A A A A A

গণনা পুস্তক 13:1-33
1. তেতিয়া যিহোৱাই মোচিক ক’লে,
2. “মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”
3. তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
4. তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
5. চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
6. যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
7. ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
8. ইফ্ৰয়িম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোচেয়া।
9. বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী।
10. জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল।
11. যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী।
12. দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।
13. আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ।
14. নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী।
15. গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল।
16. এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।
17. কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।
18. আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ।
19. আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা?
20. আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰুৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।
21. তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে।
22. তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।
23. পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
24. ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।
25. চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল।
26. পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
27. আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
28. সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ।
29. দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”
30. পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
31. কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
32. এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
33. আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”

গণনা পুস্তক 14:1-45
1. পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে।
2. আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!
3. যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”
4. পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
5. তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।
6. দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে।
7. ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ।
8. যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।
9. কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
10. কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তান সকলৰ আগত প্ৰকাশিত হ’ল।
11. পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিও, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব?
12. মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”
13. মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।
14. আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
15. এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতি সমূহে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব,
16. ‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।
17. এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তান সকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা,
18. তুমি এই কথা কোৱামতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওঁক।
19. বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
20. তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ।
21. তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়,
22. তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।
23. তেওঁলোকৰ পূৰ্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব,
24. কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব।
25. অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”
26. পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে,
27. “মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।
28. তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম
29. তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
30. মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।
31. কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
32. কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব।
33. আৰু তোমালোকৰ সন্তান সকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব।
34. তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা।
35. মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”
36. পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল,
37. দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল।
38. দেশ চাবলৈ যোৱা সেই লোক সকলৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।
39. মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে।
40. পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”
41. তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সাম্ফল নহ’ব।
42. তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা।
43. কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
44. তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল।
45. তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।

সামসঙ্গীত 31:19-24
19. অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
20. তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
21. যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
22. মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
23. হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।
24. তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।

প্রবচন 11:15-15
15. যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।

মাৰ্ক 10:32-52
32. তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক ক’বলৈ ধৰিলে,
33. “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-ইহুদী সকলৰ হাতত শোধাই দিব৷
34. তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”
35. পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰোঁ।”
36. তেওঁ তেওঁলোকক ক’লে, “মই তোমালোকৰ বাবে কি কৰাতো তোমালোকে ইচ্ছা কৰা?”
37. তেওঁলোকে ক’লে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পায়, এনে অনুমতি দিয়ক।”
38. কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰোঁ, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’ব পাৰিবা নে?”
39. তেওঁলোকে তেওঁক ক’লে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই যি পাত্ৰত পান কৰোঁ, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’বা।
40. কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হ’ব।”
41. আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হ’ব ধৰিলে।
42. যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।
43. কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
44. আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।
45. কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।”
46. তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।
47. সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”
48. তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”
49. তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”
50. তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
51. তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক ক’লে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।”
52. তেতিয়া যীচুৱে তেওঁক ক’লে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।