A A A A A

যোশুয়া 15:1-63
1. দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
2. তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰ ৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
3. অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
4. পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
5. যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
6. এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
7. পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
8. তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
9. পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
10. পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
11. আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
12. পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
13. পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
14. কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
15. পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
16. সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
17. তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
18. সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
19. তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
20. এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
21. ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22. কীনা, দীমোনা, অদাদা,
23. কেদচ, হাচোৰ, যিৎনন,
24. জীফলম, টেলন, বালোৎ৷
25. হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26. অমাম, চমা, মোলাদা,
27. হচৰ-গদ্দা, হিচ্‌মোন বৈৎ-পেলট,
28. হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
29. বালা, ইয়ীম, এচম,
30. ইল্টুলদ, কচীল, হৰ্মা,
31. চিক্লগ, মদ্‌মন্না, চন্‌চন্না,
32. লবায়োৎ, চিল্‌হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33. পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্‌না,
34. জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35. যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36. চাৰয়িম, অদীথয়িম আৰু গদেৰা ৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37. চনান, হদাচা, মিগ্দল-গাদ,
38. দিলিয়ন, মিস্পি, যক্তেল,
39. লাখীচ, বস্কৎ, ইগ্লোন৷
40. কব্বোন, লহমম, কিৎলীচ,
41. গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42. লিব্‌না, এথৰ, আচন,
43. যিপ্তহ, অস্না, নচীব,
44. কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45. ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46. ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্‌দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47. অচ্‌দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48. পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49. দন্না, কিৰিয়ৎ-চন্না,
50. অনাব, ইষ্টিমোৱা, আনীম,
51. গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52. অৰাব, দুমা, ইচিয়ন,
53. যানীম, বৈৎ-তপ্পূহ, অফেকা,
54. হুম্‌টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55. মায়োন, কৰ্মিল, জীফ, যুত্তা,
56. যিজ্ৰিয়েল, যক্‌দিয়াম, জানোহ,
57. কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58. হল্‌হূল, বৈৎ-চুৰ, গদোৰ,
59. মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60. কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61. মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
62. নিব্‌চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
63. কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।

যোশুয়া 16:1-10
1. যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
2. পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
3. তাৰ পৰা এই সীমা তললৈ নামি যফ্‌লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
4. এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
5. নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
6. আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
7. পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
8. আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
9. ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
10. তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।

সামসঙ্গীত 45:1-5
1. মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
2. মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ; তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ; ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।
3. হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা; গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।
4. ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা; তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।
5. তোমাৰ ধনুৰ কাঁড়বোৰ চোকা; ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়; জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;

প্রবচন 14:4-5
4. য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
5. বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।

লূক 11:29-54
29. এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।
30. কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব।
31. দক্ষিণ দেশৰ ৰাণীয়ে মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।
32. মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।
33. কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়।
34. তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়।
35. এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা।
36. এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷”
37. এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল;
38. আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে।
39. তেতিয়া প্ৰভুৱে তেওঁক ক’লে, “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ।
40. হে নির্ব্বোধ সকল! যি জনে বাহিৰফাল নির্মাণ কৰিলে সেই জনে ভিতৰফালো নির্মাণ নকৰিলে নে?
41. ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।
42. কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷
43. হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।
44. হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক।”
45. সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক ক’লে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে।”
46. তেতিয়া যীচুৱে ক’লে, “হায় হায় বিধান পণ্ডিত সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে।
47. হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল।
48. সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে।
49. ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷
50. সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷
51. হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷
52. হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।”
53. যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি,
54. তেওঁ কোৱা কথাৰেই তেওঁক ফান্দত পেলাব বিচাৰিলে৷