A A A A A

যোশুয়া 21:1-45
1. তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
2. আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
3. তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
4. চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
5. আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
6. আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
7. আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
8. এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
9. পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
10. এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11. ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12. কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
13. তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্‌না,
14. চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
15. চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
16. চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
17. আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
18. চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
19. নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20. আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21. ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22. কিব্‌চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23. আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
24. চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25. আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26. কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27. অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28. গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29. চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30. আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31. চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32. আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33. নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34. পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্‌নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
35. চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36. ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37. চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38. আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
39. মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
40. লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
41. ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
42. সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
43. এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
44. তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
45. যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।

যোশুয়া 22:1-34
1. সেই কালত যিহোচূৱাই ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক মতাই আনিলে, আৰু
2. তেওঁ তেওঁলোকক ক’লে, “যিহোৱাৰ দাস মোচিয়ে তোমালোকক যি যি আজ্ঞা দিছিল, সেই আজ্ঞা তোমালোকে পালন কৰি আহিছা আৰু ময়ো তোমালোকক যি যি আজ্ঞা কৰিলোঁ, মোৰ সেই সকলো বাক্যলৈ কাণ দিলা।
3. সেই সকলো দিনৰ কোনো দিনেই বা আজিলৈকে তোমালোকে নিজ ভাইসকলক ত্যাগ নকৰিলা, আনকি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা সজাগতাৰে পালন কৰি আহিছাহঁক।
4. এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
5. কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
6. এইদৰে যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰি বিদায় দিয়াৰ পাছত, তেওঁলোক নিজ নিজ তম্বুলৈ গ’ল।
7. মোচিয়ে মনচিৰ আধা ফৈদক বাচানত দিছিল; কিন্তু তাৰ আন আধা ফৈদক যিহোচূৱাই যৰ্দ্দনৰ পশ্চিম পাৰে নিজ ভাইসকলৰ লগত উত্তৰাধিকাৰ দিছিল আৰু নিজ নিজ তম্বুলৈ বিদায় দিয়া সময়ত, যিহোচূৱাই তেওঁলোকক আশীৰ্ব্বাদ দিলে,
8. আৰু তেওঁলোকক ক’লে, “তোমালোকে বহু ধন, জাকে জাকে পশু আৰু সোণ আৰু ৰূপে সৈতে আৰু পিতল আৰু লো আৰু বহুত কাপোৰ আদি সম্পত্তি লগত লৈ, নিজ নিজ তম্বুলৈ উলটি যোৱা৷ শত্ৰুৰ পৰা লুট কৰি অনা বস্তুবোৰ নিজ ভাইসকলেৰে সৈতে ভাগ বাটি লোৱাগৈ।”
9. তেতিয়া ৰূবেণ ও গাদৰ বংশধৰ আৰু মনচিৰ আধা ফৈদে কনান দেশৰ চীলোত থকা ইস্ৰায়েল লোকসকলৰ পৰা বিদায় লৈ নিজ ঠাইলৈ গ’ল৷ তেওঁলোক মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ আজ্ঞা অনুসাৰে পোৱা নিজৰ আধিপত্য লৈ গিলিয়দ দেশলৈ উভতি যাব ধৰিলে।
10. পাছত তেওঁলোক কনান দেশত থকা যৰ্দ্দন নদীৰ অঞ্চল পাওঁতে ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে সেই ঠাইতে যৰ্দ্দনৰ দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে; সেই বেদী দেখিবলৈ বৰ ডাঙৰ আৰু প্ৰসিদ্ধ আছিল।
11. এতিয়া ইস্ৰায়েলৰ সন্তান সকলে এই বিষয়ে শুনি ক’লে যে, “চোৱা! ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে কনান দেশৰ সন্মুখত যৰ্দ্দনৰ অঞ্চলত ইস্ৰায়েলৰ লোকসকলে অধিকাৰ কৰা দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।”
12. ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।
13. পাছত ইস্ৰায়েলৰ লোকসকলে গিলিয়দ দেশলৈ ৰূবেণ ও গাদৰ সন্তান সকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ বাৰ্তাবাহকসকলক পঠিয়ালে৷ আনকি ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচকো পঠিয়ালে
14. আৰু ইস্ৰায়েলৰ প্ৰত্যেক ফৈদৰ পিতৃ-বংশৰ পৰা এজন এজন অধ্যক্ষ এইদৰে দহ জন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইস্ৰায়েলৰ লোকসকলৰ মাজত, নিজ নিজ পিতৃ-বংশৰ মূল মানুহ আছিল।
15. পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
