A A A A A
एक साल में बाइबल
अप्रैल 28

রুথ 1:1-22
1. বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
2. সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
3. পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
4. তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
5. তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
6. পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
7. সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
8. সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
9. তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
10. আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
11. তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
12. হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
13. তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
14. তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15. তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
16. কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
17. আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
18. যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
19. পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
20. তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
21. মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
22. এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।

রুথ 2:1-23
1. ইলীমেলকৰ গোষ্ঠীৰ মাজৰ বোৱজ নামেৰে এজন ভদ্ৰ আৰু ধনীলোক নয়মীৰ স্বামীৰ সম্পৰ্কীয় আছিল।
2. মোৱাবীয়া ৰূথে নয়মীক ক’লে, “নিবেদন কৰোঁ, মই পথাৰলৈ যাওঁ আৰু যি ব্যক্তিৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তাৰ পাছে পাছে শস্যৰ পৰি থকা থোক বোটলোগৈ।” তেতিয়া নয়মীয়ে তেওঁক ক’লে, “আইটি যোৱা।”
3. তেতিয়া তেওঁ গ’ল আৰু গৈ এখন পথাৰ পালে; তাতে তেওঁ ধান দাই থকাসকলৰ পাছে পাছে গৈ শস্যৰ পৰি থকা থোক বোটলিবলৈ ধৰিলে, আৰু ঘটনাক্ৰমে তেওঁ ইলীমেলকৰ গোষ্ঠীৰ মাজৰ সেই বোৱজৰ মাটি ডোখৰতে উপস্থিত হ’ল।
4. পাছত বোৱজে বৈৎলেহেমৰ পৰা আহি ধান দোৱাসকলক ক’লে, “যিহোৱা তোমালোকৰ সঙ্গী হওক।” সিহঁতে উত্তৰ দিলে, “যিহোৱাই আপোনাক আশীৰ্ব্বাদ কৰক।”
5. পাছত বোৱজে ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা নিজ দাসক সুধিলে, “সেইজনী গাভৰু কোন ঠাইৰ?”
6. তেতিয়া ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা দাসে ক’লে, “তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা মোৱাবীয়া গাভৰু৷
7. তাই আহি মোক ক’লে, ‘অনুগ্ৰহ কৰি ধান দোৱাসকলৰ পাছে পাছে গৈ মুঠিৰ মাজে মাজে পৰি থকা থোকবোৰ বুটলি গোটাবলৈ মোক দিয়ক’, সেয়ে ৰাতিপুৱাৰে পৰা এতিয়ালৈকে তাই থোকবোৰ বুটলি আছে। তাই ঘৰত অলপ সময়হে জিৰণি লৈছিল।”
