A A A A A
एक साल में बाइबल
मार्च 30

দ্বিতীয় বিবরণ 21:1-23
1. আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
2. তেতিয়া আপোনালোকৰ মাজৰ বয়জ্যেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।
3. যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই।
4. পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
5. আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
6. সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
7. আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
8. হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
9. এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
10. যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।
11. আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে,
12. তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
13. বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।
14. পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।
15. যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
16. তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
17. কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
18. কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;
19. সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
20. নগৰৰ বয়জ্যেষ্ঠ লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”
21. তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
22. পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;
23. কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।

দ্বিতীয় বিবরণ 22:1-30
1. আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।
2. যদি আপোনালোকৰ সেই ইস্রায়েলীয়া ভাই ওচৰত নাই, বা সেই ভাই কোন হয় তাক নাজানে, তেন্তে সেই পশুক আপোনালোকে নিজৰ ঘৰলৈ লৈ যাব আৰু সেই ভায়ে বিচাৰি নাহে মানে তাক আপোনালোকৰ ঘৰতে ৰাখি থ’ব; পাছত বিচাৰি আহিলে আপোনালোকে তাক ওলোটাই দিব।
3. আপোনালোকে তেওঁৰ গাধলৈকো একেদৰেই কৰিব; আৰু তেওঁলোকৰ কাপোৰ-কানিলৈকো সেইদৰেই কৰিব; আপোনালোকৰ ইস্রায়েলীয়া সকলৰ হেৰোৱা যিকোনো বস্তু আপোনালোকে পায়, সেই সকলো বিষয়তে আপোনালোকে সেই একেদৰেই কৰিব; আপোনালোকে নিজৰ মতে লুকুৱাই নাৰাখিব।
4. আপোনালোকৰ কোনো ভাইৰ গাধ বা গৰু বাটত পৰি থকা দেখিলে, আপোনালোকে সেইবোৰলৈ অৱহেলা নকৰিব; সেইবোৰক পুনৰাই উঠিবলৈ সহায় কৰিব।
5. পুৰুষৰ অধিকাৰত থকা কোনো পোছাক মহিলাই পৰিধান কৰিব নালাগে, বা পুৰুষেও মহিলাৰ পোছাক পিন্ধিব নালাগে; কিয়নো যি কোনোৱে তেনে কাৰ্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত তেওঁলোক বিতৃষ্ণাজনক।
6. আপোনালোকে বাটৰ কাষত থকা গছত বা মাটিত থকা কোনো চৰাইৰ বাঁহত চৰাইৰ মাকে পোৱালীৰ ওপৰত বা কণীৰ ওপৰত উমনিত বহি থকা যদি দেখা পায়, তেন্তে আপোনালোকে পোৱালিবোৰৰ সৈতে চৰাইজনীক ধৰি লৈ নাযাব।
7. আপোনালোকে পোৱালিবোৰক লৈ যাব পাৰে, কিন্তু মাকক অৱশ্যেই আপোনালোকে এৰি দিব লাগিব। তাতে আপোনালোকৰ উন্নতি হ’ব আৰু আপোনালোকৰ আয়ুস দীঘল হ’ব।
8. ঘৰ নির্ম্মাণ কৰাৰ সময়ত আপোনালোকে ছাদৰ চাৰিওঁফালে বেৰা দিব, যাতে কোনো ঘৰৰ ছাদৰ ওপৰৰ পৰা পৰি কোনো মানুহৰ মৃত্যু হ’লে, সেই ঘৰৰ লোক তাৰ ৰক্তপাতৰ দায়ী নহ’ব।
9. দ্ৰাক্ষাবাৰীত আপোনালোকে দুই জাতৰ বীজ নলগাব; তেনে কৰিলে আপোনালোকে সিচাঁ বীজৰ শস্য আৰু দ্ৰাক্ষাবাৰীৰ ফল উভয়ে অপবিত্ৰ হ’ব।
10. গৰু আৰু গাধ দুয়োকে একজুঁট কৰি হাল নাবাব।
11. ঊল আৰু শণ সুতা মিহলাই বোৱা কাপোৰ নিপিন্ধিব।
12. আপোনালোকৰ গাত লোৱা চাদৰৰ চাৰি কোণা, পকোৱা সুতাৰে দহি বটিব।
13. কোনোলোকে যদি বিয়া কৰি ভার্যাক লৈ শোৱাৰ পাছত তাইক পছন্দ নকৰে
14. আৰু তাইৰ অহিতে অনৰ্থক অপবাদ দি ক’য়, “মই এই মহিলাক বিয়া কৰিলোঁ হয়, কিন্তু তাই যে কুমাৰী ছোৱালী তাইৰ ওচৰত সেই প্রমাণ মই নাপালোঁ।”
15. তেতিয়া সেই ছোৱালীৰ বাপেক-মাকে নগৰৰ দুৱাৰত বৃদ্ধ নেতাসকলৰ ওচৰলৈ তাইৰ সতীত্বৰ প্রমাণ লৈ যাব।
16. ছোৱালীজনীৰ বাপেকে বৃদ্ধ নেতাসকলক ক’ব, “মই এই মানুহৰ সৈতে মোৰ জীক বিয়া দিছিলোঁ কিন্তু তেওঁ তাইক পচন্দ নকৰে।
17. এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলী কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব।
18. পাছত নগৰৰ বৃদ্ধ নেতাসকলে সেই পুৰুষক ধৰি আনি শাস্তি দিব।
