A A A A A

গণনা পুস্তক 9:1-23
1. ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে,
2. “ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে।
3. এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”
4. তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে।
5. তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।
6. কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল।
7. সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
8. তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”
9. পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে
10. “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।
11. দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব।
12. ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
13. কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।
14. আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
15. আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
16. এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।
17. পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
18. যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।
19. আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।
20. আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।
21. আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
22. দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।
23. যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।

গণনা পুস্তক 10:1-36
1. পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
2. “তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপক পিতাই গঢ়াবা। লোকসকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা।
3. সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব।
4. কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব।
5. আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।
6. আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব।
7. লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা।
8. হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।
9. আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
10. আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
11. পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
12. তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
13. মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।
14. প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল।
15. আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল।
16. আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবূলূন ফৈদৰ সেনাপতি আছিল।
17. পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তান সকলে আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে।
18. তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল।
19. আৰু চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল।
20. আৰু দুৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল।
21. পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোকসকলে আবাস স্থাপন কৰিলে।
22. পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল।
23. আৰু পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচি ফৈদৰ সেনাপতি আছিল।
24. আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।
25. পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল।
26. আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল।
27. আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল।
28. প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে।
29. পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
30. কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”
31. মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুভুমিত মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকুস্বৰূপ হ’বা।
32. আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।”
33. পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল।
34. আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
35. আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।”
36. আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”

সামসঙ্গীত 31:6-14
6. যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7. তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8. তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9. হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
10. মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখ ৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
11. মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
12. মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13. মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14. কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”

প্রবচন 11:7-11
7. দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
8. সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
9. তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
10. যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
11. ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।

মাৰ্ক 9:30-50
30. পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
31. কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
32. কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
33. এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
34. কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
35. তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
36. তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
37. তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
38. তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।”
39. তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
40. কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
41. যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
42. কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।
43. যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
44. যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
45. আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল।
46. কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
47. কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।
48. লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”