A A A A A
एक साल में बाइबल
अप्रैल 19

বিচারকচরিত 3:1-31
1. যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।
2. ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।
3. সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
4. যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।
5. সেয়ে ইস্ৰায়েলবাসীয়ে কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ মাজত বাস কৰিবলৈ ধৰিলে;
6. তেওঁলোকে সেই জাতিবোৰৰ ছোৱালীক বিয়া কৰিছিল আৰু নিজৰ ছোৱালীবোৰকো তেওঁলোকৰ ল’ৰাবোৰৰ সৈতে বিয়া দিছিল আৰু তেওঁলোকে সেইসকলৰ দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে।
7. ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।
8. এই হেতুকে ইস্ৰায়েলৰ প্রতি যিহোৱাৰ ক্ৰোধ প্রজ্বলিত হ’ল আৰু তেওঁ অৰাম-নহৰয়িম ৰ ৰজা কুচন-ৰিচাথয়িমৰ হাতত তেওঁলোকক তুলি দিলে । ইস্ৰায়েলৰ সন্তান সকল আঠ বছৰ কাল কুচন-ৰিচাথয়িমৰ অধীনত থাকিল।
9. কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।
10. যিহোৱাৰ আত্মা অৎনীয়েলৰ ওপৰত স্থিতি হোৱাত তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰিলে। অৎনীয়েল যেতিয়া যুদ্ধলৈ ওলাই গৈছিল, যিহোৱাই তেওঁৰ হাতত অৰামৰ ৰজা কুচন-ৰিচাথয়িমক তুলি দিলে আৰু তেওঁক জয়ী কৰিলে। অৎনীয়েলত থকা শক্তিৰ দ্বাৰাই তেওঁ কুচন-ৰিচাথয়িমক পৰাজিত কৰিলে।
11. তাৰ পাছত চল্লিশ বছৰলৈকে দেশত শান্তি আছিল; পাছত কনজৰ পুত্র অৎনীয়েলৰ মৃত্যু হ’ল।
12. ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে।
13. অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ নিজৰ অধীনলৈ আনিলে।
14. তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল।
15. ইয়াৰ পাছত পুনৰায় ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তান সকলে তেওঁক পঠাইছিল।
16. এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে।
17. তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল।
18. কৰ দি এটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে।
19. কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, “মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।” ৰজাই নিজৰ লোকসকলক ক’লে, “তোমালোকে মনে মনে থাকা”; তাতে তেওঁৰ লোকসকল কোঁঠাটোৰ পৰা গুছি গ’ল।
20. সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, “আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।” ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল।
21. তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে।
22. নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে।
23. পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
24. এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, “ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।”
25. বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
26. ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে।
27. সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে।
28. তেওঁ তেওঁলোকক ক’লে, “মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।” তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে।
29. সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে।
30. সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।
31. এহূদৰ পাছত, অনাতৰ পুত্র চমগৰ বিচাৰকর্তা হ’ল; তেওঁ গৰু খেদোৱা লাঠিৰে পলেষ্টীয়াসকলৰ ছশ লোকক বধ কৰিছিল। তেৱোঁ ইস্ৰায়েলবাসীক দুর্যোগৰ পৰা নিস্তাৰ কৰিছিল।

