”
15. তেতিয়া তেওঁলোকে আতাইকে তেনেদৰেই বহিবলৈ দিলে।
16. যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে।
17. তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।