A A A A A

যোশুয়া 17:1-18
1. এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷
2. মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷
3. চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখীৰৰ পুত্ৰ, আৰু মাখীৰ মনচিৰ পুত্ৰ আছিল। এওঁৰ কেইজনীমান জীয়েক আছিল; তেওঁৰ জীয়েকসকলৰ নামবোৰ হ’ল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা।
4. তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে।
5. তেতিয়া মনচিক যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাচানত দহ ভাগ দিয়া হ’ল;
6. কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল।
7. মনচিৰ সেই সীমা আচেৰৰ পৰা মিকমথতলৈকে, যি চিখিমৰ পূব দিশে আছিল; পাছত সেই সীমা দক্ষিণ দিশ হৈ, অয়িন-তপ্পুহ-নিবাসীসকলৰ ওচৰলৈকে গ’ল।
8. তপ্পুহ অঞ্চল মনচিৰ অধিকাৰত আছিল যদিও মনচিৰ সীমাত থকা তপ্পুহ নগৰ ইফ্ৰয়িমৰ ফৈদৰ অধিকাৰত আছিল৷
9. সেই সীমা তললৈ কান্না জুৰিত নামি গ’ল৷ সেই জুৰিৰ দক্ষিণ ফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফ্ৰয়িমৰ অধিকাৰত আছিল৷ মনচিৰ সীমা জুৰিৰ উত্তৰ ফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল৷
10. দক্ষিণ ফালে থকা অঞ্চল ইফ্ৰয়িমৰ অধীনত আৰু উত্তৰ ফালৰ অঞ্চলটো মনচিৰ অধীনত আছিল; সমুদ্ৰই তাৰ সীমা আছিল৷ উত্তৰ ফালে আচেৰত আৰু পূব ফালে ইচাখৰত উপনীত হ’ব পৰা ব্যৱস্থা আছিল।
11. ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷
12. তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানীয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল।
13. পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷
14. তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
15. তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷”
16. তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”
17. তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷
18. পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”

যোশুয়া 18:1-28
1. পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷
2. ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷
3. যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?”
4. প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।
5. তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
6. এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম।
7. তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।
8. তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
9. তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
10. তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
11. নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
12. তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
13. তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
14. বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
15. দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
16. পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
17. পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
18. পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
19. সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
20. যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
21. নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
22. বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
23. অব্বীম, পাৰা, অফ্ৰা,
24. কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
25. তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
26. মিস্পী, কফীৰা, মোচা,
27. ৰেকম, যিৰ্পেল, তৰলা,
28. চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷

সামসঙ্গীত 45:6-17
6. ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।
7. তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা; সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।
8. গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে। হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।
9. তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে; তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।
10. হে কন্যা, মন দি কাণ পাতি শুনা; তোমাৰ লোকসকলক তুমি পাহৰি যোৱা; তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।
11. তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব; কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।
12. তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।
13. ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব; তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।
14. নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব; তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।
15. আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব; তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।
16. তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব; লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।
17. মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম; সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।

প্রবচন 14:6-6
6. নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।

লূক 12:1-31
1. এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।”
2. “কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।
3. এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।
4. হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।
5. কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।
6. পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়।
7. কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
8. মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।
9. কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।
10. যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।
11. যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷
12. কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্‌হুর্ত্ততেই তোমালোকক শিকাই দিব।”
13. তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।”
14. কিন্তু যীচুৱে তেওঁক ক’লে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”
15. তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
16. পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।
17. তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’
18. পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।
19. তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
20. কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
21. ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা লোক।”
22. পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।
23. কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।
24. ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!
25. আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
26. এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা?
27. পথাৰৰ কনাৰি ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল।
28. কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!
29. তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।
30. কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।
31. কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।