A A A A A

দ্বিতীয় বিবরণ 25:1-19
1. যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব;
2. সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব।
3. বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক অাপোনালোকৰ আগত নীহ কৰা হ’ব।
4. শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব।
5. যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব।
6. পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব।
7. কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।”
8. তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,”
9. তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।”
10. ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব।
11. দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে,
12. তেতিয়া অাপোনালোকে তাইৰ হাত কাটি পেলাব; তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব।
13. আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে।
14. আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে।
15. আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব।
16. কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে।
17. আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰক।
18. আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল।
19. এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।

দ্বিতীয় বিবরণ 26:1-19
1. আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব,
2. তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
3. তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
4. তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
5. তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
6. মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে;
7. তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
8. যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
9. তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
10. সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
11. আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
12. প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
13. তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।
14. মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ।
15. হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।”
16. আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
17. আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
18. যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
19. যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।

সামসঙ্গীত 39:7-11
7. “হে প্ৰভু, তেনেহলে মই কিহলৈ অপেক্ষা কৰিম? মোৰ আশা তোমাৰ ওপৰতে।
8. মোৰ সকলো অপৰাধৰ পৰা তুমি মোক উদ্ধাৰ কৰা; বিবেকহীন লোকৰ ওচৰত তুমি মোক ঘৃণাৰ পাত্র নকৰিবা।
9. মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
10. মোৰ ওপৰৰ পৰা তোমাৰ শাস্তি তুমি দূৰ কৰা; তোমাৰ হাতৰ আঘাতত মই প্রায় শেষ হৈ গৈছোঁ।
11. তুমি যেতিয়া অপৰাধৰ কাৰণে মানুহক ধমকি দি শাসন কৰা, তেতিয়া পোকে নষ্ট কৰাৰ দৰে তুমি তেওঁলোকৰ সৌন্দৰ্য্য নষ্ট কৰি দিয়া। বাস্তৱিক সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)

প্রবচন 13:4-6
4. এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
5. সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
6. যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।

লূক 6:1-26
1. এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল।
2. ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”
3. তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
4. তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
5. যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
6. আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
7. বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
8. যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
9. তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
10. তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
11. তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
12. সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
13. পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
14. সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
15. মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
16. যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
17. তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
18. তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
19. তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।
20. পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
21. ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।
22. ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
23. সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।
24. কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
25. হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।
26. যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।