8. তেতিয়া বোৱজে ৰূথক ক’লে, “আইটি, শুনাচোন, তুমি বুটলিবলৈ আন পথাৰলৈ নাযাবা; মোৰ পথাৰ ত্যাগ নকৰিবা, কিন্তু ইয়াতে থাকি, মোৰ গাভৰু দাসী সকলৰ লগত কাম কৰা।
9. পথাৰৰ যি ভাগতে শস্য দোৱা হয়, তালৈকে চকু দি তুমি দাসীসকলৰ পাছত যাবা; তোমাক স্পৰ্শ কৰিবলৈ মই জানো ডেকাবোৰক নিষেধ কৰা নাই? আৰু পিয়াহ লাগিলে তুমি পাত্ৰৰ ওচৰলৈ গৈ ডেকাবোৰে তুলি অনা পানী খাবা।”
10. তেতিয়া তেওঁ তললৈ মুখ কৰি মাটিত পৰি প্ৰণিপাত কৰিলে আৰু তেওঁক ক’লে, “মই বিদেশীনী হোৱা স্বত্তেও কিয় আপুনি মোক কৃপাদৃষ্টি কৰিছে, আৰু কিয় মই আপোনাৰ এই অনুগ্ৰহ লাভ কৰিছোঁ।”
11. বোৱজে উত্তৰ দি ক’লে, “তোমাৰ স্বামীৰ মৃত্যুৰ পাছত তুমি শাহুৱেৰালৈ যেনেদৰে ব্যৱহাৰ কৰি আছা, আৰু পিতৃ-মাতৃ লগতে নিজ জন্মভুমি এৰি, তুমি আগেয়ে নজনা লোকসকলৰ ওচৰলৈ আহিছা, এই সকলো কথা সম্পূৰ্ণকৈ মোক জানিবলৈ দিলে।
12. যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।”
13. তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”
14. পাছত ভোজনৰ সময়ত বোৱজে ৰূথক ক’লে, “তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা।” তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল আৰু বোৱজে হাত মেলি ভজা যৱ তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ’ল, আৰু তাৰে কিছু অংশ ৰাখি হ’ল।
15. পাছত তেওঁ ধান বুটলিবলৈ উঠি আহোতে, বোৱজে তেওঁৰ ডেকা দাসসকলক আজ্ঞা দি ক’লে, “তাইক মুঠিবোৰৰ মাজতো বুটলিবলৈ দে, আৰু তাইক অপমান নকৰিবি।
16. বন্ধা মুঠিবোৰৰ পৰাও কিছু কিছু টানি উলিয়াই তাইক বুটলিবৰ কাৰণে এৰি দিবি, আৰু তাইক বুটলিবলৈ বাধা নিদিবি।”
17. তেতিয়া ৰূথে সন্ধিয়ালৈকে সেই পথাৰত যৱ ধান বুটলিলে; আৰু নিজে বুটলা যৱ ধান মাৰোতে প্ৰায় এক ঐফা যৱ ধান পালে।
18. পাছত তেওঁ সেই যৱ ধান খিনি লৈ নগৰলৈ গ’ল আৰু তেওঁ বুটলি গোটোৱা ধান শাহুৱেকে চালে। তাতে ৰূথে ভজা যৱ খাই তৃপ্ত হোৱাৰ পাছত যি অৱশিষ্ট ভাগ ৰাখিছিল, সেইখিনিও উলিয়াই তেওঁ শাহুৱেকক দিলে।
19. তেতিয়া শাহুৱেকে তেওঁক ক’লে, “তুমি আজি ক’ত ধান বুটলিছিলা? বা ক’ত কাম কৰিবলৈ গৈছিলা? যি জন মানুহে তোমাক ইমান মৰম কৰিলে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হওঁক।” তেতিয়া তেওঁ যি জনৰ ওচৰত কাম কৰিছিল, সেই জনৰ বিষয়ে শাহুৱেকক বুজাই ক’লে, “যি মানুহৰ তাত মই আজি কাম কৰিছিলোঁ, তেওঁৰ নাম বোৱজ।”
20. তেতিয়া নয়মীয়ে নিজ বোৱাৰীয়েকক ক’লে, “সেই সৰ্ব্বশক্তিমান ঈশ্বৰে জীৱিত আৰু মৃত লোকলৈ দয়া কৰিবলৈ এৰা নাই, তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাওক।” নয়মীয়ে পুনৰ ক’লে, “সেই ব্যক্তিজন আমাৰ সম্পৰ্কীয়, আৰু আমাৰ উদ্ধাৰ পোৱা জাতি সমূহৰ মাজৰ এজন।”
21. পাছত মোৱাবীয়া ৰূথে ক’লে, “তেওঁ মোক ইয়াকো ক’লে যে, ‘মোৰ ধান আটাইবোৰ দাই শেষ নোহোৱালৈকে তুমি মোৰ দাস-দাসীসকলৰ লগ নেৰিবা’।”
22. আৰু নয়মীয়ে নিজ বোৱাৰীয়েক ৰূথক ক’লে, “আইটি তুমি তেওঁৰ দাসীসকলৰ লগে লগে যোৱা ভাল; সেয়ে নহ’লে, আন কোনো পথাৰত কোনোবাই তোমাক অপমান কৰিব পাৰে।”
23. এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।