বিচারকচরিত 4:1-24
1. এহূদৰ মৃত্যুৰ পাছত, ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিলে।
2. তেতিয়া যিহোৱাই হাচোৰত শাসন কৰা যাবীন নামৰ এজন কনানীয়া ৰজাৰ হাতত তেওঁলোকক তুলি দিলে; তেওঁৰ সেনাপতিজনৰ নাম আছিল চীচৰা। চীচৰাই অনা-ইস্রায়েলী লোক বাস কৰা হৰোচৎ হোহোইম ত বাস কৰিছিল।
3. সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।
4. সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।
5. তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।
6. তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
7. মই যাবীনৰ সেনাপতি চীচৰাক, তেওঁৰ ৰথ আৰু সৈন্যদলৰ সৈতে কীচোন নদীৰ ওচৰলৈ লৈ যাম আৰু মই তোমাক তেওঁৰ ওপৰত জয়যুক্ত কৰিম’।”
8. তেতিয়া বাৰাকে দাবোৰাক ক’লে, “আপুনি যদি মোৰ লগত যায়, তেতিয়াহে মই যাম; কিন্তু যদি আপুনি নাযায়, তেনেহ’লে মই নাযাওঁ।”
9. তেওঁ ক’লে, “ঠিক আছে, মই আপোনাৰ লগত নিশ্চয়ে যাম। কিন্তু এই যুদ্ধ-যাত্ৰাৰ গৌৰৱ হ’লে আপুনি নাপাব; কিয়নো যিহোৱাই এগৰাকী মহিলাৰ শক্তিৰ দ্বাৰাই চীচৰাক পৰাস্ত কৰিব।” তাৰ পাছত দবোৰাই উঠি বাৰাকেৰে সৈতে কেদচলৈ গ’ল।
10. বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।
11. সেই সময়ত হেবৰ নামৰ কেনীয়া সম্প্রদায়ৰ এজন লোক আছিল; তেওঁ অন্যান্য কেনীয়াসকলক এৰি নিজে পৃথকে আছিল। কেনীয়াসকল আছিল মোচিৰ শহুৰেক হোববৰ উত্তৰপুৰুষ। হেবৰে কেদচৰ ওচৰৰ চনন্নীমত থকা ওক গছৰ দাঁতিত নিজৰ তম্বু তৰিছিল।
12. চীচৰাই এই খবৰ পালে যে, অবীনোৱমৰ পুত্ৰ বাৰাক তাবোৰ পৰ্ব্বতলৈ উঠি গৈছে।
13. চীচৰাই তেতিয়া নিজৰ নশ লোহাৰ ৰথ আৰু তেওঁৰ লগত থকা সকলো সৈন্যকে গোটাই লৈ অনা-ইস্রায়েলী জাতিৰ হৰোচৎৰ পৰা কীচোন নদীৰ পাৰলৈ আহিল।
14. তেতিয়া দবোৰাই বাৰাকক ক’লে, “আপুনি আগবাঢ়ি যাওঁক! কিয়নো চীচৰাক পৰাজয় কৰিবৰ কাৰণে যিহোৱাই আজিয়েই এই সময় আপোনাক দিছে; যিহোৱাই জানো আপোনাক পথ দেখুৱাই নিয়া নাই?” তেতিয়া বাৰাক আৰু তেওঁৰ পাছে পাছে যোৱা দহ হাজাৰ লোক তাবোৰ পৰ্ব্বতৰ পৰা নামিল।
15. বাৰাকৰ লোকসকলে যেতিয়া তেওঁলোকক আক্রমণ কৰিলে, তেতিয়া যিহোৱাই চীচৰা, তেওঁৰ সকলো ৰথবোৰ আৰু সৈন্যসামন্তক বিভ্রান্ত কৰি তুলিলে; তাতে চীচৰাই ৰথৰ পৰা নামি দৌৰি পলাই গ’ল।
16. কিন্তু বাৰাকে অনা-ইস্রায়েলীৰ হৰোচৎ পর্যন্ত তেওঁলোকৰ ৰথ আৰু সৈন্যসামন্তৰ পাছে পাছে খেদি গ’ল; চীচৰাৰ সকলো সৈন্যকে তৰোৱালেৰে আঘাত কৰি বধ কৰা হ’ল, এজন লোকো বাচি নাথাকিল।
17. কিন্তু চীচৰাই দৌৰি পলাই গৈ সেই কেনীয়া হেবৰৰ ভার্য্যা যায়েলৰ তম্বুলৈ আহিল; কাৰণ সেই সময়ত হাচোৰৰ ৰজা যাবীন আৰু কেনীয়া হেবৰৰ বংশৰ মাজত বন্ধুত্ব আছিল।
18. যায়েলে চীচৰাক আগবঢ়ায় আনিবলৈ ওলাই গৈ তেওঁক ক’লে, “হে মোৰ প্ৰভু, ভিতৰলৈ আহঁক, মোৰ ভিতৰলৈকে আহঁক, ভয় নকৰিব।” তাতে চীচৰা যায়েলৰ তম্বুৰ ভিতৰলৈ গ’ল আৰু যায়েলে এখন কম্বলেৰে চীচৰাক ঢাকি দিলে।
19. চীচৰাই তেওঁক ক’লে, “মোৰ পিয়াহ লাগিছে, অনুগ্রহ কৰি মোক অলপ পানী পিবলৈ দিয়া।” যায়েলে এটা গাখীৰৰ মোট মেলি তেওঁক পান কৰিবলৈ দি পাছত আকৌ তেওঁক ঢাকি ৰাখিলে।
20. চীচৰাই তেওঁক ক’লে, “তুমি তম্বুৰ দুৱাৰ মুখত থিয় হৈ থাকা; যদি কোনো মানুহে আহি তোমাক সোধে, ইয়াতে কোনো মানুহ আছেনে? তুমি ‘নাই’ বুলি কবা।”
21. পাছত চীচৰা তাতে গভীৰ নিদ্রা গ’ল; এনে সময়তে হেবৰৰ ভার্য্যা যায়েলে তম্বুৰ এটা খুটি আৰু হাতুৰী হাতত ল’লে আৰু তাৰ পাছত মনে মনে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ মূৰৰ একাষে সেই খুটি হাতুৰিৰে সুমুৱাই দিলে; খুটিটো মূৰৰ মাজেদি ওলাই মাটিত গৈ হানিলে। এইদৰে চীচৰাৰ মৃত্যু হ’ল।
22. বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।
23. এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।
24. শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।

সামসঙ্গীত 48:9-14
9. হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ।
10. হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ।
11. তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা।
12. তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা।
13. তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা।
14. এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।

প্রবচন 14:18-19
18. অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19. যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।

লূক 14:25-35
25. তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে,
26. “কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
27. যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
28. কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে?
29. তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব,
30. ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
31. অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব?
32. যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব।
33. এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।
34. লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব?
35. সি মাটিৰ বা সাৰৰ ভেটিৰ কাৰণেও উপযুক্ত নহব; তাতে মানুহে সেইবোৰ বাহিৰলৈ পেলাই দিব। যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।”