A A A A A

বিচারকচরিত 11:1-40
1. সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
2. গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
3. সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
4. কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
5. যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
6. তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
7. যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
8. গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
9. তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
10. গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
11. তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
12. তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
13. অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
14. পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
15. তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
16. কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
17. তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
18. তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
19. তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
20. কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
21. তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
22. তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
23. এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
24. আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
25. এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
26. তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
27. এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
28. তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
29. তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
30. যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
31. তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
32. তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
33. তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
34. যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
35. যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
36. তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
37. তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
38. যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
39. দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
40. ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।

বিচারকচরিত 12:1-15
1. তাৰ পাছত ইফ্ৰয়িমৰ বংশৰ লোকসকলে গোট খাই সৈন্যসকলক মাত দিলে, তাৰ পাছত নদী পাৰহৈ চাফোন চহৰলৈ গৈ যিপ্তহক ক’লে, “কিয় তুমি অম্মোনৰ লগত যুদ্ধ কৰিবলৈ আমাক মতা নাই বা আমাৰ সহায় বিচাৰা নাই? আমি তোমাৰ সৈতে তোমাৰ ঘৰো জুইৰে পুৰিম”।
2. তেতিয়া যিপ্তহে তেওঁলোকক উত্তৰ দি ক’লে, “অম্মোনৰ সন্তান সকলে আমাক নানা সমস্যাত পেলাইছিল সেই বাবে আমি তেওঁলোকৰ লগত যুদ্ধ কৰিছোঁ, মই আৰু মোৰ লোকসকলে তোমালোকৰ সহায় বিচাৰি তোমালোকক মাতিছিলোঁ, কিন্তু তোমালোকৰ কোনো এজনো সহায় কৰিবলৈ আগবাঢ়ি নাহিলা;
3. যেতিয়া দেখিলোঁ তোমালোকে মোক কোনেওঁ সহায় নকৰা, তেতিয়া মই নিজে নদী পাৰ হৈ প্ৰাণ আঁচলৰ আগত বান্ধি লৈ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিলো। তাতে যিহোৱাই মোৰ হাতত সিহঁতক সমৰ্পণ কৰিলে; এতেকে তোমালোকে মোৰে সৈতে যুদ্ধ কৰিবলৈ আজি কিয় মোৰ ওচৰলৈ আহিছা?”
4. পাছত যিপ্তহে গিলিয়দৰ সকলো লোকক গোটাই ইফ্ৰয়িমীয়া লোকসকলৰ সৈতে যুদ্ধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “হেৰৌ গিলিয়দীয়াসকল, তহঁত ইফ্ৰয়িমৰ আৰু মনচিৰ মাজৰ পৰা পলাই অহা ইফ্ৰয়িমীয়া মানুহ।” সেই যুদ্ধত গিলিয়দৰ লোকসকলে ইফ্রয়িমীয়া লোকসকলক পৰাস্ত কৰিলে।
5. পাছত গিলিয়দীয়াসকলে ইফ্ৰয়িমৰ মানুহৰ আগেয়ে গৈ যৰ্দ্দনৰ পাৰ-ঘাটবোৰ দখল কৰি ল’লে; তাতে ইফ্ৰয়িমৰ পলাই যোৱা কোনো মানুহে যদি কয়, “আমক নদী পাৰ হ’বলৈ দিয়া”, তেতিয়া গিলিয়দৰ মানুহে তেওঁলোকক সোধে, ‘তুমি জানো ইফ্ৰয়িমীয়া মানুহ নোহোৱা?’ আৰু তেওঁ যদি কয় “নহয়”,
6. তেতিয়া তেওঁলোকে কয়, ‘এবাৰ “শ্যিব্বোলেৎ” কোৱাচোন’; তেতিয়া ইফ্রয়িমৰ লোকসকলে শুদ্ধৰূপে উচ্চাৰণ কৰিব নোৱাৰি “চিব্বোলেৎ” বুলি ক’লেই, তেওঁলোকে ধৰি যৰ্দ্দনৰ পাৰৰ ঘাটত বধ কৰে। সেই সময়ত ইফ্ৰয়িমৰ বিয়াল্লিশ হাজাৰ লোকক হত্যা কৰা হ’ল।
7. যিপ্তহে ছবছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে। পাছত গিলিয়দীয়া যিপ্তহৰ মৃত্যু হোৱাত তেওঁক গিলিয়দৰ কোনো এখন নগৰত মৈদাম দিয়া হ’ল।
8. তেওঁৰ পাছত বৈৎলেহেমীয়া ইবচন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
9. তেওঁৰ ত্ৰিশ জন পুতেক আছিল; আৰু তেওঁ ত্ৰিশজনী জীয়েকক উলিয়াই দি, নিজ পুতেকহঁতৰ বাবে ত্ৰিশ জনী ছোৱালী বাহিৰৰ পৰা আনিলে। তেওঁ সাত বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
10. পাছত ইবচনৰ মৃত্যু হোৱাত, তেওঁক বৈৎলেহেমত মৈদাম দিয়া হ’ল।
11. তেওঁৰ পাছত জবূলূনীয়া এলোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল; তেওঁ দহ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
12. জবূলূনীয়া এলোনৰ মৃত্যু হোৱাৰ পাছত তেওঁক জবূলূন দেশত থকা অয়ালোনত মৈদাম দিয়া হ’ল।
13. তেওঁৰ পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোন ইস্ৰায়েলৰ বিচাৰকৰ্ত্তা হ’ল।
14. তেওঁৰ চল্লিশ জন পুতেক, আৰু ত্ৰিশজন নাতিয়েক আছিল; তেওঁলোকে সত্তৰটা গাধত উঠি ফুৰে; অব্দোনে আঠ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰক আছিল।
15. পাছত পিৰাথোনীয়া হিল্লোলৰ পুত্ৰ অব্দোনৰ মৃত্যু হোৱাত, অমালেকীয়াসকলৰ পৰ্ব্বতীয়া অঞ্চল ইফ্ৰয়িম দেশৰ পিৰিয়াথোনত তেওঁক মৈদাম দিয়া হ’ল।

সামসঙ্গীত 50:7-17
7. হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।
8. তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।
9. তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।
10. কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।
11. এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।
12. “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।
13. ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?
14. ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
15. সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”
16. কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
17. কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।

প্রবচন 14:28-28
28. ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।

লূক 17:1-19
1. যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
2. সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
3. তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
4. তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5. তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6. তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
7. তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8. তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
9. সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10. তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
11. যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
12. সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
13. বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
14. তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
15. তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
16. আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
17. ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
18. এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
19. পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”