A A A A A

যোশুয়া 11:1-23
1. যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্‌চফৰ ৰজা,
2. আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে।
3. তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
4. তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
5. আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।
6. যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্‌ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
7. পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে।
8. যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
9. যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্‌ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
10. সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল।
11. তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
12. যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
13. কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
14. ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
15. যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
16. এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
17. চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
18. যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
19. গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
20. কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
21. সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
22. ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্‌দোদত্‌হে কোনো অৱশিষ্ট থাকিল।
23. এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।

যোশুয়া 12:1-24
1. বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
2. চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
3. আৰু পূব পাৰে কিন্নেৰৎ সাগৰলৈকে আৰু পূব পাৰে বৈৎ-যিচীমোতলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ, অৰাবাত আৰু দক্ষিণে পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল৷
4. ওগ, বাচানৰ ৰজা আছিল। এওঁ ৰফায়ীয়াসকলৰ অৱশিষ্ট থকা বংশত জন্ম হৈ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ীত বাস কৰিছিল৷
5. তেওঁ হৰ্মোণ পৰ্ব্বতত, চলখাত, গচুৰীয়া আৰু মাখাথীয়া সকলৰ সীমালৈকে গোটেই বাচান দেশত আৰু হিচবোনৰ চীহোন ৰজাৰ সীমালৈকে থকা, আধা গিলিয়দ দেশত শাসন কৰিছিল।
6. যিহোৱাৰ দাস মোচিয়ে আৰু ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিহোৱাৰ দাস মোচিয়ে অধিকাৰৰ অৰ্থে সেই দেশ ৰূবেণীয়া ও গাদীয়াসকলক আৰু মনচিৰ আধা ফৈদক দিলে।
7. চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।
8. ইয়াৰ অন্তর্ভুক্ত আছিল, পৰ্ব্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্ব্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল, আৰু নেভেগ। ইয়াতে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকল আছিল।
9. ৰজাসকলৰ মাজত আছিল - যিৰীহোৰ ৰজা, বৈৎএলৰ ওচৰত থকা অয়ৰ ৰজা,
10. যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা,
11. যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা,
12. ইগ্লোনৰ ৰজা, গেজৰৰ ৰজা,
13. দবীৰৰ ৰজা, গেদৰৰ ৰজা,
14. হৰ্মাৰ ৰজা, অৰাদৰ ৰজা,
15. লিব্‌নাৰ ৰজা, অদুল্লমৰ ৰজা,
16. মক্কেদাৰ ৰজা, বৈৎএলৰ ৰজা,
17. তপ্পুহৰ ৰজা, হেফৰৰ ৰজা,
18. অফেকৰ ৰজা, লচাৰোণৰ ৰজা,
19. মাদোনৰ ৰজা, হাচোৰৰ ৰজা,
20. চিম্ৰোণ-মৰোণৰ ৰজা, অক্‌চফৰ ৰজা,
21. তানকৰ ৰজা, মগিদ্দোৰ ৰজা,
22. কেদচৰ ৰজা, কৰ্মিলত থকা যক্‌নীয়ামৰ ৰজা,
23. দোৰৰ ওখ ঠাইবোৰত থকা দোৰৰ ৰজা, গিলগলত থকা গোয়ীমৰ ৰজা
24. অাৰু তিৰ্চাৰ ৰজা৷ সৰ্ব্বমুঠ একত্ৰিশ জন ৰজা আছিল৷

সামসঙ্গীত 44:4-19
4. তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
5. আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
6. মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
7. কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8. ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
9. কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
10. শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11. তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12. তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13. ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14. অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15. ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16. মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17. আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18. তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19. তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।

প্রবচন 14:1-2
1. জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
2. যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।

লূক 10:25-42
25. ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”
26. তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”
27. তেওঁ উত্তৰ দি ক’লে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
28. তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”
29. কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
30. তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।
31. এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
32. সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।
33. কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
34. তেওঁ মানুহ জনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে।
35. পাছদিনা তেওঁ দুটা দীনাৰী উলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।
36. এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?”
37. তেতিয়া বিধান পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”
38. পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;
39. আৰু তেওঁৰ ভনীয়েক মৰিয়মে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।
40. কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”
41. কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷
42. মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”