A A A A A
एक साल में बाइबल
मार्च 27

দ্বিতীয় বিবরণ 15:1-23
1. আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব।
2. সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
3. আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
4. যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
5. যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
6. কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
7. ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
8. কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
9. সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
10. আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
11. কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।
12. যদি তোমাৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা আপোনাৰ হাতত বেচা হয়, আৰু তেওঁ আপোনাক ছয় বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব।
13. মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।
14. আপোনালোকে আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
15. আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
16. কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়,
17. তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব।
18. তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
19. আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।
20. যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব।
21. যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব।
22. আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব।
23. আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।

দ্বিতীয় বিবরণ 16:1-22
1. আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
2. ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
3. মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
4. সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক।
5. ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
6. কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
7. আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।
8. আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
9. তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব।
10. আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।
11. আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
12. আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
13. পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
14. আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
15. যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।
16. ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
17. ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
18. ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
19. আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।
20. তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
21. তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব।
22. আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।

সামসঙ্গীত 37:30-36
30. ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে।
31. তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়।
32. দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে।
33. কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দোষী নকৰিব।
34. যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা।
35. মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ।
36. কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো, তেওঁলোক নোহোৱা হ’ল; মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল।

প্রবচন 12:17-19
17. যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।
18. যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।
19. সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।

লূক 3:1-38
1. তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।
2. হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
3. তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।
4. ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।
5. আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।
6. সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
7. তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?
8. আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।
9. গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”
10. তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”
11. তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”
12. তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”
13. তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”
14. কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”
15. লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।
16. যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।
17. শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
18. এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।
19. ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
20. তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।
21. সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।
22. সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”
23. প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;
24. এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;
25. যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;
26. নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;
27. যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;
28. নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;
29. এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;
30. লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;
31. ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;
32. দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;
33. নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;
34. যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;
35. নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;
36. চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;
37. লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;
38. কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।