16. “যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্যলঙ্ঘন কৰিলা, ই কি কথা?
17. চিন পিয়োৰ পৰ্বতত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
18. তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
19. আৰু কওঁ, তোমালোকৰ আধিপত্যৰ দেশ যদি অশুচি হয়, তেন্তে যিহোৱাৰ নিয়ম-চন্দুক থকা, যিহোৱাই অধিকাৰ কৰা দেশলৈ পাৰহৈ আহি আমাৰ মাজত আধিপত্য গ্ৰহণ কৰা৷ কেৱল আমাৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ আৰু আমাৰো বিদ্ৰোহী নহ’বাহঁক।
20. জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
21. তেতিয়া ৰূবেণ ও গাদৰ ফৈদ আৰু মনচিৰ আধা ফৈদে ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলক এই উত্তৰ দিলে:
22. “ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
23. আমি যদি যিহোৱাৰ পাছত চলিবলৈ বিমুখ হ’বৰ অৰ্থে বা হোম কি নৈবেদ্য উৎসৰ্গ কৰিবৰ অৰ্থে বা মঙ্গলাৰ্থক বলিদান কৰিবৰ বাবে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলোঁ, তেন্তে যিহোৱাই নিজে তাৰ প্ৰতিশোধ লওঁক।
24. সঁচাকৈ আমি এটা বিশেষ কথাৰ আশঙ্কাতহে ইয়াকে কৰিলোঁ অৰ্থাৎ আগলৈ তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক ক’ব, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰে সৈতে তোমালোকৰ কি সম্পৰ্ক?
25. কিয়নো তোমালোক আৰু আমাৰ মাজত যিহোৱাই যৰ্দ্দনক সীমা কৰি ৰাখিছে৷ হে ৰূবেণৰ সন্তান সকল, হে গাদৰ সন্তান সকল, যিহোৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই, গতিকে তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক যিহোৱাৰ অভয়ৰ পৰাহে এৰুৱাব।
26. এই হেতুকে আমি কলোঁ, ‘আহাঁ আমি এটা বেদী নিৰ্ম্মাণ কৰিবলৈ ধৰোঁহঁক; সেই বেদী হোম বা আন বলিদানৰ অৰ্থে নহ’ব,
27. কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।
28. এই হেতুকে আমি ক’লোঁ, ‘তেওঁলোকে যদি আমাক বা আমাৰ ভাবি-বংশক আগলৈ এনে কথা ক’ব, তেন্তে আমি এই উত্তৰ দিম, চোৱা! আমাৰ ওপৰ পিতৃসকলে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ নমুনা; তেওঁলোকে হোম বা আন বলিদানৰ অৰ্থে নিৰ্ম্মাণ কৰা বেদী নহয়, কিন্তু সেয়ে তোমালোকৰ আৰু আমাৰ মাজত সাক্ষ্য মাত্ৰ।”
29. আমি যে হোম বা নৈবেদ্য বা বলিদানৰ অৰ্থে আমাৰ ঈশ্বৰ যিহোৱাই নিবাস কৰা গৃহৰ আগত থকা তেওঁৰ যজ্ঞবেদিৰ বাহিৰে, আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ বিদ্ৰোহী হ’ব খুজিছোঁ বা যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছোঁ, এনে কথা আমাৰ পৰা দূৰ হওঁক’।”
30. যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধ্যক্ষসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তান সকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।
31. আৰু ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে ৰূবেণ, গাদৰ আৰু মনচিৰ লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ বিৰুদ্ধে যে সেই অপৰাধ কৰা নাই, ইয়াতে আমি আজি জানিলোঁ, যে যিহোৱা আমাৰ মাজত আছে; এতিয়া তোমালোকে ইস্ৰায়েলৰ লোকসকলক যিহোৱাৰ হাতৰ পৰা উদ্ধাৰ কৰিলা।”
32. পাছত ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচে আৰু অধ্যক্ষসকলে ৰূবেণ ও গাদৰ সন্তান সকলৰ পৰা বিদায় হৈ গিলিয়দ দেশৰ পৰা কনান দেশত থকা ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ উলটি আহি তেওঁলোকক বাৰ্ত্তা দিলেহি।
33. ইস্ৰায়েলৰ লোকসকলে এই সুসংবাদ তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে৷ ইস্ৰায়েলৰ লোকসকলে ঈশ্বৰক ধন্যবাদ কৰিলে আৰু ৰূবেণ ও গাদৰ সন্তান সকল থকা দেশৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি বিনষ্ট কৰাৰ কথা পুনৰ নক’লে।
34. পাছত ৰূবেণ ও গাদৰ সন্তান সকলে সেই বেদীৰ নাম “এদ ” ৰাখিলে; কিয়নো তেওঁলোকে ক’লে, “যিহোৱা যে ঈশ্বৰ, এয়ে আমাৰ মাজত সাক্ষী।”

সামসঙ্গীত 46:7-11
7. বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)
8. আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে।
9. তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।
10. যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
11. বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

প্রবচন 14:12-13
12. কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
13. দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।

লূক 13:1-22
1. সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।
2. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?
3. মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
4. চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
5. মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”
6. তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
7. তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’
8. তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
9. পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”
10. এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল।
11. তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
12. যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”
13. তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
14. কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
15. প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?
16. তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”
17. তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷
18. তাৰ পাছত যীচুৱে ক’লে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?
19. ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”
20. তেওঁ আকৌ কলে, “ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম?
21. ঈশ্বৰৰ ৰাজ্য খমীৰৰদৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷”
22. এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ’ল।