সামসঙ্গীত 52:1-5
1. হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে ।
2. তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা;
3. তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]।
4. হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা।
5. কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা)

প্রবচন 15:4-5
4. সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
5. অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।

লূক 19:28-48
28. এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে।
29. পাছত তেওঁ জৈতুন পৰ্বতৰ কাষৰ বৈৎফগী আৰু বৈথনিয়া গাৱঁৰ ওচৰ পোৱাত, তেওঁ দুজন শিষ্যক এই আদেশ দি পঠিয়াই
30. ক’লে, “সন্মুখৰ গাওঁখন লৈ তোমালোক যোৱা; তাত সোমাওঁতে, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মুকলি কৰি মোৰ ওচৰলৈ আনাগৈ;
31. আৰু তাক কিয় মেলিছা বুলি যদি কোনোবাই তোমালোকক সুধে, তেনেহলে এইদৰে ক’বা, ‘প্ৰভুৰ ইয়াৰ প্ৰয়োজন আছে’।”
32. তেতিয়া যি সকলক পঠোৱা হ’ল, তেওঁলোকে যীচুৱে কোৱাৰ দৰেই সকলোকে পালে।
33. তেওঁলোকে গৈ গাধ পোৱালিটো মেলোতেই তাৰ গৰাকী সকলে সুধিলে, “গাধ পোৱালিটো কিয় মেলিছা?”
34. তেতিয়া তেওঁলোকে ক’লে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।”
35. পাছত যীচুৰ ওচৰলৈ সেই গাধ পোৱালিটো আনিলে আৰু তেওঁলোকে নিজ নিজ কাপোৰ তাৰ পিঠিত পাৰি দি, তাৰ ওপৰত যীচুক বহুৱালে;
36. আৰু তেওঁ গৈ থাকোতে মানুহবোৰে তেওঁলোকৰ কাপোৰবোৰ বাটত পাৰি দিলে।
37. পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে,
38. আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
39. তেতিয়া লোক সকলৰ মাজৰ পৰা ফৰীচী সকলৰ কোনো কোনোৱে আহি তেওঁক ক’লে, “হে গুৰু, আপোনাৰ শিষ্য সকলক ডবিয়াওক।”
40. তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “মই তোমালোকক কওঁ, এওঁলোকে মনে মনে থাকিলে, শিলবোৰে আটাহ পাৰিব।”
41. পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে
42. আৰু ক’লে, “হায়! হায়! তোমাৰ এই দিনত শান্তিজনক কি, সেই বিষয়ে তুমি জনা হ’লে! কিন্তু এতিয়া তোমাৰ চকুৰ পৰা সেইবোৰ লুকুৱা হৈছে।
43. কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
44. সেই কালত তেওঁলোকে তোমাক আৰু তোমাৰ ভিতৰত থকা সন্তান সকলক একেলগে মাটিৰ সমান কৰিব। তোমাৰ এটা শিলৰ ওপৰত এটা শিল থাকিব নিদিব; কাৰণ তোমাৰ তত্ত্বাৱধানৰ বাবে ঈশ্বৰ যে তোমাৰ ওচৰলৈ আহিল, সেই কথা তুমি নুবুজিলা৷”
45. পাছত তেওঁ যিৰূচালেম মন্দিৰত সোমাই, তাত থকা বিক্ৰেতা সকলক বাহিৰ কৰিবলৈ ধৰিলে, আৰু
46. সিহঁতক ক’লে, “লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলাহঁক।”
47. তেতিয়াৰে পৰা যীচুৱে নিতৌ সেই মন্দিৰত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু প্ৰধান লোক সকলে তেওঁক বধ কৰিবলৈ ছল বিচাৰিব ধৰিলে;
48. কিন্তু সকলো মানুহে তেওঁৰ কথা একান্তমনে শুনি থকাত, তেওঁলোকে কি কৰিব পাৰিব, তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে।