A A A A A

দ্বিতীয় বিবরণ 31:1-30
1. পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,
2. “মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
3. আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।
4. ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
5. যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
6. আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
7. তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
8. যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
9. মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
10. মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
11. যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।
12. আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
13. তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”
14. পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
15. তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
16. যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
17. যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
18. তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
19. তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
20. কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
21. তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
22. সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।
23. তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
24. মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
25. তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,
26. “এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
27. কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
28. আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
29. কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
30. তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।

দ্বিতীয় বিবরণ 32:1-52
1. হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
2. মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
3. কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম; তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
4. তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
5. তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে; তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
6. হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
7. সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা, সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব; বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
8. সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
9. কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
10. তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
11. যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
12. তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে; তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
13. পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
14. গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
15. যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
16. তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
17. ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
18. যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
19. যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
20. তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
21. যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
22. কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।
23. মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম; তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
24. দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
25. বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
26. মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
27. কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
28. তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
29. তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
30. এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
31. শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
32. সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
33. সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেঁটি সাপৰ ভয়ানক বিষ
34. এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
35. সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
36. যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
37. তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
38. তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
39. এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
40. কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো, মোৰ চিৰস্থায়ী জীৱনৰ শপত,
41. যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
42. হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
43. হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
44. এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
45. ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
46. তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
47. কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
48. সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
49. “তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
50. যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
51. কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
52. তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”

সামসঙ্গীত 40:6-12
6. তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
7. তেতিয়া মই ক’লো, “এইয়া মই আহিছোঁ; পুস্তক খনত মই অহাৰ বিষয়ে লিখা আছে।
8. হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ; তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে।”
9. মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
10. তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।
11. হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।
12. কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।

প্রবচন 13:11-12
11. অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
12. যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।

লূক 7:31-50
31. “এতেকে এনে ধৰণৰ মানুহবোৰক মই এই যুগৰ কাৰ লগত তুলনা কৰিম? আৰু তেওঁলোক কাৰ
32. যিবোৰ ল’ৰা বজাৰত বহি থাকি, ইজনে সিজনক মাতি কয়, ‘আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা; আমি বিলাপ কৰিলোঁ, কিন্তু তোমালোকে নাকান্দিলা’; তেওঁলোক এই ল’ৰাবোৰৰ নিচিনা।
33. কিয়নো বাপ্তাইজক যোহনে আহি পিঠা খোৱা নাই আৰু দ্ৰাক্ষাৰসো পান কৰা নাই; তথাপি আপোনালোকে কয়, ‘তেওঁ ভূতে পোৱা’।
34. মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’।
35. কিন্তু জ্ঞান, নিজৰ সকলো সন্তানৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰমাণিত হৈছে।”
36. এদিন ফৰীচী সকলৰ এজন লোকে যীচুক তেওঁৰ ঘৰত ভোজন কৰিবলৈ অনুৰোধ কৰিলে৷ সেয়েহে তেওঁ সেই ফৰীচীৰ ঘৰত সোমাই ভোজনত বহিল।
37. সেই সময়ত নগৰত থকা এজনী পাতকী তিৰোতাই ফৰীচীৰ ঘৰত তেওঁ ভোজনত বহি থকা বুলি জানিবলৈ পায়, সুগন্ধি তেলেৰে ভৰা এটা স্ফটিকৰ বটল আনিলে;
38. তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
39. তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
40. তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “হে চিমোন, তোমাক মোৰ কিছু কথা কবলৈ আছে।” তাতে তেওঁ ক’লে, “হে গুৰু, কওক।”
41. যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী, এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;
42. পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
43. তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
44. তেতিয়া তেওঁ সেই তিৰোতাৰ ফাললৈ মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
45. তুমি মোক চুমা নাখালা; কিন্তু মই আহিবৰে পৰা তেওঁ মোৰ ভৰিত চুমা খাবলৈ নেৰিলে।
46. তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
47. এই হেতুকে মই তোমাক কওঁ, তেওঁৰ পাপ বহুত হোৱাতো ক্ষমা কৰা হ’ল, কিয়নো তেওঁ অধিক প্ৰেম কৰিলে; কিন্তু যি জনৰ অলপ ক্ষমা হয়, তেওঁক অলপ প্ৰেম কৰে।”
48. পাছত তেওঁ সেই তিৰোতাক ক’লে, “তোমাৰ পাপ ক্ষমা হ’ল।”
49. তেতিয়া তেওঁৰ সৈতে ভোজনত বহি থকা সকলে নিজৰ নিজৰ মাজত কবলৈ ধৰিলে, “পাপ ক্ষমা কৰিব পৰা এওঁ নো কোন?”
50. কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”