A A A A A

গণনা পুস্তক 15:1-41
1. পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
2. “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত,
3. যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেৰ-ছাগৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,
4. তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।
5. আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।
6. বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা।
7. আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।
8. আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা,
9. তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব।
10. আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।
11. প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক মেৰ-ছাগ পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব।
12. তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা।
13. স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।
14. আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব।
15. সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।
16. তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”
17. পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
18. “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত,
19. তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।
20. তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ ইয়াকো উৎসৰ্গ কৰিবা।
21. তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
22. মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তান সকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল,
23. অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা।
24. তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়ম মতে তাৰ ভক্ষ্য আৰু পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব।
25. আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে।
26. এইদৰে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য ভূলক্ৰমে কৰা হ’ল।
27. আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া মেৰ-ছাগ উৎসৰ্গ কৰিব লাগিব।
28. আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব।
29. ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।
30. কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
31. কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”
32. ইস্ৰায়েলৰ সন্তান সকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে।
33. আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে।
34. আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।
35. পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
36. তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।
37. পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে
38. “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক।
39. তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।
40. কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব।
41. তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”

গণনা পুস্তক 16:1-35
1. পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।
2. ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
3. তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
4. যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল।
5. আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।
6. হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা
7. তোমালোকে আঙঠা-ধৰালৈ, তাত জুই দি কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে যিহোৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ’ব। হে লেবীয়া সন্তান সকল, তোমালোকে নিজকে বৰ বুলি মানিছা।
8. পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তান সকল, মোৰ কথা শুনা:
9. ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
10. তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তান সকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে!
11. সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
12. তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
13. তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
14. কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
15. তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
16. পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
17. তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”
18. পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।
19. আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
20. পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
21. “তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।”
22. তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
23. তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
24. “তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”
25. তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল।
26. তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
27. তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
28. পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
29. আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
30. কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা।
31. পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
32. আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
33. এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল।
34. তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
35. তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।

সামসঙ্গীত 32:1-5
1. ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়।
2. ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে, আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।
3. মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।
4. কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল, মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)
5. তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)

প্রবচন 11:16-18
16. দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
17. দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
18. দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।

মাৰ্ক 11:1-19
1. যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;
2. আৰু তেওঁলোকক এই আদেশ দি ক’লে - “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।
3. কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে ক’বা, ‘প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”
4. তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।
5. এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?”
6. তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।
7. পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল।
8. অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।
9. যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে, ‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
10. আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জন ধন্য! উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
11. এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গ’ল।
12. পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।
13. তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।
14. তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে।
15. পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;
16. তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।
17. তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা’।”
18. এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।
19. আৰু সন্ধিয়া হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।