19. সেই পুৰুষৰ পৰা তেওঁলোকে জৰিমনা হিচাবে এশ চেকল ৰূপ আদায় কৰি ছোৱালী জনীৰ বাপেকক দিব, কিয়নো সেই মানুহে এগৰাকী ইস্ৰায়েলীয়া কুমাৰীৰ দুৰ্নাম কৰিলে; তাৰ উপৰিও ছোৱালী জনী তেওঁৰ ভার্যা হৈ থাকিব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
20. কিন্তু কথাটো যদি সত্য হয় আৰু ছোৱালীজনীৰ সতীত্বৰ কোনো প্ৰমাণ পোৱা নাযায়,
21. তেন্তে তেওঁলোকে ছোৱালীজনীক নিজৰ বাপেকৰ ঘৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব, আৰু নগৰৰ পুৰুষসকলে তাইক শিল দলিয়াই বধ কৰিব। কিয়নো তাই নিজৰ বাপেকৰ ঘৰত থকাৰ সময়ত ব্যভিচাৰ কৰি ইস্ৰায়েলীয়া সকলৰ মাজত ভীষণ ঘৃণণীয় কাম কৰিলে। এইদৰেই ইস্ৰায়েলীয়া সকলৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
22. যদি আন কোনো লোকৰ ভার্যাৰ লগত কোনো পুৰুষে শয়ন কৰোঁতে ধৰা পৰে, তেন্তে মহিলাগৰাকীৰ লগত শয়ন কৰা পুৰুষ আৰু মহিলা দুয়োৰে প্ৰাণ দণ্ড হ’ব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
23. যদি কোনো লোকলৈ বাগদান কৰি কুমাৰী ছোৱালীক আন কোনো মানুহে নগৰৰ মাজত পাই তাইৰ লগত শয়ন কৰে,
24. তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
25. কিন্তু যদি কোনো বাগদত্তা ছোৱালীক পথাৰৰ নির্জন ঠাইত পাই, বলেৰে ধৰি কোনো পুৰুষে তাইৰ লগত শয়ন কৰে, তেন্তে যি পুৰুষে শয়ন কৰে, কেৱল তেওঁৰহে প্ৰাণদণ্ড হ’ব;
26. কিন্তু ছোৱালীজনীক হ’লে আপোনালোকে একো নকৰিব। প্ৰাণদণ্ডৰ যোগ্য কোনো পাপ তাই কৰা নাই; কিয়নো, ই এজনে আন এজনৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰাৰ দৰেই হয়।
27. পুৰুষজনে পথাৰতহে তাইক পালে, সেই বাগদত্তা ছোৱালীজনীয়ে যদিও চিঞঁৰ মাৰিছিল, কিন্তু তাইক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল।
28. বাগদত্তা নোহোৱা এনে কোনো কুমাৰীক যদি কোনো পুৰুষে পাই বলেৰে ধৰি তাইৰ লগত শয়ন কৰে আৰু যদি তেওঁলোক ধৰা পৰে,
29. তেন্তে তাইৰ লগত শয়ন কৰা পুৰুষে ছোৱালীজনীৰ বাপেকক পঞ্চাশ চেকল ৰূপ দিব লাগিব। সেই পুৰুষে তাইক নষ্ট কৰাৰ কাৰণে তায়েই তেওঁৰ ভার্যা হ’ব আৰু তেওঁ জীয়াই থাকে মানে তাইক এৰিব নোৱাৰিব।
30. পুৰুষে বাপেকৰ কোনো ভার্যাকে নিজৰ কৰি গ্ৰহণ নকৰিব; তেওঁ বাপেকৰ বৈবাহিক অধিকাৰৰ আৱৰণ নুগুচাব।

সামসঙ্গীত 38:9-22
9. হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
10. মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
11. মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
12. যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
13. মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।
14. যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
15. হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
16. মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
17. মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
18. মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।
19. যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
20. মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।
21. হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।
22. হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।

প্রবচন 12:26-28
26. সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।
27. এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।
28. যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই।

লূক 5:1-16
1. এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
2. এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
3. তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
4. তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
5. চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।”
6. পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
7. তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল।
8. ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”
9. ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল।
10. চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
11. পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
12. এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
13. তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
14. তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”
15. তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
16. কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।