A A A A A

১ সামুয়েল 1:1-28
1. পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।
2. তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।
3. এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।
4. প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।
5. যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।
6. যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।
7. বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।
8. তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”
9. এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।
10. তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।
11. আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”
12. এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।
13. সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
14. এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”
15. হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।
16. আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”
17. এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”
18. তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
19. পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।
20. পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”
21. আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।
22. কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”
23. তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷
24. সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।
25. তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।
26. হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।
27. এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।
28. সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।

১ সামুয়েল 2:1-36
1. হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
2. যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
3. তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
4. বীৰসকলৰ ধনু ভঙা হ’ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ’ল।
5. তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷
6. যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷
7. যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷
8. তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।
9. তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
10. যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক শক্তি দিব, আৰু নিজ অভিষিক্ত জনক উচ্চস্থানলৈ নিব।”
11. তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে।
12. এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।
13. এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে;
14. আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।
15. তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”
16. কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”
17. সেয়েহে যিহোৱাৰ দৃ্‌ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল।
18. সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;
19. তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল।
20. এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক’লে, “যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।” তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ’ল।
21. যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।
22. সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।
23. তেতিয়া তেওঁ সিহঁতক ক’লে, “তোমালোকে এনে কৰ্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছোঁ।
24. হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক।
25. কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে।
26. কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।
27. তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিচৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে?
28. তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?
29. সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা?
30. সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।
31. চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে।
32. মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা৷ কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ’ব।
33. আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ’ব।
34. ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।
35. আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।
36. আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁৰ আগত প্ৰণিপাত কৰি ক’ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেই বাবে, অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক৷”

১ সামুয়েল 3:1-21
1. চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
2. সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
3. ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
4. সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
5. মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
6. পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
7. সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
8. পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
9. তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
10. পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
11. তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
12. মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
13. কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
14. সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
15. তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
16. এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
17. তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
18. তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
19. চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱা ৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
20. তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
21. যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।

সামসঙ্গীত 53:1-6
1. নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
2. ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।
3. তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
4. “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে । তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।
5. আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে । সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে ।
6. ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

প্রবচন 15:8-11
8. দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
9. দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
10. যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
11. চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে।

লূক 20:27-47
27. পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে,
28. “হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
29. বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
30. ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
31. তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
32. অৱশেষত সেই পত্নীও ঢুকাল।
33. এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
34. তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়;
35. কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলি গণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়।
36. তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
37. মোচিয়ে জোপোহাৰ আঁৰত থকা প্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
38. এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”
39. তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক’লে, “হে গুৰু, আপুনি ভাল কৈছে।”
40. কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল।
41. যীচুৱে তেওঁলোকক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?
42. কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে, ‘মোৰ সোঁ হাতে বহি থাকা,
43. যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।’
44. এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হ’ব পাৰে?”
45. পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে,
46. “এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
47. আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”